গুৱাহাটী, 10 ডিচেম্বৰ : অসম চুক্তিৰ কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান আপ অসমৰ ৷ অসম চুক্তিক অৱহেলা নকৰি, অসম চুক্তিৰ 6 নং দফাকে ধৰি অন্যান্য যি সমূহ দফা এতিয়াও কাৰ্যকৰী হোৱা নাই সেই সমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান আপ অসমৰ ৷ শ্বহীদ দিৱসৰ দিনাই এক ভিডিঅ’ বাৰ্তা যোগে চৰকাৰক এই দাবী জনায় আপ অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই ৷
অনুৰূপা ডেকাৰজাই কয় যে, "আজি 10 ডিচেম্বৰ, শ্বহীদ দিৱস ৷ আজিৰ এই দিনটোতে অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে শ্বহীদ বৰণ কৰিছিল ৷ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতেই অসম আন্দোলনত শ্বহীদ বৰণ কৰা 855 গৰাকী শ্বহীদক আজিৰ দিনটোত আম আদমী অসমৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছোঁ ৷"
আপ অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই লগতে কয় যে, "1985 চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসম চুক্তি স্বাক্ষৰিত হৈছিল ৷ অসম চুক্তিত যি 6 নং দফা কাৰ্যকৰী কৰাৰ কথা কোৱা হৈছিল, সেই 6 নং দফা আজি পৰ্যন্ত কাৰ্যকৰী কৰা নহ’ল ৷ 6 নং দফাত প্ৰকৃত অসমীয়াৰ সংজ্ঞা নিৰূপণৰ উল্লেখ আছিল ৷ এই সন্দৰ্ভত বিপ্লব কুমাৰ শৰ্মা আয়োগে যি প্ৰতিবেদন দাখিল কৰিছিল সেয়া আজি পৰ্যন্ত ৰাজহুৱা কৰা নহ'ল ৷ গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন কৰিম বুলি দিয়া আশ্বাসৰ পিছতো আজি পৰ্যন্ত 6 নং দফা কাৰ্যকৰী নহ'ল ৷"
গতিকে ঐতিহাসিক অসম চুক্তিক এনেদৰে অৱহেলা নকৰি, চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক দাবী জনায় আপ অসমৰ মুখপাত্ৰগৰাকীয়ে ৷ শ্বহীদ দিৱস উপলক্ষে গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা চৰকাৰক এই দাবী জনালে আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই ৷
লগতে পঢ়ক : ডিগবৈত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন