গুৱাহাটী, ১০ ছেপ্টেম্বৰ: ভিক্টৰ দাসৰ খবৰ ল'বলৈ পানবজাৰ আৰক্ষী থানাত(Panbazar Police Station) আপৰ প্ৰতিনিধি ৷ আপৰ প্ৰতিনিধিয়ে কয় যে দুৰ্বলৰ ওপৰত সকলোৱে আক্ৰমণ কৰিব পাৰে । কোনোৱে যাতে আৰু অভিযোগ নকৰে তাৰ বাবে আৰক্ষী-প্ৰশাসনে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে (Victor Das arrested)।
আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে এফালে দুৰ্নীতি দেখিলেই খবৰ দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে, আনফালে অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰাটো গণতন্ত্ৰৰ বাবে ভাবুকি বুলি মন্তব্য কৰে আম আদমি পাৰ্টিয়ে । অপৰাধ অথবা দুৰ্নীতি দেখিলে প্ৰকাশ কৰিবলৈ কোনেও যাতে সাহস নকৰে তাৰ বাবে অৰ্থাৎ এনেধৰণৰ স্বাধীনতা ৰুদ্ধ কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰে আপৰ প্ৰতিনিধিয়ে (AAP Assam on Victor Das arrest)।
অভিযোগ সঁচা নে মিছা প্ৰমাণ কৰা দায়িত্ব আৰক্ষীৰহে বুলি উল্লেখ কৰি জিতুল ডেকাই কয় যে অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ ঘটনাটোত সঁচাকৈয়ে কেৰোণ, বেমেজালি আছিল নেকি বুলি প্ৰশ্ন কৰে আম আদমি পাৰ্টি, অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়কগৰাকীয়ে (AAP Assam coordinator)। পৰৱৰ্তী সময়ত ভিক্টৰ দাসে কি অভিযোগ দিছিল আৰু তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িল সেই কথা স্পষ্ট হ’ব লাগিব বুলি আপৰ প্ৰতিনিধিয়ে মন্তব্য কৰে ।
উল্লেখ্য যে ভিক্টৰ দাস নামৰ এজন যুৱকে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰযোগে অভিযোগ উত্থাপন কৰিছিল (Assam recruitment scam allegation)। প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলা বুলি বিস্ফোৰক মন্তব্য কৰিছিল যুৱকজনে । চাকৰি কিনা-বেচা প্ৰক্ৰিয়াৰ আঁৰত কোনো প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰিছিল ভিক্টৰ দাসে । বিস্ফোৰক টুইটটোৰ পাছতে ভিক্টৰ দাসক আৰক্ষীয়ে সোধাপোছা কৰি পৰৱৰ্তী সময়ত গ্ৰেুপ্তাৰ কৰে ৷
ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিশেষকৈ সামাজিক মাধ্যমত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৷ অভিযোগ উত্থাপনকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক একাংশই তীক্ষ্ণ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক: মাতৃৰ সন্মুখেৰে চোঁচৰাই লৈ যোৱা হ’ল ভিক্টৰ দাসক, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মাতৃয়ে