ETV Bharat / state

AAP press conference: গুৱাহাটীবাসীক পানীযোগানৰ নিশ্চিতিৰ দাবীত আপৰ আন্দোলন ঘোষণা - Gammon Engineers and Contractor Private Limited

খোৱা পানীৰ সমস্যা সমাধানৰ নামত বিজেপি চৰকাৰে (AAP demand of water supply at Guwahati) হেতালি খেলিছে । এই অভিযোগ আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক ডেকাৰ । তেওঁ কয় যে গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰে ব্যয় বহুল আঁচনি হাতত লৈছিল যদিও কার্যক্ষেত্ৰত এটাও পানী যোগান আঁচনি এতিয়ালৈ সম্পূৰ্ণ হৈ উঠা নাই ।

গুৱাহাটীবাসীক পানীযোগানৰ নিশ্চিতিৰ দাবীত আপৰ আন্দোলন ঘোষণা

author img

By

Published : Oct 22, 2022, 10:07 PM IST

গুৱাহাটী , ২২ অক্টোবৰ:গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধানৰ নামত বিজেপি চৰকাৰে হেতালি খেলিছে বুলি অভিযোগ কৰিছে আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক (AAP Assam State Joint Coordinator) জিতুল ডেকাই । শণিবাৰে গণেশগুৰিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক ডেকাই এই অভিযোগ কৰি কয় যে গুৱাহাটীবাসীক খোৱা পানী যোগানৰ নামত চৰকাৰে আৰম্ভ কৰা তিনিটা পানী যোগান প্রকল্পৰ আটাইকেইটাই অসম্পূর্ণ ।

তেওঁ কয় যে গুৱাহাটীৰ কাষেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ । ব্ৰহ্মপুত্ৰৰ বোৱতী সোঁতৰ দৰেই শ শ কোটি কোটি টকা প্রকল্প কেইটাৰ নামত বোৱাই দিছে চৰকাৰে । তেওঁ পুনৰ কয় যে দক্ষিণ পশ্চিম পানী যোগান আঁচনি (South West Water Supply Scheme), দক্ষিণ কেন্দ্রীয় পানী যোগান আঁচনি, দক্ষিণ পূব পানী যোগান আঁচনি নামেৰে গুৱাহাটীবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে চৰকাৰে ব্যয় বহুল আঁচনি হাতত লৈছিল যদিও কার্যক্ষেত্ৰত এটাও পানী যোগান আঁচনি এতিয়ালৈ সম্পূৰ্ণ হৈ উঠা নাই ।

গুৱাহাটীবাসীক পানীযোগান নিশ্চিতৰ দাবীত আপৰ আন্দোলন

আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক (Allegation of scam in water supply) ডেকাই পুনৰ কয় যে ইয়াৰে গুৱাহাটী দক্ষিণ পশ্চিম পানী যোগান আচঁনিত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী । JNNURM ৰ আঁচনিৰ অধীনত জি এম ডি এ গেমনক ২০০৯ চনৰ ৩ মাৰ্চথ এই আঁচনি ৰূপায়ণৰ কাম আবন্টন দিছিল । দক্ষিণ পশ্চিম গুৱাহাটীৰ প্ৰায় ৪.৪৫ লাখ লোকক খোৱা পানী যোগান ধৰিবৰ বাবে এই কাম দিয়া হৈছিল গেমনক । তেতিয়াৰ পৰা ১৩ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল এই পানী যোগান আঁচনি । কিন্তু এই অসম্পূর্ণ আঁচনিৰ বাবদ গেমন ইঞ্জিনীয়ৰছ এণ্ড কনট্ৰেক্টৰ প্রাইভেট লিমিটেডক (Gammon Engineers and Contractor Private Limited) চৰকাৰে আদায় দিলে ৩৭৭.৮৪ কোটি টকা ।

তেওঁ উল্লেখ কৰে যে এই অসম্পূর্ণ প্রকল্পটো ২০২০ চনৰ নৱেম্বৰ মাহত আংশিক ভাবে উদ্বোধন কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে (Sarbananda Sonowal) । আংশিক ভাবে উদ্বোধন কৰি যি কেইটা অঞ্চলত এই আঁচনিৰ পৰা খোৱা পানী যোগান ধৰা হ'ব বুলি ঘোষণা কৰিছিল সেই অঞ্চল সমূহতো ৰাইজে এতিয়া পোৱা নাই খোৱা পানী । এই আঁচনিৰ মতে পানী যোগানৰ বাবে মুঠ ৪২১.৮৯ কি.মি. পাইপ বহুবাব লাগিছিল যদিও এতিয়ালৈ ৫৮.৫৬ কি.মি. পাইপ বহুৱাবলৈ বাকী থাকিল । তদুপৰি এতিয়ালৈ ৪৯.৩০২কি.মি. পাইপ বিভিন্ন কাৰণত ফাটিছে বা বেয়া হৈছে যি সমূহ পুনঃ নিৰ্মাণ কৰিবলৈ এতিয়াও বাকী আছে । তাৰ পিছতো গেমনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা, ক্ষতিপূৰণ বিচৰা বা প্রতিস্থানটোক ব্লেকলিষ্টেড কৰাৰ দৰে কঠোৰ ব্যৱস্থ গ্ৰহণ নকৰিলে চৰকাৰে ।

এই অভিযোগ কৰি কয় যে যোৱা ৮আগষ্ট চৰকাৰে গেমনক অতি ৰহস্যজনক ভাবে এই কামৰ পৰা আঁতৰাই দায়িত্ব সামৰে । এই সমগ্ৰ প্ৰক্ৰিয়াটোত বৃহৎ কমিছনৰ অংক লুকাই আছে বুলি অভিযোগ কৰে আপ অগমে । তেওঁ বি জে পি চৰকাৰে গেমনক ৰেহাই দিয়া কাৰ্যৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে গুৱাহাটীবাসীক পানী যোগানৰ নামত সংঘটিত এনে কেলেংকাৰী তথা পানীযোগান নিশ্চিত কৰাৰ দাবীত আপ, অসমে অহা ১ নৱেম্বৰৰ পৰা গুৱাহাটীত আন্দোলন আৰম্ভ কৰিব বুলি তেওঁ সদৰি কৰে ।

উক্ত সংবাদ মেলত যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুৱে, মিডিয়া সমন্বয়ক জয়ন্ত কলিতা আৰু সহ সাংগঠনিক সম্পাদক দীপাংকৰ কলিতাও উপস্থিত থাকে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে লিপষ্টিক লগাই হৰ্ডিং লগাইছে, নবৌহঁতৰ লিপষ্টিক কিনিবলৈ পইচা নাই : ভূপেন বৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.