ETV Bharat / state

ৰাজ্যজুৰি আমছুৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : May 31, 2019, 9:10 PM IST

Updated : May 31, 2019, 11:54 PM IST

ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়াক ডিটেনচন কেম্পলৈ প্ৰেৰণৰ বিৰোধিতাৰে শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

ৰাজ্যজুৰি আমছুৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেক্স,৩১ মে' : ভাৰতীয় সেনা বাহিনীৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত এগৰাকী অৱসৰ প্ৰাপ্ত বিষয়া তথা অসম আৰক্ষীৰ সীমান্ত শাখাৰ কৰ্মৰত বিষয়া সোনা উল্লাহক বুধবাৰে আটক কৰি গোৱালপাৰা ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে । গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে অসমৰ ৰাজপথ ।

ৰাজ্যজুৰি আমছুৰ তীব্ৰ প্ৰতিবাদ

ৰাজ্যখনৰ দৰং,বিলাসীপাৰা,লখিমপুৰ,বটদ্ৰৱা,জাগীৰোড,নলবাৰী, গোলাঘাট, গোৱালপাৰা,সৰুপথাৰৰ লগতে জিলাই জিলাই বিভিন্ন স্থানত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । বিষয়াগৰাকীৰ লগতে বৈধ ভাৰতীয় নাগৰিকসকলক বিনাচৰ্তে মুক্তি প্ৰদান কৰাৰ দাবী তোলে সংগঠনটোৱে ।

Intro:** ভাৰতীয় সেনা বাহিনীৰ অৱসৰ প্ৰাপ্ত বিষয়াক ডিটেনচন কেম্পলৈ প্ৰেৰণৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ ।
** মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ।Body:ভাৰতীয় সেনা বাহিনীৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত এগৰাকী অৱসৰ প্ৰাপ্ত বিষয়া তথা অসম আৰক্ষীৰ সীমান্ত শাখাৰ কৰ্মৰত বিষয়া সোনাউল্লাক বুধবাৰে আটক কৰি গোৱালপাৰা ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে আজি দৰঙৰ ধূলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ।আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদকাৰী সকলে গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে পৰিবেশ ।Conclusion:প্ৰতিবাদ সাব্যস্ত কৰি অৱসৰ প্ৰাপ্ত সেনা বিষয়া গৰাকীক অতিশীঘ্ৰে মুক্তি কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনায় আমছুৱে । ।

আব্দুল হাকিম
দলগাও ।
Last Updated : May 31, 2019, 11:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.