ETV Bharat / state

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ

author img

By

Published : Oct 29, 2019, 9:33 PM IST

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক বিভিন্ন মহলে আদৰণি জনাইছে যদিও চৰকাৰৰ এই সিদ্ধান্তই গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি ৷ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্ঠা আজিজুৰ ৰহমানে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে, ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সঠিক সিদ্ধান্ত যদিও ইয়াকে লৈ কিছুমানে নিজৰ লাভৰ বাবে ৰাজনীতি কৰি আছে ৷

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ

গুৱাহাটী, 29 অক্টোবৰঃ ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ৷ ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে দুটাতকৈ অধিক সন্তান থকা ব্যক্তি সকলে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব ৷ চৰকাৰৰ এই সিদ্ধান্তক বিভিন্ন মহলে আদৰণি জনাইছে যদিও চৰকাৰৰ এই সিদ্ধান্তই গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি ৷

আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আজিজুৰ ৰহমানে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে, ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সঠিক যদিও ইয়াক লৈ কিছুমানে নিজৰ লাভৰ বাবে ৰাজনীতি কৰি আছে ৷ তেখেতে লগতে কয় যে, জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণযোগ্য যদিও কেৱল অইন প্ৰণয়ন কৰি বা চৰকাৰী আঁচনিৰ পৰা ৰাইজক বঞ্চিত কৰাৰ ভয় দেখুৱাই জনসংখ্যা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় ৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত সঠিক ভাৱে শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰাৰ লগতে দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল

আনহাতে, আমছুৰ উপদেষ্টা গৰাকীয়ে ভূমিহীন লোকক চৰকাৰে তিনি বিঘাকৈ ভূমি প্ৰদান কৰাৰ লগতে যিসকল লোকৰ নাম প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ পোৱাৰ পিয়লৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু ঘৰ নিৰ্মাণ কৰিবলৈ নিজৰ ভূমি নাই তেনে লোকক ৫০ হাজাৰ টকা ভূমি ক্ৰয় কৰিবলৈ প্ৰদান কৰিব বুলি লোৱা সিদ্ধান্তক এক উল্লেখযোগ্য আৰু আদৰণীয় পদক্ষেপ বুলি স্বীকাৰ কৰে ৷ কিন্তু এই সুবিধা অকল খিলঞ্জীয়া লোক সকলে লাভ কৰিব বুলি কৰা মন্তব্যত প্ৰকৃত খিলঞ্জীয়াৰ পৰিচয় বিছাৰি চৰকাৰক সমালোচনা কৰে ৷

Intro:ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ। চৰকাৰে জনসংখ্যা নীতি সঠিক ভাৱে পৰিচালনা কৰিবলৈ হ'লে ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত শিক্ষাৰ বিস্তাৰৰ লগতে দৰিদ্ৰতা দুৰিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

Body:ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে দুটাতকৈ অধিক সন্তান থকা ব্যক্তি সকলে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব। দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে চৰকৱৰী চাকৰি লাভ কৰিব নোৱাৰিব বুলি চৰকাৰৰ এই সিদ্ধান্তক বিভিন্ন মহলে আদৰণি জনাইছে যদিও ৰাজনৈতিক মহলত চৰকাৰৰ এই সিদ্ধান্তই গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্ঠা আজিজুৰ ৰহমানে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত আদৰণি জনাই কয় যে ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সঠিক সিদ্ধান্ত যদিও ইয়াকে লৈ কিছুমানে নিজৰ লাভৰ বাবে ৰাজনীতি কৰি আছে। ৰাহমনে চৰকাৰে জন্ম নিয়ন্ত্ৰণ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণযোগ্য যদিও কেৱল অইন প্ৰণয়ন কৰি বা চৰকাৰী আঁচনিৰ পৰা ৰাইজক বঞ্চিত কৰাৰ ভয় দেখুৱাই জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰে, জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ৰাজ্যৰ পিছপৰা অঞ্চল সুমত সঠিক ভাৱে শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰাৰ লগতে দৰিদ্ৰতা দুৰিকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে। চৰকাৰে দুটাতকৈ অধিক সন্তান থকা ব্যক্তিক চৰকাৰী চাকৰিৰ অথবা পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব নিদিবলৈ লোৱা সিদ্ধান্তৰ সমান্তৰালকৈ ৰাজ্যৰ অতিকৈ অনগ্ৰসৰ জাতি-জনগোষ্ঠীৰ লোকৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ উপৰি অৰ্থ-সামাজিক উন্নয়নৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলে স্বতঃস্ফূৰ্তভাৱে জনসংখ্যা নিয়ন্ত্ৰণ হ'ব বুলিও মন্তব্য কৰে।

বাইট : আজিজুৰ ৰহমান, উপদেষ্ঠা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন

Conclusion:আমছুৰ উপদেষ্ঠা গৰচকীয়ে ভূমিহীন লোকক চৰকাৰে তিনি বিঘাকৈ ভূমি প্ৰদান কৰাৰ লগতে যিসকল লোকৰ নাম প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ পোৱাৰ পিয়লৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু ঘৰ নিৰ্মাণ কৰিবলৈ নিজৰ ভূমি নাই তেনে লোকক ৫০ হাজাৰ টকা ভূমি ক্ৰয় কৰিবলৈ প্ৰদান কৰিব বুলি লোৱা সিদ্ধান্তক এক উল্লেখযোগ্য আৰু আদৰণীয় পদক্ষেপ বুলি কয় যদিও চৰকাৰে এই সুবিধা অকল খিলঞ্জীয়া লোক সকলে লাভ কৰিব বুলি কৰা মন্তব্যক সমালোচনা কৰি কয় চৰকাৰে প্ৰথম খিলঞ্জীয়া কোন মন্তব্য প্ৰকাশ কৰক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.