ETV Bharat / state

Guwahati Rehab Center: নিচামুক্তি কেন্দ্ৰত কেনেদৰে মৃত্যু হৈছিল নৱজ্যোতিৰ?

author img

By

Published : Jul 13, 2023, 8:50 PM IST

কাহিলিপাৰাস্থিত দক্ষিণ গাৱঁৰ আকাৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুৰ পিচতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ কেনেদৰে মৃত্যু হৈছিল নৱজ্যোতিৰ? পঢ়ক এই প্ৰতিবেদন ...

Aakar rehab center sized
কেনেদৰে মৃত্যু হৈছিল নৱজ্যোতিৰ?
কেনেদৰে মৃত্যু হৈছিল নৱজ্যোতিৰ?

গুৱাহাটী, 13 জুলাই: গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰত বুধবাৰে অস্বাভাৱিকভাৱে মৃত্যু হৈছিল এগৰাকী ব্যক্তিৰ ৷ এই সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল যে যুৱকজনক নিচামুক্তি কেন্দ্ৰত মাৰপিট কৰি হত্যা কৰা হৈছিল ৷

এই অভিযোগৰ পিচতেই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ কাহিলিপাৰাস্থিত দক্ষিণ গাৱঁৰ আকাৰ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক মৃত্যু হোৱা যুৱকজনৰ নাম আছিল নৱজ্যোতি কলিতা ৷

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি 4 দিন পূৰ্বে যুৱকজনক লৈ অনা হৈছিল কেন্দ্ৰটোলৈ ৷ তাৰ পিচতে নিশা এটা টেবলেট খাবলৈ দিয়া হৈছিল যুৱকজনক ৷ টেবলেটটো খোৱাৰ পিচতেই পুৱা কপঁনি উঠিছিল যুৱকজনৰ ৷ তাৰ প্ৰায় আধা ঘণ্টাৰ পিচতে মৃত্য হৈছিল যুৱকজনৰ ৷ ইফালে যুৱকজনক কি টেবলেট খুৱাইছিল সেয়া আনকি কেন্দ্ৰটোৰ কৰ্মীও নাজানে ৷ এই টেবলেটটো খোৱাৰ পিচত অচেতন হৈ পৰিছিল যুৱকজন ৷ সংজ্ঞাহীন পৰি থকা যুৱকজনক বহুসময়ৰ পিচত লৈ যোৱা হৈছিল এখন ব্যক্তিগত হাস্পতাললৈ ৷ কিন্তু হাস্পতাল নাপাওঁতেই আধা বাটতে মৃত্যুক আকোঁৱালি লয় যুৱকজনে ৷

আনহাতে এই ঘটনাৰ পিচতেই নিচামুক্তি কেন্দ্ৰটোত এণ্টি ড্ৰাগছ এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ উপাধ্যক্ষ জিতু বৰগোহাঁইয়ে উপস্থিত হৈ কেন্দ্ৰটো পৰ্যবেক্ষণ কৰে ৷ তেওঁ সংবাদমাধ্যমক জনায় যে, আকাৰ নিচামুক্তি কেন্দ্ৰত পৰ্যাপ্ত সা-সুবিধা নাছিল ৷ অবৈধভাৱে খোলা হৈছিল এই নিচা মুক্তি কেন্দ্ৰটো ৷ পৌৰ নিগমৰ অনুজ্ঞাপত্ৰও লোৱা নাছিল কেন্দ্ৰটোৱে ৷ ইয়াৰ লগতে ডাক্তৰ, নাৰ্ছ আদিও নাছিল কেন্দ্ৰটোত ৷ নিজাববীয়াকৈ counseling কৰি আহিছিল আকাৰৰ স্বত্বাধিকাৰীয়ে ৷ আনহাতে কেন্দ্ৰটোৰ বাথৰুমতো পৰ্যাপ্ত সুবিধা নাছিল ৷

কেন্দ্ৰটোত ভৰ্তি হোৱা প্ৰতিজনৰ পৰা মাহত 15 হাজাৰকৈ টকা মাচুল লোৱা লৈছিল ৷ কেন্দ্ৰটোত প্ৰায় 15 গৰাকী লোকে এটা প্ৰস্ৰাৱগাৰকে ব্যৱহাৰ কৰিব লগা হৈছিল ৷ একেদৰে কেন্দ্ৰটোত নাই থকা আৰু শোৱাৰ পৰ্যাপ্ত সুবিধা ৷ তিনিটা সৰু সৰু কোঠাত থাকিবলৈ দিয়া হয় 15 গৰাকী লোকক ৷ নিচামুক্তি কেন্দ্ৰটোৰ এনে কদৰ্য ৰূপ দেখি কেন্দ্ৰটো ছীল কৰা হয় ৷ এই নিচামুক্তি কেন্দ্ৰটো ছীল কৰাৰ পিচতেই ইয়াত থকা অন্য যুৱকসকলক বেলেগ নিচামুক্তি কেন্দ্ৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷

স্মৰ্তব্য যে বিগত ফেব্ৰুৱাৰী মাহত মহানগৰীৰ এটা নিচামুক্তি কেন্দ্ৰত এজন যুৱকক তেওঁৰেই সহযোগীয়ে ছুৰীকাঘাত কৰি হত্যা কৰিছিল ৷ ইফালে মন্ত্ৰী পীযুষ হাজৰীকাই নিচামুক্তি কেন্দ্ৰসমূহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও বহু কেন্দ্ৰ নীতি বৰ্হিভূতভাৱে চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: Guwahati Rehab Center: কাহিলিপাৰাৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.