ETV Bharat / state

Wall Painting in Guwahati: হাতত ৰং-তুলিকা লৈ মলিয়ন দেৱাল ৰঙীন কৰাত ব্যস্ত এদল ছাত্ৰী - ডিব্ৰুগড়ত G20 সন্মীলনী

হাতে-হাতে ৰং-তুলিকা লৈ মহানগৰাত ব্যস্ত হৈ পৰিছে কেইগৰাকীমান ছাত্ৰী (Wall painting by Girl in Guwahati)৷ মলিয়ন দেৱাল ৰঙীন কৰাত ব্যস্ত হৈ পৰিছে তেওঁলোক ৷ আলহীক স্বাগতম জনোৱাৰ বাবে চৰকাৰৰ লগতে ব্যস্ত হৈ পৰিছে তেওঁলোকো ৷

Wall Painting in Guwahati
মলিয়ন দেৱাল ৰঙীন কৰাত ব্যস্ত এদল ছাত্ৰী
author img

By

Published : Jan 25, 2023, 8:25 PM IST

মলিয়ন দেৱাল ৰঙীন কৰাত ব্যস্ত এদল ছাত্ৰী

গুৱাহাটী, ২৫ জানুৱাৰী : প্ৰীতি, ছোনিয়া, লীনা, গৰিমাহঁতৰ এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ খানাপাৰা, ভৰলুমুখ, জালুকবাৰীত ৰং সনাত ব্যস্ত হৈ পৰিছে তেওঁলোক ৷ বিদেশী আলহীক আদৰিবলৈ সাজু হোৱা অসমীয়াৰ অন্যতম সহযোগী হৈ পৰিছে তেওঁলোক ৷ হাতে-হাতে ৰং লৈ মহানগৰীৰ দেৱাল চকুত লগা কৰিবলৈ বিগত প্ৰায় 9 দিনে কষ্ট কৰিছে প্ৰীতিহঁতৰ দলটোৱে (Wall painting by Girl in Guwahati)৷

ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব G20 সন্মিলন ৷ গুৱাহাটী আৰু ডিব্ৰুগড়ত G20 সন্মিলনৰ প্ৰায় 9 খন বৈঠক অনুষ্ঠিত হ’ব (G20 summit in Guwahati)৷ সেয়েহে সমগ্ৰ গুৱাহাটীখন আটকধুনীয়াকৈ সজাই তোলাৰ বাবে দিনে-ৰাতিয়ে ব্যস্ত পৰিছে চৰকাৰ ৷ সমান্তৰালকৈ হাতত ৰং লৈ কেইগৰাকীমান যুৱতীক পুৱাৰ পৰা গধূলিলৈকে মহানগৰীৰ ৰাজপথত ব্যস্ত হৈ পৰা দেখা গৈছে ৷

মহানগৰীৰ দেৱালসমূহ আকৰ্ষণীয় কৰিবলৈ চেষ্টা চলোৱা যুৱতীকেইগৰাকী চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ (Government College Of Art and Crafts Guwahati) ছাত্ৰী ৷ মহাবিদ্যালয়খনৰ ছাত্ৰী প্ৰীতি সিনহা, ছোনিয়া বড়ো, লীনা বড়ো, গৰিমা ডেকা নামৰ ছাত্ৰী কেইগৰাকীয়ে মহানগৰীৰ দেৱাল অংকণত ব্যস্ত হৈ পৰিছে ৷ G২০ সন্মিলনক লৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক ন-কইনাৰ ৰূপেৰে সজোৱাত ব্যস্ত হৈ পৰা প্ৰশাসনক সহায় কৰিছে তেওঁলোকে ৷ কিছুদিন পাছতেই নতুন ৰূপত জিলিকি উঠিব ৰাজধানী মহানগৰী গুৱাহাটী ৷

গুৱাহাটীৰ পদপথ, ডিভাইডাৰ, উৰণীয়া সেঁতু আদিত দিনে-নিশাই চলিছে ৰংসনা কাম ৷ একেদৰে গুৱাহাটীৰ ৰাজপথৰ শোভাবৰ্ধন কৰাৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে শ-শ শ্ৰমিক ৷ তাৰ সমান্তৰালভাৱে বিভিন্ন স্থানৰ দেৱালসমূহত অংকণ কৰাত ব্যস্ত হৈ পৰিছে একাংশ যুৱক-যুৱতী । মহানগৰীৰ খানাপৰা, ভূতনাথ, ভৰলুমুখ, জালুকবাৰী, বি বৰুৱা পথ, গুৱাহাটী ক্লাৱ আদি স্থানৰ দেৱাল অংকণত ব্যস্ত হৈ পৰিছে তেওঁলোক ৷

উল্লেখ্য যে, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত প্ৰায় ৯ টা দলে গুৱাহাটীৰ বিভিন্ন স্থানত পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ দেৱালসমূহত ৰং বিৰঙী চিত্ৰ অংকণ কৰিছে ৷ Xoza নামৰ ৱাল পেইণ্টিং গোটৰ দুটা দলে মহানগৰীৰ দেৱাল অংকণত ব্যস্ত হৈ পৰিছে ৷ য’ত এটা দলত ছাত্ৰীসকলে দেৱাল অংকণ কৰিছে ৷

ছাত্ৰীকেইগৰাকীয়ে কয় যে এক নতুন অভিজ্ঞতা হৈছে তেওঁলোকৰ ৷ সেয়ে যথেষ্ট গৌৰৱ অনুভৱ কৰিছে ছাত্ৰীকেইগৰাকীয়ে ৷ লগতে তেওঁলোকে কয়- ‘‘ল’ৰা-ছোৱালী বুলি ভেদাভেদ নাৰাখি আমাক দেৱাল অংকণ কৰিবলৈ সুবিধা দিছে । আমাৰ ওপৰত বিশ্বাস ৰাখিছে । বহুত কষ্ট কৰি দেৱাল অংকণ কৰি থৈ যাওঁ, কিন্তু পাছদিনা পিকাই থৈ যোৱা দেখিলে দুখ লাগে’’৷

উল্লেখ্য যে, অহা ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব জি-২০ ৰাষ্ট্ৰীয় সন্মিলন ৷ এই সন্মিলনৰ চাৰিখন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ৷ জানিব পৰা মতে, গুৱাহাটীত অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত প্ৰথমখন; ৮ ফেব্ৰুৱাৰীত দ্বিতীয়খন; ১৩, ১৪ আৰু ১৫ মাৰ্চত তৃতীয়খন; ২৪, ২৫ মাৰ্চত ডিব্ৰুগড়ত চতুর্থখন আৰু ৩, ৪ আৰু ৫ এপ্ৰিলত সন্মিলনৰ পঞ্চমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হ'ব । ইতিমধ্যে জনতা ভৱনৰ সন্মুখত বিশ্বৰ কুৰিখন দেশৰ পতাকা সংস্থাপন কৰা হৈছে ৷

লগতে পঢ়ক : Birds Bonding With Human : তিনিচুকীয়াত পৰিয়ালৰ সদস্য হৈ পৰিছে দুটা ধনেশ পক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.