গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : পুনৰ উৎকোচৰ ঘটনা । এইবাৰ ১৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ এগৰাকী জ্যেষ্ঠ সহায়িকা । উৎকোচ লৈ থকাৰ সময়তে বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে দিশপুৰৰ জনতা ভৱনৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ সহায়িকাক হাতে-লোটে গ্ৰেপ্তাৰ কৰে (A senior assistant of agriculture department arrests) ।
দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা জনৈক দাস মেহতাক । কৰ্মচাৰী গৰাকীয়ে গুৱাহাটীৰ নিজ বাসগৃহত এগৰাকী মহিলাৰ পৰা ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ এগৰাকী মহিলাক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাৰ বিনিময়ত ১ লাখ টকা বিচাৰিছিল ।
যিগৰাকী মহিলাৰ পৰা দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ থকা কৰ্মচাৰী গৰাকীয়ে ১ লাখ টকা বিচাৰিছিল সেই গৰাকী মহিলাৰ স্বামী কৃষি বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ।
স্বামীৰ মৃত্যুৰ পাছত মহিলাগৰাকীৰ পৰা অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত তেওঁক ১ লাখ টকা বিচাৰিছিল কৰ্মচাৰী গৰাকীয়ে । বৃহস্পতিবাৰে মহিলা গৰাকীয়ে তেওঁক ১৫ হাজাৰ টকা দিবলৈ যোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি এতিয়া জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : এখন তয়াময়া ৰণ: শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰুদ্ৰমূৰ্তি