ETV Bharat / state

বস্তিত শিক্ষাৰ পোহৰ বিলাইছে গুৱাহাটীৰ এজাক যুৱক-যুৱতীয়ে - গুৱাহাটী

যুৱতীগৰাকীয়ে বস্তিৰ এই শিশুসকলৰ পঢ়া-শুনাৰ যত্ন লোৱাৰ লগতে অন্যান্য দিশৰ প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে ৷ প্ৰথমাৱস্থাত অকলেই গ্ৰহণ কৰা এই প্ৰচেষ্টাত বৰ্তমান জুলিক সংগ দিছে আন কেইবাগৰাকীও যুৱক-যুৱতীয়ে ৷

বস্তিৰ শিশুক পোহৰৰ বাট দেখুওৱা জুলি
author img

By

Published : Mar 17, 2019, 6:19 AM IST

গুৱাহাটী, 17 মাৰ্চঃগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাষতে থকা এটা বস্তি ৷ এই বস্তি অঞ্চলটোলৈ প্ৰতিদিনে আহে জুলি কাকতি নামৰ এইগৰাকী কলেজীয়া ছাত্ৰী ৷ দুমাহ পূৰ্বে বস্তিটোলৈ আহি শিশুসকলৰ শিক্ষাকলৈ উদ্বিগ্ন হৈ পৰিছিল যুৱতীগৰাকী ৷

বস্তিত শিক্ষাৰ পোহৰ বিলাইছে গুৱাহাটীৰ এজাক যুৱক-যুৱতীয়ে
বস্তিৰ কণমানিহঁতে বিদ্যালয়লৈ যায় যদিও নাছিল শিক্ষাৰ প্ৰতি বিশেষ আগ্ৰহ ৷ সেয়ে নিজৰ ধন খৰচ কৰিয়েই জুলিয়ে গ্ৰহণ কৰিলে কণমানিহঁতক পঢ়োৱাৰ দায়িত্ব ৷ যুৱতীগৰাকীয়ে বস্তিৰ এই শিশুসকলৰ পঢ়া-শুনাৰ যত্ন লোৱাৰ লগতে অন্যান্য দিশৰ প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে ৷প্ৰথমাৱস্থাত অকলেই গ্ৰহণ কৰা এই প্ৰচেষ্টাত বৰ্তমান জুলিক সংগ দিছে আন কেইবাগৰাকীও যুৱক-যুৱতীয়ে ৷ প্ৰতিদিনে তেওঁলোকে 40গৰাকীকৈ শিশুক শিক্ষাদান কৰি আহিছে ৷ পাঠ্যপুথিৰ লগতে গীত-মাত, খেল-ধেমালিৰ জৰিয়তে কণমানিকেইটাৰ শাৰীৰিক-মানসিক বিকাশৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে এইসকল যুৱক-যুৱতী ৷প্ৰথমাৱস্থাত জুলিৰ এই প্ৰচেষ্টাৰ প্ৰতি শিশুহঁতে আগ্ৰহ দেখুওৱা নাছিল যদিও বৰ্তমান জুলীৰ লগতে আন যুৱক-যুৱতীসকলৰ সান্নিধ্যত আনন্দিত কণমানিহঁতো ৷ অধ্যয়নৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বস্তিৰ এই শিশুহঁতে নিজ প্ৰতিভা দেখুৱাবলৈ সুবিধা লাভ কৰিছে ৷কণমানিহঁতক বস্তিৰ সীমাবদ্ধতাৰ পৰা জীৱনৰ সেউজীয়া বাটৰ সন্ধান দিয়া জুলী কাকতিৰ লগতে তেওঁৰ সংগীসকলৰ এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয় ৷ আত্মকেন্দ্ৰিকতাই গ্ৰাস কৰা সমাজখনত জুলিহঁতৰ দৰে যুৱক-যুৱতী হৈ উঠক সকলোৰে বাবে আদৰ্শ ৷

Intro:Opening PTC:

এজাক শিশুৰ মাজত এগৰাকী কলেজীয়া যুৱতী। যুৱতী গৰাকীয়ে বস্তি অঞ্চলত বসবাস কৰা শিশু সকলক জীৱনৰ অৰ্থ বুজাবলৈ চলাইছে এক প্ৰচেষ্টা। প্ৰতিদিনে এই যুৱতী গৰাকীক দেখিবলৈ পোৱা যায় বস্তি অঞ্চলৰ এজাক শিশুৰ মাজত।

Body:জুলি কাকতি মহানগৰীৰ এখন মহাবিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ ছত্ৰী। দুমাহ পূৰ্বে জুলি কাকতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাষত থকা এই বস্তি অঞ্চললৈ আহি এই অঞ্চলত বসবাস কৰা শিশু সকলক প্ৰত্যক্ষ কৰিছিল এক লক্ষহীন আৰু আন্ধাৰ জীৱনৰ প্ৰতি আগুৱাই যোৱা। প্ৰতিদিনে এই অঞ্চলৰ শিশু সকল বিদ্যালয়লৈ যায় যদিও এই শিশু সকলৰ শৈক্ষিক মানদণ্ডৰ অতি নিম্ন পৰ্যায়ৰ দেখি জুলি দুমাহ পূৰ্বে আগুৱাই আহিছিল এই শিশু সকলৰ শৈক্ষিক মানদণ্ডৰ হাৰ উন্নত কৰাৰ বাবে। জুলিয়ে এই শিশু সকলক শিক্ষাৰ পোহৰেৰে উজ্বলাই তুলিবলৈ হাতত ললে এক ব্যতিক্ৰম পন্থা। এগৰাকী ছাত্ৰী হিচাপে জুলিয়ে নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ প্ৰতিযোগিতাৰ লগতে এই শিশু সকলৰ ভৱিষ্যতও উজ্বল কৰি তুলিবলৈ আৰম্ভ কৰিলে এক অভিযান।

বাইট ১: জুলি কাকতি

জুলিয়ে এই বস্তি অঞ্চলৰ শিশু সকলৰ শৈক্ষিক মানদণ্ড উন্নয়নৰ উদ্দেশ্যে বস্তিৰ শিশু সকলক বিনামূলীয়ালৈ শিক্ষা প্ৰদান আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত এই শিশু সকলৰ পৰা সঁহাৰি লাভ কৰা নাছিল যদিও এই শিশু সকলক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জুলিয়ে শিশু সকলৰ মাজত অনুষ্ঠিত কৰিছিল নৃত্য প্ৰতিযোগিতাৰ লগতে শিশু সকলক আকৰ্ষিত কৰিব পৰা বিভিন্ন প্ৰতিযোগিতা। জুলিয়ে নিজৰ পকেটৰ পইচাৰে এই শিশু সকলক প্ৰদান কৰিছিল বিভিন্ন সুবিধা। জুলিৰ দুমহীয়া প্ৰচেষ্টাৰ ফলত বৰ্তমান ৪০ গৰাকীকৈ শিশু প্ৰতিদিনে জুলিৰ ওচৰলৈ আহে শিক্ষা গ্ৰহণ কৰিবলৈ।

বাইট ২: জুলি কাকতি

জুলিৰ এই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই বৰ্তমান জুলিৰ কেইবাগৰাকী বন্ধু-বান্ধনী প্ৰতিদিনে এই বস্তি অঞ্চলৰ শিশু সকলক বিনামূলীয়াকৈ বিভিন্ন শিক্ষা প্ৰদান কৰিবলৈ আহে। জুলিৰ লগত জড়িত এই ছাত্ৰ-ছাত্ৰী সকলে অসমৰ প্ৰতিটো জিলাতে থকা বিভিন্ন বস্তি অঞ্চলত থকা শিশু সকলৰ উন্নয়নৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। অতি শীঘ্ৰে তেজপুৰ জিলাৰ এক বস্তিৰ শিশু সকলৰ উন্নয়নৰ বাবে অনুৰূপ ধৰণৰ ব্যৱস্থা কৰিব জুলিয়ে।

বাইট ৩: জুলি কাকতি

Conclusion:জ্ঞান বিলালেই জ্ঞানৰ বৃদ্ধি হয়। জুলিৰ এই পদক্ষেপে এফালে এই বস্তিৰ শিশু সকলক লাভবান কৰিছে আৰু আনফালে এই বস্তিলৈ আহি জুলিও পৰিচিত হৈছে জীৱনৰ কিছু বাস্তৱিকতাৰ লগত।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.