জালুকবাৰী, 22 ফেব্ৰুৱাৰীঃ জালুকবাৰীৰ ৰাজপথত হঠাতে জ্বলি উঠিল এখন ১০৮ জৰুৰীকালীন মৃত্যুঞ্জয় সেৱাৰ বাহন ৷ যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় AS-01FC -7596 নম্বৰৰ এম্বুলেঞ্চখন ৷ অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে এম্বুলেঞ্চখনৰ চালক আৰু সহযোগীসকল ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ৷ এই ঘটনাক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ জালুকবাৰী অঞ্চলত ৷
জালুকবাৰীৰ ৰাজপথত জ্বলি উঠিল এখন চলন্ত এম্বুলেঞ্চ
জালুকবাৰীৰ ৰাজপথত হঠাতে জ্বলি উঠিল এখন ১০৮ জৰুৰীকালীন মৃত্যুঞ্জয় সেৱাৰ বাহন ৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় AS-01FC -7596 নম্বৰৰ এম্বুলেঞ্চখন ৷ যান্ত্ৰিক বিজুতিৰ বাবে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷