ETV Bharat / state

International Yoga Day 2023: মহানগৰীত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

author img

By

Published : Jun 21, 2023, 5:37 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীত যোগ দিৱস পালন । 'বসুধৈৱ কুটুম্বকমৰ বাবে যোগাসন' শ্লোগানেৰে এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ।

International Yoga Day 2023
মহানগৰীত যোগ দিৱস পালন
মহানগৰীত যোগ দিৱস পালন

গুৱাহাটী, ২১ জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । ২০১৫ চনৰ ২১ জুনত প্ৰথমবাৰৰ বাবে বিশ্ববাসীয়ে যোগ দিৱস পালন কৰাৰ পিচতেই এইবাৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । মহানগৰীত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত পালন কৰা হয় যোগ দিৱস । 'বসুধৈৱ কুটুম্বকমৰ বাবে যোগাসন' শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত হয় এই যোগ দিৱস ।

মহানগৰীৰ নেহৰু ষ্টেডিয়াম ,ৰাজভৱন ,কামাখ্যা মন্দিৰকে আদি কৰি বিভিন্ন স্থানত যোগ দিৱস পালন কৰা হয় । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটী নেহৰু ষ্টেডিয়ামতো আয়োজন কৰা হয় যোগ দিৱসৰ । কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগৰ অসম চৰকাৰৰ আয়ুস সঞ্চালকালয়, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় আৰু জিলা স্বাস্থ্য সমিতিৰ সহযোগত আয়োজন কৰা হয় যোগ দিৱসৰ ।

পুৱা ৬ বজাত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হয় । শতাধিক লোকে অংশগ্ৰহণ কৰে দেশভক্ত তৰুণ ৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত আয়োজন কৰা এই যোগ দিৱসত । বন্তি প্ৰজ্বলনেৰে এই দিৱসৰ শুভাৰম্ভণি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । এই অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, মেয়ৰ মৃগেণ শৰণীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি ।

উল্লেখ্য় যে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সকলো দেশকে সংযুক্ত সাধাৰণ পৰিষদত যোগ দিৱস পালন কৰিবলৈ আহ্বান জনোৱাৰ পিচতেই বিষয়টোৱে বিশ্ববাসীৰ মাজত চৰ্চা লাভ কৰে । ইয়াৰ পিচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰস্তাৱ গ্ৰহণ কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তিনি মাহৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰাৰ কথা ঘোষণা কৰে । সেই অনুসৰি ২০১৫ ৰ পৰা পালন হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷

লগতে পঢ়ক:Protest in Sivasagar: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ বাতিল কৰিবলৈ শিৱসাগৰত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.