ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - 9 AM TOP TEN BULLETIN

11 বজাৰ শীৰ্ষ দহটা খবৰ

9 AM TOP TEN BULLETIN
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 9, 2020, 11:01 AM IST

অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ সদ্যোজাত শিশুৰ মৃত্যু

অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি বিভাগত নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত এটি শিশুৰ মৃত্যু হয় ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি কক্ষৰ শিশুসকলক ৰখা আইচিইউত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উদ্বোধন কৰিব 614 কোটি টকাৰ প্ৰকল্প

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বাৰাণসীত বিভিন্ন উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷ যাৰ ভিতৰত কৃষি, পৰ্যটন আৰু আন্তঃগাঁথনি সম্পৰ্কীয় বহুকেইটা প্ৰকল্প আছে ৷ এই প্ৰকল্পবোৰৰ মুঠ ব্যয় 614 কোটি টকা বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে ৷

অসম সীমান্তৰ পৰা পিছুৱাই নোযোৱাৰ হুংকাৰ মিজোৰ

চৰম খাদ্য সংকটত ভুগি থকা মিজোৰামৰ আগ্ৰাসী আৰু অত্যাচাৰী মনোভাৱ কোনো মতেই শাম কটা নাই । দিনকদিনে যেন বৃদ্ধি পাইছে ইয়াৰ মাত্ৰা । বৰং এইবাৰ ইউটিউব চেনেল যোগে অসমৰ দখল কৰা মাটিৰ পৰা আৰু বহু কিলোমিটাৰ আগলৈকে মিজোৰামৰ বুলি দাবী কৰিলে মিজোৱে ।

ফটকা বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞা পত্ৰ বাতিল দিল্লী আৰক্ষীৰ

দিল্লী আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা প্ৰায় 593 কে.জি অবৈধ ফটকা জব্দ কৰিছে ৷ ইয়াৰ লগত জড়িত থকা 7 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷

দেওবাৰৰ দিনটোত দিল্লীত ক'ভিড-19ত আক্ৰান্ত 7,745 গৰাকী লোক

দেওবাৰৰ দিনটোত দিল্লীত 7,745 গৰাকী লোক ক'ভিড-19 আক্ৰান্ত ৷ স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে তথ্য ৷ আনহাতে, ক'ভিড-19 ৰোগীৰ বাবে চিকিৎসালয়ত মুঠ 16,027 খন বিচনাৰ ভিতৰত 7,955 খন খালী আছে বুলি জানিবলৈ দিয়ে ৷

হনুমান মন্দিৰৰ অতিথিশালা উদ্বোধন কৰিলে ৰণজিৎ দাস আৰু ভুৱনেশ্বৰ কলিতাই

বৰপেটাৰোডৰ ৰেল ষ্টেচনৰ সন্মুখত অৱস্থিত হনুমান মন্দিৰৰ নৱনিৰ্মিত তিনি মহলীয়া অতিথিশালাটো দেওবাৰে সন্ধিয়া উদ্বোধন কৰা হয় ৷ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ৰনজিৎ কুমাৰ দাস আৰু ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই ৷

কাছাৰত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

কাছাৰ জিলাৰ শালচাপৰাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উদ্ধাৰ কৰা মৃতদেহটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও প্ৰায় 13 বছৰীয়া কিশোৰীৰ হ'ব বুলি সন্দেহ কৰা হৈছে ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটাখাল শালচাপৰা বাইপাছৰ ওচৰৰ ৰে'ল ক্ৰচিঙৰ সমীপৰ জংঘলত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷

2015 চনৰ নিৰ্বাচনৰ তুলনাত 2020 বৰ্ষৰ ভোটাৰৰ সংখ্যা বৃদ্ধি বিহাৰ নিৰ্বাচনত

চৰকাৰী তথ্য অনুসৰি,বিহাৰ বিধানসভা নিৰ্বাচন 57.09 শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে ৷ ক'ভিড-19 ৰ জটিল পৰিস্থিতৰ মাজতে 2015 চনৰ নিৰ্বাচনৰ তুলনাত ভোটাৰৰ সংখ্যা অধিক বুলিও তথ্যত প্ৰকাশ পাইছে ৷

দিপীকাৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশলৈ এনচিবিৰ চমন

অভিনেত্ৰী দিপীকা পাডুকোনৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি অহা 10 নৱেম্বৰলৈ বৃদ্ধি কৰিছে নাৰ্কটিক্ছ নিয়ন্ত্ৰণ ব্যুৰোৰ এখন বিশেষ আদালতে ৷ নিষিদ্ধ ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱা দিপীকা পাডুকোনৰ মেনেজাৰ হোৱাৰ উত্তৰসূৰীতেই এইদৰে কৰিশ্মাক ন্যায়িক কাৰ্যকলাপৰ সান্নিধ্যলৈ অনা হৈছে ৷

প্ৰেমিকে ভাইৰেল কৰিলে গোপন ফটো; আত্মহননৰ চেষ্টা প্ৰেমিকাৰ

হোজাই জিলাৰ লংকাত প্ৰেমত পৰি প্ৰেমিকৰ হাতত ধৰ্ষিতা হ’ল এগৰাকী কলেজীয়া ছাত্ৰী ৷ ভাইৰেল হৈ পৰিল যুৱতী গৰাকীৰ আপত্তিজনক আলোক চিত্ৰ ৷ তাৰ পাচতে আত্মহত্যাৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.