ETV Bharat / state

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 26, 2021, 8:51 AM IST

মাজুলীৰ সত্রীয়া সংস্কৃতিৰ সাধক গোপীৰাম বুঢ়াভকতলৈ পদ্মশ্ৰী সন্মান

বৰ্তমান তেওঁৰ বয়স 97 বছৰ । ১৮ খন অসমীয়া ভাওঁনাৰ নাটকৰ গীত, ১২ খন অংকীয়া নাটকৰ গীত, ১২ টা পালৰ ওজাপালি, শংকৰদেৱ মাধৱদেৱৰ লগতে ১২ জন আতাৰ চৰিত্র পুথি সকলো জিভাৰ আগত । মেলা ৰাগ ৩৪ টা বন্ধাৰাগ ৩৬ টা অনায়াসে গাব পাৰে তেওঁ । এইগৰাকী মহান সত্ৰীয়া শিল্পী লৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই বেলি পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে ।

সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান

২০১০ চনৰ বৰপেটাৰোডত অনুস্থিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান ৷ অসমৰ সাহিত্য জগতত কথাকবি ৰূপে পৰিচিত,সু লেখক,চিন্তাবিদ তথা প্রৱক্তা ইমৰান শ্বাহলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মাণ ৷ ২০০৯ চনত অসম উপত্যকা বঁটা আৰু ২০১২ চনৰ ১৪ জুলাইত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷

অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান ৷ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট ভাষাতত্ববিদ, সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকে ৷

তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান

গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপকৰ নামৰ তালিকা ৷ চলিত বৰ্ষত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰা হ’ব প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷

কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা !

কাইলৈ 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস ৷ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশ লোৱাৰ বাবে দিছপুৰৰ পৰা ইতিমধ্যে মন্ত্ৰীগণ নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হৈছে ৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে নিৰাপত্তাজনিত সম্পূৰ্ণ গোপনীয়তাৰে প্ৰস্তুত কৰিছে মন্ত্ৰীসকলৰ পতাকা উত্তোলনৰ স্থানৰ তালিকা ।

মাকে পঢ়াব নোৱাৰো বুলি কোৱাত মাটিত বাগৰিছিল মাচি তপ্নই

সফলতাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে ৷ কঠোৰ অধ্যাৱসায়ে দৰিদ্ৰতাকো হৰুৱাব পাৰে ৷ এই কথাকে প্ৰতিপন্ন কৰিছে মৰিয়নীৰ চৈকতা চাহ বাগিছাৰ শ্ৰমিক সন্তান মাচি তপ্নই ৷ মৰিয়নী সমষ্টিৰ চৈকতা চাহ বাগিচাৰ ৩ নং লাইনৰ স্বৰ্গীয় বসন্ত তপ্ন আৰু জয়ন্তী তপ্নৰ একমাত্ৰ পুত্ৰ মাচি তপ্নই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিবলৈ সক্ষম হৈছে ৯৮ সংখ্যক স্থান ৷

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে শিক্ষক সমাজৰ প্ৰতিবাদ

বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙোৰ খোৱা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে সোমবাৰে আন্দোলনৰ কাৰ্যসূচী ঘোষণা শিক্ষক সমাজৰ ৷ বিভিন্ন বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে ৷

6 গৰাকী চিবিআই বিষয়ালৈ ৰাষ্ট্ৰপতিৰ পদক

বিশেষ সেৱাৰ স্বীকৃতি স্বৰূপে 6 গৰাকী চিবিআই বিষয়ালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক ৷ অন্য 24 গৰাকী বিষয়াক মেধাৱী সেৱাৰ বাবে আৰক্ষী পদক ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে গণৰাজ্য দিৱসৰ দিনটোত এই বিষয়া সকলক উক্ত সন্মানেৰে সন্মানিত কৰিব ৷

অসম-অৰুণাচল সীমান্তত পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনা

অসম-অৰুণাচল সীমান্তত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি বিগত তিনিমাহে উত্তেজনা অব্যাহত আছে ৷ ৰাইজে জিলা সংশ্লিষ্ট আৰক্ষী বিভাগক বিষয়টো অৱগত কৰা হৈছে যদিও সমস্যা সমাধান নকৰাৰ অভিযোগ ৷

অসমৰ ৰাইজক মুৰ্খ সজাইছে অমিত শ্বাহে : ৰিপুণ বৰা

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী ৰণশিঙা বজায় কোকৰাঝাৰ আৰু নলবাৰীত ৷ সোমবাৰে সংবাদমেলযোগে অমিত শ্বাহৰ এই ভাষণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ অমিত শ্বাহে অসমত বিভাজনৰ ৰাজনীতি কৰিছে বুলি এই সংবাদমেলতেই অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.