ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 3, 2020, 7:07 PM IST

ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি: অজিত ভূঞা

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত ভাগ লৈ সাংসদ ভূঞাই কয় যে, ছয় জনগোষ্ঠীৰ বিধেয়ক সংসদত নানিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি ৷

বেইজিঙৰ তীক্ষ্ণ সম্প্ৰসাৰণবাদী নীতিত বাধা প্ৰদানৰ প্ৰচেষ্টা ভাৰতৰ

নতুন দিল্লীয়ে পৰিকল্পনা কৰিছে বেইজিঙৰ তীক্ষ্ণ সম্প্ৰসাৰণবাদী নীতিসমূহক বাধা প্ৰদান কৰাৰ ৷ ইটিভি ভাৰতযোগে এই বিষয়ত মন্তব্য আগবঢ়ায়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চীনা আৰু দক্ষিণ-পূৰ্ব এছিয়া অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ বি. আৰ দীপকে ৷

নতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থা সলনিৰ সম্ভাৱনা

নতুন শিক্ষানীতিয়ে কোভিড 19 ৰ বাবে সৃষ্টি হোৱা সংকটক সুযোগলৈ পৰিৱৰ্তন কৰাৰ যথেষ্ট সম্ভাৱনা আছে ৷ বৈদ্ধিক জ্ঞানৰ লগতে অৰ্থ ব্যৱস্থাত, কোনো এখন দেশৰ বিকাশ শিক্ষাখণ্ডত ইয়াৰ বিনিয়োগ আৰু ৰণনীতিৰ সংযোগ ঘটোৱাতো অত্যন্ত আৱশ্যক হৈ পৰিছে ৷ এই সকলো

ডিফুত বিজেপিৰ প্ৰতিশ্ৰুতি দলিলৰ প্ৰতিলিপি দাহ জিলা কংগ্ৰেছৰ

বানপানী সমস্যা সন্দৰ্ভত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতিলিপি দাহ কৰে জিলা কংগ্ৰেছৰ সদস্য সকলে ৷ ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে ৷

বক্সাৰ লাভলীনা বৰগোঁহাই বাসগৃহত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

উৎসাহ- প্ৰেৰণা দিয়াৰ উদ্দেশ্যে বক্সিং খেলুৱৈ লাভলীনাৰ বাসগৃহত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা ৷ লগতে অলিম্পিকৰ বাবে কিদৰে অনুশীলন চলাইছে তাৰো বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷

আনলক 3.0ঃ সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা আৰম্ভ অসমত

সোমবাৰৰ পৰা অসমত পুনৰ আৰম্ভ হৈছে আনলক 3.0 ৷ আনলক 3.0 অনুসৰি অসমত সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা চলিব ৷ প্ৰতি সোমবাৰ আৰু মঙলবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত প্ৰায় 40 খন বাছ অসমৰ বিভিন্ন জিলালৈ চলিব ৷ যাৰবাবে যাত্ৰী সকলে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

বৰপেটাত লাভ জেহাদৰ ঘটনা

ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে লাভ জেহাদৰ ঘটনা ৷ শেহতীয়াকৈ এনে এক ভয়াবহ ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ সৰ্থেবাৰীত । ঘৰৰ ভিতৰত তলাবন্ধ কৰি আবদ্ধ কৰি ৰখাৰ মাজতে সুযোগ বুজি পলায়ন কৰিলে লাভ জেহাদৰ বলী এগৰাকী অসমীয়া নাবালিকাই ৷ ইতিমধ্যে এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

বানপৰিস্থিত পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিছে মুখ্যমন্ত্ৰীয়েঃ অজন্তা নেওগ

সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাটো কংগ্ৰেছে পালন কৰা প্ৰতাৰণা দিৱসত উপস্থিত থাকে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ ৷ অসমৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা বিধায়িকা গৰাকীৰ ৷

বিধায়ক পদ্ম হাজৰিকাক সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ

সোমবাৰে বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ সাহায্য বিতৰণস্থলীৰ পৰাই বিধায়ক পদ্ম হাজৰিকা আৰু শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ৷

৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি মৰিগাঁও জিলা প্ৰশাসনৰ

৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ উক্ত সভাখনত জিলা প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ৰ বহু কেইজন বিষয়া উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.