ETV Bharat / state

77th Independence Day: মহকুমা নাথাকিব; গঠন হ’ব উপ-জিলা; অতিৰিক্ত আয়ুক্তই ল’ব মহকুমাধিপতিৰ ঠাই; মুখ্যমন্ত্ৰীৰ ঘোষণা - দুৰ্নীতি পৰায়ন ব্যক্তিক বৰ্খাস্ত

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পালন স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

77th Independence Day
৭৭ সংখ্যক স্বাধীনতা দিৱস
author img

By

Published : Aug 15, 2023, 12:50 PM IST

খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন ৭৭ সংখ্যক স্বাধীনতা দিৱস

গুৱাহাটী, ১৫ আগষ্ট : দেশৰ লগতে ৰাজ্যতো উলহ-মালহেৰে পালন কৰা হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী । পুৱা ৮.৪৫ মিনিটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় খানাপাৰা পশুচিকিৎসালয় খেলপথাৰত ।

প্ৰথমে বিশেষ বাহনত উঠি খেলপথাৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তাৰ পিচতেই মুখ্যমন্ত্ৰীয়ে খোজকাঢ়ি পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী জোৱানৰ অভিবাদন গ্ৰহণ কৰে । পুৱা ৯ বজাৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই । পতাকা উত্তোলনৰ পিচতেই আৰম্ভ হয় মুখ্যমন্ত্ৰীৰ ভাষণ । বীৰ শ্বহীদক সুঁৱৰি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে ভাষণ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, ‘‘২৪ বছৰ পিচত দেশ বিকশিত স্তৰত থাকিব । শীঘ্ৰেই অসম আৰক্ষী বিভাগত ২৬ টা নতুন ই-সেৱাৰ ব্যৱস্থা কৰা হ'ব । ডিজিটেল পদ্ধতিৰে সকলো চৰকাৰী কাম-কাজ কৰা হ'ব । ঘৰৰ পৰাই নিজৰ কাম সমাধান কৰিব পৰা ব্যৱস্থা কৰা হ'ব ।

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেনে ধৰণেই কাম কৰা হৈছে । বৰ্তমানলৈ ১২৭ জন দুৰ্নীতি পৰায়ন ব্যক্তিক বৰ্খাস্ত কৰা হৈছে । ইয়াৰোপৰি ৰাজ্যত ১০ কোটি বাণিজ্যিক গছ ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ১৭ ছেপ্টেম্বৰত ১ কোটি গছপুলি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ৪০ লাখ লোকে গণবিভাগ পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে’’ ।

লগতে ৰাজ্য প্ৰতিখন গাঁও, পঞ্চায়ত, মহকুমা, জিলাত খেল মহাৰণ আয়োজন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰকীৰ । য'ত ৬০ লাখ লোকে ভাগ ল'ব । সমষ্টি, জিলা পৰ্যায়তো হ'ব খেল । ৰাজ্যত সাংস্কৃতিক প্ৰতিযোগিতা আয়োজন কৰাৰো পৰিকল্পনা কৰা হৈছে । লগতে বিভিন্ন জনজাতীয় নৃত্য-গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

এমাহৰ ভিতৰত ৰাজ্যৰ পৰা নোহোৱা হ'ব মহকুমা আৰু মহকুমাধিপতি । মহকুমাৰ পৰিৱৰ্তে উপজিলা গঠন কৰা হ'ব প্ৰতিখন জিলাতে । মহকুমাধিপতিৰ পৰিৱৰ্তে অতিৰিক্ত আয়ুক্ত থাকিব । ৰাইজে নিজৰ সমষ্টিতে সকলো সুবিধা পাব । সমস্যাৰ সমাধানৰ বাবে সমষ্টিৰ বাহিৰলৈ যাব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘২৭ লাখৰ পৰা ৩৫ লাখ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অৰুনোদয় আঁচনি । লগতে আত্মসহায়ক গোটসমূহৰ বাবে নতুন আঁচনি ঘোষণা । পুনৰ ৩ লাখ মহিলাক আত্মসহায়কৰ গোটৰ টকা দিয়া হ'ব । ৰাজ্যত শীঘ্ৰে গঠন কৰা হ'ব RTPS আয়োগ ।

চৰকাৰী বিষয়াই ৰাইজৰ কাম সময়মতে কৰি নিদিলে এই আয়োগত অভিযোগ দিব পাৰিব । বিষয়াই কাম কৰি নিদিলে দৰমহাৰ টকা কৰ্তন কৰা হ'ব । লগতে ৰাজ্যত পুনৰ ২২ হাজাৰ চৰকাৰী চাকৰি হ’ব । ইয়াৰোপৰি ২ লাখ যুৱক-যুৱতীক সংস্থাপনৰ বাবে ২ লাখকৈ টকা দিয়া হ'ব’’ ।

‘‘বিগত বৰ্ষৰ স্বাধীনতা দিৱসত প্ৰতিশ্ৰুতি দিয়া ধৰণে বৰ্তমানলৈ ৪০০০ লোকক বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে । অসমত সম্পূৰ্ণভাৱে আমি বাল্য বিবাহ নোহোৱা কৰিম । প্ৰযুক্তিৰ ক্ষেত্ৰত বহু কোটি টকাৰ বিনিয়োগ কৰা হৈছে ৷ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰী একেলগে হোষ্টেলত থাকিব পৰাকৈ গহপুৰত বিশ্ববিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । কনকলতাৰ সোঁৱৰণত নিৰ্মাণ কৰা হ'ব বিশ্ববিদ্যালয়খন । টেট শিক্ষকৰ চাকৰিও নিয়মীয়াকৰণ কৰা হ'ব ৷’’ এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ৬ লাখ ঘৰ একেদিনাই দিয়াৰ পৰিকল্পনা কৰা হৈছে । আত্মনিৰ্ভৰ অসমৰ সপোন মুখ্যমন্ত্ৰীৰ । কৃষকসকলৰ সুবিধাৰ্থে ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই । ইতিমধ্যে ২৪৮২ কোটি কুইন্টল ধান কিনা হৈছে ।

ইয়াৰোপৰি সৰিয়হ কিনাৰো ব্যৱস্থা কৰা হৈছে । তৈল খেজুৰ উৎপাদনত ৰাইজক নামি পৰাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । বৰ্তমানলৈ ৯ লাখ লোকে কৃষক সন্মান নিধি লাভ কৰিছে । মিছন বসুন্ধৰাৰ যোগেদি প্ৰথমে ৮ লাখ আৰু দ্বিতীয় বাৰ ১৩ লাখ আবেদন ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে । মিছন সদ্ভাৱনাৰ জৰিয়তে পৰিত্যক্ত কামখিনি সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : National Flag Hosting in BJP State HQ: বিজেপি মুখ্য কাৰ্যালয়ত প্ৰথমে ওলোটাকৈয়ে উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.