ETV Bharat / state

গুৱাহাটীত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস

author img

By

Published : Aug 10, 2020, 6:27 PM IST

গুৱাহাটী জ'জ খেলপথাৰত 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস ৷ পূৰ্ৱৰ তুলনাত এক তৃতীয়াংশ লোকে অংশগ্ৰহণ কৰিব স্বাধীনতা দিৱসত ৷

74th Independence Day Preparation in Guwahati
গুৱাহাটীত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস

গুৱাহাটী, 10 আগষ্ট : কৰ'ণাৰ ত্ৰাসৰ মাজতে সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ অনুষ্টুপীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব স্বাধীনতা দিৱস ৷

স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে গুৱাহাটীৰ জ'জ খেলপথাৰত প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৷ সোমবাৰে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, এক তৃতীয়াংশ লোকেৰে আয়োজন কৰা হ'ব 74 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ নকৰে ৷ আনকি, কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নকৰে প্ৰশাসনে ৷ কেৱল আৰক্ষীৰ লোক, বেটেলিয়ান ফৰ্চ, SSB ৰ লোকহে পেৰেডত অংশগ্ৰহণ কৰিব । ইতিমধ্যে, যিসকল লোকে পেৰেডত অংশগ্ৰহণ কৰিব তেওঁলোকক কৰ'ণা টেষ্ট কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে জানিব দিয়ে ৷

লগতে পঢ়ক : নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.