ETV Bharat / state

ৰাজ্যজুৰি উদযাপন 71 সংখ্যক গণৰাজ্য দিৱস - আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ

71সংখ্যক গণৰাজ্য দিৱস
ৰাজ্যত পালন গণৰাজ্য দিৱস
author img

By

Published : Jan 26, 2020, 10:22 AM IST

Updated : Jan 26, 2020, 4:06 PM IST

15:35 January 26

চিৰাঙত পতাকা উত্তোলন মন্ত্ৰী চন্দন ব্ৰহ্মৰ

চিৰাং,26 জানুৱাৰীঃ চিৰাঙত‌ ৭১ সংখ‍্যক গণৰাজ‍্য দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । জিলাখনৰ সদৰ কাজলগাঁওৰ পেৰেড গ্ৰাউণ্ডত পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ব্ৰহ্মই কয় যে,এন ডি এফ বি শান্তি চুক্তিৰ নামত কোনো চিন্তাৰ কাৰণ নাই ৷ বি টি চি ত নতুন গাঁও অন্তৰ্ভুক্ত নহয় বা সালসলনি নহয় । বৰঞ্চ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলি থকা ১৫ বছৰীয়া শাসনৰ ক্ষেত্ৰত ৰৈ যোৱা আসোঁৱাহসমূহ দুৰ কৰাৰ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰে ।

15:35 January 26

ডিমা হাছাওতো পালন গণৰাজ্য দিৱস

ডিমা হাছাওতো পালন গণৰাজ্য দিৱস

ডিমা হাছাও,26 জানুৱাৰীঃ ডিমা হাছাও জিলাত 71 সংখ্যক গণৰাজ্য দিৱস জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় । হাফলং চৰকাৰী বাগান অসম ৰাইফলছৰ খেল পথাৰত 9 বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ দেৱলাল গাৰ্লচাই ৷

15:00 January 26

ধুবুৰীত গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিলৈ বিশেষ বঁটা

ধুবুৰীত বিশেষ বঁটা

ধুবুৰী,26 জানুৱাৰীঃ ধুবুৰীত দেওবাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস । ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত উদযাপন কৰা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে । পতাকা উত্তোলনৰ পূৰ্বে ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ।

পতাকা উত্তোলনৰ পিছত আৰক্ষী,গৃহৰক্ষী বাহিনী আৰু স্কুল-কলেজৰ স্কাউট-গাইডৰ সামৰিক অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ গণৰাজ্য দিৱসৰ অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক,লেখিকা,সমাজকৰ্মী আৰু তিনিজনকৈ সংবাদকৰ্মীক বিশেষ বঁটা প্ৰদান কৰে মন্ত্ৰী চৌধুৰীয়ে । শান্তিপূৰ্ণভাৱে ধুবুৰীত উদযাপন কৰা হয় গণৰাজ্য দিৱস ৷

14:29 January 26

তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণৰ পতাকা উত্তোলন

মন্ত্ৰীত্ব লাভৰ পিচত প্ৰথমবাৰ পতাকা উত্তোলন

তিনিচুকীয়া,২৬ জানুৱাৰীঃ তিনিচুকীয়াতো জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় গণৰাজ্য দিৱস ৷ দেওবাৰে পুৱা ৯ বজাত তিনিচুকীয়া আই টি আই খেলপথাৰত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ নৱ নিৰ্বাচিত চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ) আৰু শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে ।

14:14 January 26

তামুলপুৰত মহকুমাধিপতিৰ পতাকা উত্তোলন

মহকুমাধিপতিৰ পতাকা উত্তোলন

বাক্সা,26 জানুৱাৰীঃ বাক্সাৰ তামুলপুৰৰ মহকুমা প্ৰশাসনৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন । গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুসৰি মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই পতাকা উত্তোলন কৰে মহকুমাধিপতি সুজিৎ বাগলাৰীয়ে ৷ পেৰেডত অংশগ্ৰহণ কৰে তামুলপুৰ থানাৰ আৰক্ষীসকলৰ লগতে স্থানীয় বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে ৷ সাংস্কৃতিক কাৰ্য্যসূচীত ৰাভা,বড়ো কৃষ্টি দলৰ নেতৃত্বৰ সমাহাৰ পৰিলক্ষিত হয় ।
 
13:51 January 26

গোলাঘাটত গণৰাজ্য দিৱসত শ্বহীদক শ্ৰদ্ধাঞ্জলী উপায়ুক্তৰ

শ্বহীদক শ্ৰদ্ধাঞ্জলী উপায়ুক্তৰ

গোলাঘাট,26 জানুৱাৰীঃ গোলাঘাটত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত ধীৰেন হাজৰিকাই । পতাকা উত্তোলনৰ পূৰ্বে গোলাঘাট সদৰ আৰক্ষী থানাত শ্বহীদ কুশল কোঁৱৰক ইংৰাজে আটক কৰি ৰখা কক্ষত ৰখা প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

13:37 January 26

কৰিমগঞ্জত উপায়ুক্তৰ পতাকা উত্তোলন

উপায়ুক্তৰ পতাকা উত্তোলন

কৰিমগঞ্জ,26 জানুৱাৰীঃ কৰিমগঞ্জতো পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচীত জিলা উপায়ুক্ত আম্বামুথান এম পি য়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৷ উপায়ুক্ত গৰাকীয়ে অসমৰ শ্বহীদসকলক সোঁৱৰণ কৰি চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ বিৱৰণ দাঙি ধৰে ৷

13:07 January 26

মৰিগাঁৱৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি মন্ত্ৰী পিয়ুস হাজৰিকা

মৰিগাওঁত পতাকা উত্তোলন মন্ত্ৰী পিয়ুস হাজৰিকাৰ

মৰিগাঁও,26 জানুৱাৰীঃ মৰিগাঁৱত উলহ-মালহেৰে ৭১ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৷ জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই । পোনতে মন্ত্ৰী হাজৰিকাই মৰিগাঁওৰ গান্ধী ভৱন প্ৰাংগণত থকা গান্ধীৰ আবক্ষ মূৰ্তি,মতিৰাম বৰা আৰু উপায়ুক্ত কাৰ্যালয়ত থকা তিনি মুক্তিযুঁজাৰু ক্ৰমে শ্বহীদ তিলক ডেকা,হেমৰাম পাতৰ,গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পাছতে আৰক্ষী,অৰ্ধ সামৰিক বাহিনী,এন চি চি আৰু স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰি মৰিগাঁওৰ সন্তান হোৱা সূত্ৰে গৌৰৱান্বিত বুলি মন্তব্য প্ৰকাশ কৰে ৷

13:05 January 26

শিৱসাগৰত গণৰাজ্য দিৱসত উপস্থিত নৱনিৰ্বাচিত মন্ত্ৰী যোগেন মহন

শিৱসাগৰত উপস্থিত মন্ত্ৰী যোগেন মহন

শিৱসাগৰ,26 জানুৱাৰীঃ শিৱসাগৰৰ বর্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে নৱ নিৰ্বাচিত মন্ত্ৰী যোগেন মহনে । অসম চৰকাৰৰ গড়কাপ্তানি,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত অনাগত সময়ত অধিক গুৰুত্ব আৰোপ কৰিব বুলি ভাষণত উল্লেখ কৰে ৷

12:42 January 26

নলবাৰীত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

নলবাৰী,26 জানুৱাৰীঃ নলবাৰীতো উদযাপন ৭১ সংখ্যক গণৰাজ্য দিৱস । নলবাৰীৰ আৰক্ষী অধীক্ষকৰ ছাউনীৰ খেলপথাৰত আয়োজিত জিলা প্ৰশাসনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মন্ত্ৰী ভৱেশ কলিতাই । মন্ত্ৰী গৰাকীক পেৰেডেৰে স্কুল-কলেজৰ ছাত্র-ছাত্ৰীৰ লগতে আৰক্ষীয়ে অভিবাদন জ্ঞাপন কৰে ।
 
12:15 January 26

ওদালগুৰিত পতাকা উত্তোলন মন্ত্ৰী ৰিহণ দৈমাৰীৰ

ওদালগুৰিৰ গণৰাজ্য দিৱসত উপস্থিত মন্ত্ৰী ৰিহণ দৈমাৰী

ওদালগুৰি,26 জানুৱাৰীঃ ওদালগুৰি জিলা সদৰতো উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস । উপায়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে । পতাকা উত্তোলন কৰি মন্ত্ৰী গৰাকীয়ে জাতিৰ পিতাক স্মৰণ কৰি গণৰাজ্য দিৱসৰ তাৎপৰ্য বাখ্যা কৰে ৷ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ।

ইয়াৰ পিছত আৰক্ষীৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ২২ টাকৈ দলে পেৰেড প্ৰদৰ্শন কৰি দৰ্শকক অভিভূত কৰি তোলে । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিভিন্ন বিভাগৰ প্ৰকল্প প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক দলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰা হয় ৷

11:51 January 26

ধেমাজিত উলহ-মালহেৰে পালন গণৰাজ্য দিৱস

উলহ-মালহেৰে পালন গণৰাজ্য দিৱস

ধেমাজি,২৬ জানুৱাৰীঃ ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত কটকটীয়া নিৰাপত্তাৰ মাজত উলহ-মালহেৰে পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ ধেমাজিৰ কাছাৰী ময়দানত পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি অভিবাদন গ্ৰহণ কৰে ধেমাজিৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰে ৷ ইয়াৰ পিছত ৰাইজক উদ্দেশ্যি চৰকাৰী উন্নয়নমূলক আঁচনি সম্পৰ্কত ভাষণ দাঙি ধৰে উপায়ুক্তগৰাকীয়ে ।

11:29 January 26

হাইলাকান্দিত উপায়ুক্তৰ পতাকা উত্তোলন

উপায়ুক্তৰ পতাকা উত্তোলন

হাইলাকান্দি,26 জানুৱাৰীঃ হাইলাকান্দিৰ নেতাজী সুভাষ চন্দ্ৰ ষ্টেডিয়ামত চৰকাৰীভাৱে আয়োজিত কাৰ্যসূচীত পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত কীর্তি জলীয়ে ৷ এই কাৰ্যক্ৰমত বিভিন্ন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । জিলা উপায়ুক্ত গৰাকীয়ে চৰকাৰী বিভাগৰ বিভিন্ন আঁচনি সৰ্ম্পকে ৰাইজক অৱগত কৰে ৷

11:12 January 26

লখিমপুৰত গণৰাজ্য দিৱসত মুক্তিযুঁজাৰুক সম্বৰ্ধনা

লখিমপুৰত মুক্তিযুঁজাৰুক সম্বৰ্ধনা

লখিমপুৰ,26 জানুৱাৰীঃ লখিমপুৰ জিলাত কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই ৷ পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী দলেই ভাৰত আৰু অসম চৰকাৰে গ্ৰহণ কৰা কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰে । ইয়াৰ পিছতে অনুষ্ঠানত বাৰেৰহণীয়া কাৰ্যসূচী প্ৰদৰ্শিত হয় ৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰৰ মুক্তিযোদ্ধাৰ লগতে বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় ৷

10:52 January 26

গণৰাজ্য দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলী কাননত উপস্থিত মুখ্যমন্ত্ৰী

শ্ৰদ্ধাঞ্জলী কাননত মুখ্যমন্ত্ৰী

গুৱাহাটী,26 জানুৱাৰীঃ মহানগৰীতো পালন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

অসমৰ সৰ্বাংগীণ উন্নতিৰ বাবে কাম কৰি যোৱাৰ লগতে ভাৰতৰ বুকুত অসমক এক শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য বুকুত বান্ধিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ৷ গণৰাজ্য দিৱসৰ পুৱা ৰাজ্যত সংঘটিত বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এয়া কাপুৰুষালী বুলি মন্তব্য প্ৰকাশ কৰে । লগতে দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷

10:48 January 26

গোৱালপাৰাত পতাকা উত্তোলন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পতাকা উত্তোলন

গোৱালপাৰা,26 জানুৱাৰীঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গোৱালপাৰাতো উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস । ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । গোৱালপাৰা চহৰৰ জে টি এচ খেলপথাৰত উদযাপন কৰা হয় এইবৰ্ষৰ গণৰাজ্য দিৱস ৷

10:41 January 26

দৰঙত পতাকা উত্তোলন মন্ত্ৰী চুম ৰংহাঙৰ

পতাকা উত্তোলন মন্ত্ৰী চুম ৰংহাঙৰ

দৰং.26 জানুৱাৰীঃ দৰঙৰ কাছাৰী মৈদানত ৭১ তম গণৰাজ্য দিৱসত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাং । মঙলদৈত পুৱা ন বজাত উপস্থিত হৈ পতাকা উত্তোলনেৰে মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰে ৷

10:13 January 26

গণৰাজ্য দিৱস উপলক্ষে কলগাছিয়াত মাৰাথান দৌৰ প্ৰতিযোগিতা

কলগাছিয়াত মাৰাথান দৌৰ প্ৰতিযোগিতা

জনিয়া,26 জানুৱাৰীঃ ৭১তম গণৰাজ্য দিৱস উপলক্ষে জনিয়াত অনুষ্ঠিত ১০ কিলোমিটাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা । কে.বি.এছ.ই.ই.ডি ছ’চাইটিৰ উদ্যোগত পুৱা পাঁচ বজাত কলগাছিয়াৰ পৰা জিলা ভিত্তিত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাখন উদ্বোধন কৰে নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰবক্তা ড৹ ফখৰুল আলমে । 

09:49 January 26

বৰপেটাত পতাকা উত্তোলন উপায়ুক্তৰ

উপায়ুক্তৰ পতাকা উত্তোলন

বৰপেটা, ২৬ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে বৰপেটাতো পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস ৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

Intro:

বৰপেটা, ২৬ জানুৱাৰীঃ
সমগ্ৰ দেশৰ লগতে আজি বৰপেটাতো ৭১ সংখ্যক গনৰাজ্য দিৱস পালন কৰা হয় ৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জিলাভিত্তিত কেন্দ্ৰীয় ভাবে আয়োজিত গনৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ Body:পতাকা উত্তোলন কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহন কৰা বিভিন্ন চৰকাৰী আচনি সমুহৰ বিষয়ে ৰাইজক অৱগত কৰে ৷ ইয়াৰ পিচতে আৰক্ষী, গৃহ ৰক্ষী বাহিনী, চি আৰ পি এফ, স্কাউট এণ্ড গাইড, এনচিচি আৰু একাংশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা পেৰেডৰ অভিবাদন গ্ৰহন কৰে উপায়ুক্ত গৰাকীয়ে ৷ অনুষ্ঠানত আৰক্ষী অধীক্ষক ডাঃ ৰৱীন কুমাৰকে ধৰি জিলাখনৰ সকলোবোৰ বিভাগৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷ আনহাতে অনুষ্ঠানত বিপুলসংখ্যক ৰাইজে অংশগ্ৰহন কৰে ৷ গণৰাজ্য দিৱস উপলক্ষে বিবিধ সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰা হয় ৷ অনুষ্ঠানত সত্ৰীয়া কৃষ্টি সংস্কৃতিকে ধৰি বিবিধ জনগোষ্ঠীয় অনুষ্ঠানে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷

Conclusion:---- বাপকন দাস, বৰপেটা
Last Updated : Jan 26, 2020, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.