ETV Bharat / state

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 7 PM TOP TEN BULLETIN

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
7 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 7, 2021, 7:01 PM IST

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

বিভিন্ন অপৰাধৰ লগতে গঁড় চিকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ কেইবাটাও সফল অভিযান । বৰ্ষটোত কাজিৰঙাৰ নগাঁও জিলা এলেকাত শূন্য গঁড় চিকাৰ । ড্ৰাগছৰ বিৰুদ্ধেও কেইবাটাও বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । গৰু ছিণ্ডিগেট চক্ৰৰ বিৰুদ্ধেও সফলতা নগাঁও আৰক্ষীৰ । সকলো সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

গুৱাহাটীৰ পাণ্ডুত আলফা স্বাধীনৰ লিংকমেন আটক

গণৰাজ্য দিৱসৰ পূৰ্বে গুৱাহাটীত আলফা (স্বাঃ)ৰ লিংকমেন আটক

বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে

বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে কেৰালাত 50 হাজাৰ চৰাই এই পৰ্যন্ত মাৰি পেলোৱা হৈছে ৷ বাৰ্ড ফ্লুৰ ফলত ৰাজ্যখনত ক্ষতিগ্ৰস্ত হোৱা হাঁহ,কুকুৰা তথা অন্য পোহনীয়া চৰাইৰ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিয়াৰ বাবে বৃহস্পতিবাৰে এক বৈঠকৰ আয়োজন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু

তিনিচুকীয়াস্থিত লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী গৰ্ভৱতী মহিলা মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত আছিল ৷ তেওঁক সংকটজনক অৱস্থাতে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে প্ৰসূতি গৰাকীৰ নৱজাতকটিৰ মৃত্যু হয় ৷

অখিল গগৈৰ জামিন নাকচ: প্ৰতিক্ৰিয়া শিৱসাগৰত

বৃহস্পতিবাৰে কৃষক নেতা অখিল গগৈৰ জামিন নাকচৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ অনিৰ্দিষ্টকাললৈ কৃষক নেতা গৰাকীক পুনৰ কাৰাৰুদ্ধ কৰাৰ পাচতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে ৷

মাজুলীত উদযাপন সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস

মাজুলীত সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷ 7 আৰু 8 জানুৱাৰী বৃহস্পতি আৰু শুকুৰবাৰে দুদিনীয়াকৈ মাজুলীত উদযাপন কৰিছে মাছৰুম উৎপাদক সন্থাৰ প্ৰতিষ্ঠা দিৱস ৷ কৃষি খণ্ডত নৱতম সংযোজন মাজুলীত এতিয়াৰ পৰা উৎপাদন হ’ব মাছৰুম ৷ ৰাজ্যৰ 8 শতাধিক মাছৰুম কৃষকে ভিৰ কৰিছে সত্ৰভূমিত ৷

নতুন কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ

চি আই টি ইউ, ডি ৱাই এফ আই, অসম ৰাজ্যিক কৃষক মহা সভা,চি পি আই কে ধৰি বহু সংখ্যক দল সংগঠনৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে ।

মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ বিজেপিত যোগদান

গেৰুৱা বসন পৰিধান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে । বৃহস্পতিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত দলত যোগদান কৰে ।

অৱশেষত আহিল JDA ভূমি কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন

যোৰহাট উন্নয়ন প্ৰাধিকৰণে সকলো বিধি ভংগ কৰি নীতিশ জৈন নামৰ এজন ব্যৱসায়িক ভূমি হস্তান্তৰ কৰাৰ কাৰ্যৰ বিষয়ে ফাদিল হোৱাৰ পাছতেই যোৰহাট জিলা উপায়ুক্তই এই সন্দৰ্ভত এখন ৬ জনীয়া কমিটি গঠন কৰি তদন্তৰ ঘোষণা কৰিছিল। অৱশেষত আহিল ১৪ বিঘা ৩ কঠা ১২ লোচা চৰকাৰী মাটি ব্যৱসায়িক হস্তান্তৰ কৰাৰ তদন্তৰ প্ৰতিবেদন।

বৰপেটাত কৰ্কট ৰোগৰ সজাগতামূলক সভা

বৰপেটাৰ নগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখন কৰ্কট ৰোগ সন্দৰ্ভত সজাগতামূলক সভা । বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ প্ৰৱক্তা শ্বেখ আলী হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাখনত উপস্থিত থাকে "আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন"ৰ কিশোৰ বৰ্মণ, বি.এইচ. চৌধুৰী আৰু মহাবিদ্যালয়খনৰ প্ৰৱক্তাসকলৰ লগতে ছাত্ৰ- ছাত্ৰীসকল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.