ETV Bharat / state

আঠগাঁও কবৰস্থানৰ ৬ কৰ্মীৰ তেজ পৰীক্ষাৰ বাবে নিয়া হ'ল চিকিৎসালয়লৈ - গুৱাহাটী

মহানগৰীৰ আঠগাঁও কবৰস্থানৰ ৬ গৰাকী কৰ্মীক শনিবাৰে চিকিৎসালয়লৈ নিয়া হয় তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে । আৰক্ষী, জিলা প্ৰশাসন আৰু স্বাস্থ্য কৰ্মীৰ দল এটা আঠগাঁও কবৰস্থানত উপস্থিত হৈ কবৰস্থানৰ কর্মী সকলক চিকিৎসালয়লৈ নিয়ে ।

আঠগাঁও কবৰস্থানৰ ৬ কৰ্মীৰ তেজ পৰীক্ষাৰ বাবে নিয়া হল চিকিৎসালয়লৈ

author img

By

Published : Apr 11, 2020, 5:14 PM IST

গুৱাহাটীঃ কভিড-১৯ কৰ'ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা ৰাজ্যৰ প্ৰথম গৰাকী ব্যক্তিৰ লগতে অন্য এগৰাকী কৰ'ণা ভাইৰাছ আক্রান্ত ব্যক্তি যোৱা ১২ মাৰ্চত মহানগৰীৰ আঠগাঁও কবৰস্থানৰ মছজিদত এক বিশেষ দোৱাত অংশগ্ৰহণ কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে শুকুৰবাৰে ছীল কৰি দিছিল আঠগাঁও কবৰস্থানৰ মছজিদ । কৰ'ণা ভাইৰাছ আক্রান্ত ব্যক্তি দুজনৰ লগতে প্ৰায় ১০০ গৰাকীকৈ লোকে উক্ত বিশেষ দোৱাত অংশগ্ৰহণ কৰিছিল বুলিও জানিব পৰা গৈছে ।

আঠগাঁও কবৰস্থানৰ ৬ কৰ্মীৰ তেজ পৰীক্ষাৰ বাবে নিয়া হল চিকিৎসালয়লৈ

ইতিমধ্যে জিলা প্ৰশাসনে কবৰস্থানৰ মছজিদ কমিটিৰ পৰা উক্ত দোৱাত অংশগ্ৰহণ কৰা ৫৮ গৰাকী লোকৰ নাম লাভ কৰিছে । কবৰস্থানৰ মছজিদ কমিটিৰ পৰা লাভ কৰা ৫৮ গৰাকী ব্যক্তিক কোৱাৰেণ্টাই কৰা হৈছে । শনিবাৰে পুনৰ জিলা প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য কৰ্মীৰ দল এটা আঠগাঁও কবৰস্থানত উপস্থিত হৈ কবৰস্থানৰ ৬ গৰাকী কৰ্মীক তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষৰ বাবে চিকিৎসালয়লৈ নিয়ে । আৰক্ষী আৰু প্ৰশাসনৰ লোকে কবৰস্থানৰ গাতে লাগি থকা অঞ্চল সমূহ পৰিদর্শন কৰি ১২ মাৰ্চৰ বিশেষ দোৱাত কোনোবা ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিলে নেকি এই সম্পৰ্কে বুজ লয় । ইতিমধ্যে জিলা প্ৰশাসনে মছজিদ কমিটিৰ লোকৰ পৰা পূৰ্ণ সহযোগ লাভ কৰিছে আৰু কমিটিৰ লোকে ১২ মাৰ্চৰ বিশেষ দোৱাত অংশগ্ৰহণ কৰা লোক সকলক চিকিৎসকৰ ওচৰ চাপিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আঠগাঁও কবৰস্থানত ইছলাম ধৰ্মাৱলম্বী লোকক কবৰ দিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে । প্ৰশাসনে চাবিপুল আৰু ইছলামপুৰ কবৰস্থানত ইছলাম ধৰ্মাৱলম্বী লোকক মৃত ব্যক্তিক কবৰ দিয়াৰ আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.