ETV Bharat / state

চাইল্ড লাইন গোল্ডৰ অভিযান ; সাতগাঁৱত উদ্ধাৰ ৬ গৰাকী শিশু শ্ৰমিক

author img

By

Published : Sep 3, 2021, 8:15 PM IST

শুকুৰবাৰে সাতগাঁৱৰ পৰা উদ্ধাৰ 6 গৰাকী শিশু শ্ৰমিক ৷ শিশু শ্ৰমিক সুৰক্ষা বিভাগ আৰু চাইল্ড লাইন গোল্ডে অভিযান চলাই সাতগাঁৱৰ ৰেল লাইনৰ সমীপৰ পৰা উদ্ধাৰ কৰে শিশু শ্ৰমিক কেইটাক ।

6 child labourers rescued
সাতগাঁৱত উদ্ধাৰ ৬ গৰাকী শিশু শ্ৰমিক

গুৱাহাটী, ৩ছেপ্টেম্বৰ: আজিৰ শিশু কাইলৈ দেশৰ সু-নাগৰিক । শিশুকালৰ পৰা সু-নাগৰিক হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম । কিন্তু দৰিদ্ৰতাৰ অভিশাপত আক্ৰান্ত একাংশ পৰিয়ালৰ কণ কণ শিশুয়ে পখিলা খেদা বয়সত নিজৰ শৈশৱ পাৰ কৰিবলগা হৈছে কোনো হোটেল, ৰেষ্টুৰেন্ট, দোকান-পোহাৰত শিশু শ্ৰমিক হিচাপে ।

সম্প্ৰতি ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা । চৰকাৰ কিম্বা চাইল্ড লাইনৰ চৰম অমনোযোগিতাৰ সুযোগ লৈ কণ কণ শিশু সকলক অমানৱীয়ভাৱে শ্ৰমিক হিচাপে নিয়োগ কৰি আহিছে একাংশ স্বাৰ্থলোভী ব্যৱসায়ীয়ে । শুকুৰবাৰে সাতগাঁৱৰ পৰা উদ্ধাৰ তেনে 6 গৰাকী শিশু শ্ৰমিক ৷

সাতগাঁৱত উদ্ধাৰ ৬ গৰাকী শিশু শ্ৰমিক

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন অভিৰুচি ক্ৰীড়া দিৱস

মহানগৰীৰ সাতগাঁৱৰ একাংশ ব্যৱসায় প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি শিশু শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল 6 গৰাকীকৈ শিশু ৷ শিশু শ্ৰমিক সুৰক্ষা বিভাগ আৰু চাইল্ড লাইন গোল্ডে অভিযান চলাই সাতগাঁৱৰ ৰেল লাইনৰ সমীপৰ পৰা উদ্ধাৰ কৰে শিশু শ্ৰমিক কেইটাক ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি এই ৬ গৰাকী শিশুক শ্ৰমিক হিদাপে নিয়োগ কৰি ব্যৱসায় চলাই আহিছিল সাতগাঁৱৰ ৰেল লাইনৰ একাংশ ব্যৱসায়ীয়ে ৷ অঞ্চলটোৰ একাংশ সচেতন লোকৰ অভিযোগৰ ভিত্তিত অভিযানকাৰী দলটোৱে শুকুৰবাৰে দিনৰ ভাগত অভিযান চলাই শিশু শ্ৰমিক কেইটাক উদ্ধাৰ কৰে ৷

উদ্ধাৰ হোৱা শিশুৰ কেইটাৰ বয়স ৮ বছৰৰ পৰা ১৬ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে । সাতগাঁও আৰক্ষীৰ সহযোগত অভিযান চলোৱা দলটোত আছিল শ্ৰম পৰিদৰ্শক ছয়ানিকা গোস্বামী, বচপন বচাও আঁচনিৰ ৰাজ্যিক বিষয়া জুবিল লালুং ।

লগতে পঢ়ক: হুইল চেয়াৰেই সংগী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ সতীৰ্থ থানেশ্বৰ সাউদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.