ETV Bharat / state

Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ - বিষ্ণু প্ৰসাদ ৰাভাৰ 54 সংখ্যক মৃত্যু বাৰ্ষিকী

আজি সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ 54 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ সমগ্ৰ ৰাজ্যতে আজি পালন কৰা হৈছে সৈনিক শিল্পীগৰাকীৰ মৃত্যু দিৱস ৷

Bishnu Prasad Rabha Death anniversary
সৈনিক শিল্পী ৰাভাৰ 54 সংখ্যৰ মৃত্যু বাৰ্ষিকী
author img

By

Published : Jun 20, 2023, 7:30 AM IST

Updated : Jun 20, 2023, 11:52 AM IST

নিউজ ডেস্ক, 20 জুন : আজি সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ 54 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ সমগ্ৰ ৰাজ্যতে আজি পালন কৰা হৈছে সৈনিক শিল্পীগৰাকীৰ মৃত্যু দিৱস ৷ কলমৰ সমান্তৰালভাৱে সশস্ত্ৰ বিপ্লৱো চলাই যোৱা এইগৰাকী অসম সন্তান ইংৰাজৰ শাসনকালত হৈ পৰিছিল ইংৰাজৰ বাবে মূৰৰ কামোৰণি ৷ সেই সময়ত ভিক্টোৰিয়া কলেজত অধ্যয়নৰত সৈনিক শিল্পীগৰাকীৰ কলেমেৰে নিগৰিছিল “ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, ৰাজ্যেৰ যদি মঙ্গল চাওঁ, দুইটি পাঠাই বলি দাওঁ” বুলি ৷

কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতাগৰাকীৰ 1909 চনৰ 31 জানুৱাৰীৰ দিনা বাংলাদেশৰ ঢাকাত জন্ম হৈছিল ৷ গোপাল চন্দ্ৰ ৰাভা আৰু গেঠীৱালা ৰাভাৰ পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই শিক্ষাজীৱনৰ আৰম্ভণি ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত কৰে যদিও হাইস্কুলীয়া শিক্ষা সমাপ্ত হোৱাৰ পূৰ্বেই পিতৃৰ মৃত্যু ঘটাত তেওঁ তেজপুৰত থকা সম্বন্ধীয় লোকৰ ঘৰলৈ আহে ।

ভিক্টোৰিয়া কলেজত পঢ়ি থকাৰ সময়তে আজীৱন বিপ্লৱী শিল্পীগৰাকীয়ে ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগদান কৰে আৰু দেশৰ স্বাধীনতা আন্দোলনত নামি পৰে ৷ স্বাধীনতা আন্দোলনত নামি পৰাৰ বাবেই শৈক্ষিক জীৱনত নানানটা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছিল সৈনিক শিল্পীগৰাকীয়ে ৷ অৱশেষত 1931 চনত ৰাভাই পঢ়া আধাতে সামৰি ঘৰলৈ ঘূৰি আহে ৷

উল্লেখ্য যে, নৃত্য পটীয়সী ৰাভাই কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰিছিল 'নটৰাজ' নৃত্য আৰু এই অনুষ্ঠানত পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ উপস্থিত আছিল বুলি জানিবলৈ পৰা যায় ৷ আৰু এই অনুষ্ঠানতেই বিষ্ণু প্ৰসাদ ৰাভাৰ নৃত্যত অভিভূত হৈ ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' উপাধি প্ৰদান কৰা বুলি পাঠ্যপুথি তথা বিভিন্ন জনৰ পৰা জানিবলৈ পোৱা যায় যদিও সেয়া সম্পূৰ্ণ ভুল তথ্য বুলি তথ্যসহকাৰে স্পষ্ট কৰি দিয়ে ভাৰতীয় গণনাট্য সংঘই ৷ এই সন্দৰ্ভত বিষ্ণু প্ৰসাদ ৰাভাই আত্মীয়লৈ প্ৰেৰণ কৰা এক চিঠিৰ প্ৰসংগ উল্লেখ কৰে আৰু কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা উক্ত নৃত্যানুষ্ঠান আধাতে সামৰি ৰাধাকৃষ্ণণে গুছি যায় বুলি ৰাভাই চিঠিত উল্লেখ কৰা বুলি গণনাট্য সংঘই এখ বিবৃতিযোগে স্পষ্ট কৰি দিয়ে ৷

ইয়াৰ পিচতে ৰাজ্য চৰকাৰৰ শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে 2012 ৰ পৰা 2016 চনলৈ প্ৰকাশ কৰা 4ৰ্থ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি অংকুৰ (4) তো সন্নিৱিষ্ট কৰা হৈছিল একেখিনি তথ্যই ৷ অৱশেষত ভাৰতীয় গণনাট্য সংঘৰ দাবী তথা একাণপতীয়া প্ৰচেষ্টাত পাঠ্যপুথিৰ পৰা আঁতৰাবলৈ বাধ্য হয় উক্ত অংশ ৷ আজীৱন কমিউনিষ্ট আদৰ্শকে খামুচি ধৰি ৰখা বিপ্লৱীগৰাকীৰ চিন্তা-আদৰ্শক বিকৃতভাৱে জনমানসত প্ৰচাৰ কৰাই এই মিছা প্ৰচাৰৰ আঁৰৰ ৰহস্য বুলি একাংশই ক’বলৈ বিচাৰে ৷ উল্লেখ্য যে, ৰাভাই প্ৰতিটো কলমতে শোষক, পুঁজিপতিৰ বিৰুদ্ধে গৰজি উঠা পৰিলক্ষিত হৈছিল ৷ তেজৰ বোলেৰে লিখি যাম ইতিহাস, মছি যাম দীন সমাজৰ হীন পৰিহাস' বুলি শোষিত-নিষ্পেষিতজনৰ কাষত থিয় হৈছিল কমিউনিষ্ট বিষ্ণু প্ৰসাদ ৰাভা ৷

উল্লেখ্য যে, 1948 চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয় আৰু 1948 -1952 চনলৈ ৰাভাই আত্মগোপন কৰে ৷ উক্ত সময়ত বিষ্ণুৰাম মেধিৰ চৰকাৰে ৰাভাৰ মূৰৰ দাম 10,000 টকা ঘোষণা কৰে ৷ 1952 চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমান কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক ৰাভাক গ্ৰেপ্তাৰ কৰা হয় আৰু এবছৰ পৰ্যন্ত জেল খাটিবলগীয়াত পৰে ৷ 1969 চনৰ আজিৰ দিনটোতে জটিল ৰোগত আক্ৰান্ত হৈ কমিউনিষ্ট ৰাভাৰ মৃত্যু ঘটে ৷ কায়িকভাৱে মৃত্যু ঘটিলেও ৰাভাৰ বৈপ্লৱিক জীৱনাদৰ্শন আজিও অমৰ হৈ আছে ৷

লগতে পঢ়ক : Abdur Rahim Khan passes away: বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দেহাৱসান

Last Updated : Jun 20, 2023, 11:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.