ETV Bharat / state

Protest against price hike : মূল্যবৃদ্ধিৰ মাধমাৰ, ৰাজ্যজুৰি পাঁচ বামপন্থী দলৰ প্ৰতিবাদ - অত্যাৱশ্যকীয় সমগ্রীৰ মূল্যবৃদ্ধি

ৰাজ্যজুৰি মূল্যবৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে জনসাধাৰণক ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে মেঘদূত ভৱনৰ সন্মুখত বাওঁপন্থী দলসমূহে যৌথ বিক্ষোভ কাৰ্যসূচী হাতত লয় ।

Protest against price hike in Guwahati
ৰাজ্যজুৰি পাঁচ বামপন্থী দলৰ প্ৰতিবাদ
author img

By

Published : Jul 15, 2023, 6:02 PM IST

ৰাজ্যজুৰি পাঁচ বামপন্থী দলৰ প্ৰতিবাদ

গুৱাহাটী, ১৫ জুলাই: ৰাজ্যজুৰি অত্যাৱশ্যকীয় সমগ্রীৰ মূল্যবৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে ৰাজ্যবাসীক ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাওঁপন্থী দলসমূহে যৌথ বিক্ষোভ কাৰ্যসূচী হাতত লৈছে । শনিবাৰে মেঘদূত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই।

অসমৰ পাঁচটা বামপন্থী দল চি পি আই (এম), চি পি আই, চি পি আই (এম এল), আৰ চি পি আই আৰু ফৰোৱাৰ্ড ব্লকে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, শাক-পাচলিকে ধৰি নিত্য প্রয়োজনীয় প্রতিবিধ সামগ্ৰীৰ দাম অভূতপূর্বভাৱে বাঢ়িছে। জীৱনদায়িনী ঔষধসহ সকলো ঔষধৰ দাম বৃদ্ধি হৈ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। প্ৰতিঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ একোটা চিলিণ্ডাৰৰ বৰ্তমান দাম ১১৪২ টকা হৈছে।

ইয়াৰ লগত পৰিবহন ব্যয় যোগ কৰিলে একোটা চিলিণ্ডাৰৰ বাবদ একোটা পৰিয়ালে ১২০০ ৰ পৰা ১২৫০ টকা ভৰিবলগীয়া হৈছে। চাউল, চেনী, আটা, মিঠাতেল আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অবিৰতভাৱে বাঢ়ি আছে। শাক-পাচলিৰ দামে মানুহক জলা-কলা খুৱাইছে।

প্রতিকেজি বিলাহীত ১৩০ টকাৰ পৰা ১৫০ টকা, ২৫০ গ্রাম জলকীয়াৰ দাম ৮০ টকা, জিকা প্রতিকেজিত ৮০ টকা, বিন প্রতিকেজিত ১৬০ টকা । ঠিক সেইদৰে অন্য শাক-পাচলিৰ দামো মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গৈছে। আনহাতে বিদ্যুত মাচুল বৃদ্ধি, প্রি-পেইড স্মার্ট মিটাৰৰ যোগেদি লুণ্ঠন, পৌৰ কৰ ইত্যাদি বিপুল পৰিমাণে বৃদ্ধি কৰি জনগণক মাধমাৰ শোধাইছে। নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা ইটা, বালি, চিমেণ্ট, ৰ'ড আদিৰ দামো ভয়ানকভাৱে বাঢ়িছে।

বহুতে গৃহ নিৰ্মাণৰ কাম বন্ধ ৰাখিবলৈ বাধা হৈছে। ফলত নির্মাণ কার্যত জড়িত মিস্ত্ৰী আৰু অন্যান্য হাজিৰা কৰা মানুহৰ কাম নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে। অৱশ্য ৰাজ্যখনৰ মুখ্যমন্ত্রী দাম বৃদ্ধিৰ বিষয়টো স্বীকাৰ কৰিছে।

প্ৰতিবাদকাৰীসকলে লগতে কয়, "কিন্তু আমি লক্ষ্য কৰিছো যে বস্তুৰ এই জুই ছাই দাম নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা নাই। দুই এখন বজাৰৰ কেইজনমান ব্যৱসায়ীক দাবী ধমকি দি চৰকাৰে দায়িত্ব সাৰিব বিচাৰিছে। বয়-বস্তুৰ অত্যাধিক দাম বৃদ্ধি হোৱাৰ পিছতো কিন্তু শস্য উৎপাদন কৰা কৃষকে উপযুক্ত মূল্য পোৱা নাই। জনসাধাৰণৰ মূৰত টাঙোন মাৰি মধ্যভোগী আৰু অসাধু ব্যবসায়ীয়ে সুবিধা লৈ আছে। এইসকলক নিয়ন্ত্ৰণৰ কোনো পদক্ষেপ চৰকাৰে লোৱা নাই।"

"আমি অতি উদ্বেগেৰে লক্ষ্য কৰিছো যে দাম নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰে দাম বৃদ্ধিৰ জ্বলন্ত সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি অন্যফালে নিবলৈ কিছুমান অসংলগ্ন কথাবার্তা আৰু সাম্প্ৰদায়িক বক্তব্যহে আওৰাই আছে। এয়া অত্যন্ত দুর্ভাগ্যজনক। এটা সম্প্ৰদায়ৰ বেপাৰী কেইজনমানক দাম বৃদ্ধিৰ বাবে জগৰীয়া কৰা হাস্যষ্পদই কেৱল নহয়, ই ষড়যন্ত্রমূলক।" প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰি কয় ৷

এনে পৰিস্থিতিত শনিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক জনগণে এক শক্তিশালী আৰু ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ বাহিৰে অইন কোনো পথ নাই। অসমৰ পাঁচটা বামপন্থী দলৰ যৌথ প্ৰতিবাদী সভাৰ পৰা ঔষধকে ধৰি নিত্য প্রয়োজনীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ পাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়।

লগতে পঢ়ক: CPI CPI M protest in Lakhimpur: বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চিপিআই আৰু চিপিআই এমৰ যৌথ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.