গুৱাহাটী, 12 জুলাই: "আমাৰ ৰাজ্যখনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডৰ সহযোগিতা অতি প্ৰয়োজনীয় । নাবাৰ্ডৰ সহযোগিতাৰ বাবে ৰাজ্য চৰকাৰৰ বহু কেইখন আঁচনিৰ সফল ৰূপায়নত আমি সফল হৈছোঁ আৰু ৰাইজ উপকৃত হৈছে ।" নাবাৰ্ডৰ সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে মন্তব্য কৰি এইদৰে কয় ৷

মঙলবাৰে নাবাৰ্ডৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ বাকৰিত আয়োজন কৰা ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিত্তমন্ত্ৰী অজন্তা নেওগে এই মন্তব্য কৰি আগন্তুক দিনতো ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত নাবাৰ্ডৰ সহযোগিতা কামনা কৰে(Minister Ajanta Neog at NABARD 41st Foundation Day) ।
ইপিনে ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাবাৰ্ডে আয়োজন কৰা আত্মসহায়ক গোট আৰু বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ উৎপাদিত বয়-বস্তু দেখিও আনন্দ প্ৰকাশ কৰে বিত্তমন্ত্ৰী নেওগে । লগতে উক্ত অনুষ্ঠানত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ উত্তৰ-পূবৰ মাণ্ডলিক সঞ্চালক সঞ্জীৱ সিনহা , নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰৱন্ধক নৱীন ধিংৰা আৰু ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটী শাখাৰ মুখ্য মহাপ্ৰৱন্ধক অৰবিন্দ কুমাৰ সিঙৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : Teacher Appointment : বিশেষভাৱে সক্ষম ২৮০ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান