গুৱাহাটী, 17 আগষ্ট : ক্ৰমান্বয়ে অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী ৷ মহানগৰীত চুৰি-ডকাইতি, হত্যা, মৃতদেহ উদ্ধাৰ আদি এতিয়া যেন হৈ পৰিছে নৈমত্তিক ঘটনা । তাৰ মাজতেই অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ এয়া এক সফল পদক্ষেপ।
বৃহস্পতিবাৰে ভৰলু আৰক্ষী জালত পৰে 4 টা ডকাইত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতকেইটাৰ পৰা বহু চুৰি সামগ্রী উদ্ধাৰ কৰে ৷ বৃহস্পতিবাৰে ভৰলু আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে ডকাইতৰ দলটোক ৷ ধৃত ডকাইতকেইটা
ফাইজুল হক, পৰেশ আলী, মইনাল আলী আৰু মাইনুদ্দিন আলী বুলি জানিব পৰা গৈছে । ধৃত ডকাইতকেইটা ছয়গাঁওৰ বাসিন্দা বুলি আৰক্ষী সদৰী কৰিছে ৷ বিগত দিনকেইটাৰ মহানগৰীৰ লগতে বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত হৈ আছিল ধৃত ফাইজুল, পৰেশ, মইনাল আৰু মাইনুদ্দিনৰ ডকাইতৰ দলটো ।
আৰক্ষীয়ে ধৃত ডকাইতকেইটাৰ পৰা এখন বলেৰ’ বাহন, চাৰিটা মোবাইল ফোনৰ লগতেই চুৰি কৰা আৰু ঘৰ ভঙাৰ বাবে ব্যৱহৃত সঁজুলি জব্দ কৰে। ইফালে ডকাইত কেইটা গ্ৰেপ্তাৰৰ পিচতেই ভৰলু আৰক্ষীয়ে চলাই আছে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।
![Crime in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-08-2023/bharalurobbers_17082023145111_1708f_1692264071_472.jpg)
পৰৱৰ্তী সময়ত আৰক্ষীয়ে ডকাইতকেইটাৰ ভাষ্যৰ ভিত্তিত ৰাণীৰ ইছলামপুৰ এটা ঘৰতো অভিযান চলাই। অভিযানকালত আৰক্ষীয়ে বাসগৃহটোৰ পৰা বহু চুৰি কৰা সামগ্ৰী জব্দ কৰে ৷
![Crime in Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-08-2023/bharalurobbers_17082023145111_1708f_1692264071_949.jpg)
জব্দ কৰা সামগ্রীসমূহৰ ভিতৰত আছে 9 টা মোবাইল ফোন, এটা এইচ পি লেপটপ, 3 টা কেমেৰা, সোণৰ অলংকাৰ, 4 টা লেপটপৰ বেগ, পিতলৰ সামগ্ৰী, দুখন খুকৰি, লগতেই নগদ 15 হাজাৰ টকা। বৰ্তমানো ভৰলু আৰক্ষীয়ে জেৰা চলাই আছে ডকাইতকেইটাক । এই জেৰাৰ অন্তত আৰক্ষীৰ জেৰাত আৰু বহু তথ্য লাভ কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক: Sipajhar Mob lynching: ছিপাঝাৰত গণ প্ৰহাৰত ছাগলী চোৰৰ মৃত্যু