ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP TEN NEWS

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 1, 2020, 3:31 PM IST

100 সংখ্যক মৃত্যু তিথি উপলক্ষে তিলকলৈ প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি

100 সংখ্যক মৃত্যু তিথি উপলক্ষে লোকমান্য বাল গংগাধৰ তিলকলৈ প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তিলকৰ বুদ্ধি,সাহস আৰু 'স্বৰাজ'ৰ ধাৰণাই সকলোকে প্ৰেৰণা দিয়ে বুলি মন্তব্য কৰে মোডীয়ে ৷

যিকোনো সময়তে লক ডাউন হ'ব পাৰে শোণিতপুৰ জিলাত

কৰ'ণা ভাইৰাছৰ অত্যাধিক সংক্ৰমণে ক্ৰমে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে শোণিতপুৰ জিলাত ৷ স্বাস্থ্য পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি জিলা প্ৰসাশনে গ্ৰহণ কৰিব লক ডাউনৰ সিদ্ধান্ত ৷

বাঁহীৰ সুৰৰ দৰে সুৰীয়া নহ'ল অশ্বিনী শইকীয়াৰ জীৱন যাত্ৰা

সংগীত জগতৰ প্ৰায় সংখ্যক প্ৰসিদ্ধ শিল্পীৰেই চিনাকি অশ্বিনী শইকীয়া ৷ বহু যুগমীয়া অসমীয়া গীতত শুনা পোৱা যায় তেখেতৰ বাঁহীৰ সুমধুৰ ধ্বনি ৷ 1979 চনৰ পৰা বৰ্তমানলৈকে প্ৰায় বিশ সহস্ৰাধিক গীতত বাঁহী সংগত কৰিছে এইগৰাকী শিল্পীয়ে ৷ কিন্তু বৰ্তমান অশ্বিনী শইকীয়া সংকটত ৷ সহায় বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে বিশেষভাৱে সক্ষম শিল্পীগৰাকীয়ে ৷

পৱিত্ৰ ঈদৰ দিনাই লাফিকুল হত্যাৰ ন্যায় বিচাৰি ABMSUৰ প্ৰতিবাদ

পৱিত্ৰ ঈদৰ দিনাই ৰাজপথত নামিল ABMSU । সংগঠনটোৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ABMSUয়ে ।

অখিল গগৈৰ মুক্তিৰ দাবী: কৃষি মুক্তিৰ চাৰি সদস্যৰ মুণ্ডন

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মৰিয়নীৰ নকছাৰীত উত্তাল প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি সদস্যই মুণ্ডনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে ৷

গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন সাংসদ নৱ শৰণীয়াৰ

শনিবাৰে বাক্সাৰ গোৰেশ্বৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ গৰাখহনীয়াৰ লগতে অঞ্চলটোৰ আন আন সমস্যাৰ বুজ লয় সাংসদ গৰাকীয়ে ৷

সুশান্ত সিঙৰ ভগ্নী শ্বেতাৰ শেহতীয়া প'ষ্টে উদঙাইছে সুশান্তৰ নতুন তথ্য

29 জুনৰ পৰা কৰিবলগীয়া কামৰ 'টু ডু লিষ্ট' বনাইছিল সুশান্ত সিঙে ৷ শেহতীয়াকৈ ভগ্নী শ্বেতা সিঙে এই লিষ্ট শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়া যোগে ৷ এনেকৈ কৰিবলগীয়া কামৰ তালিকা বনাইও অভিনেতাগৰাকীয়ে আত্মহত্যা কৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে সকলোৰে মনত ৷

বৰহোলাত অবৈধ অস্ত্ৰসহ গ্ৰেপ্তাৰ এজনক

পোহৰলৈ আহিছে নাগালেণ্ডৰ পৰা অসমলৈ অবৈধ মাৰণাস্ত্ৰ আমদানিৰ ঘটনা ৷ শুকুৰবাৰে নিশা তিতাবৰৰ বৰহোলাত অবৈধ মাৰণাস্ত্ৰসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

বিজেপি সমৰ্থকক ঘৰত সোমাই ভাবুকি দুৰ্বৃত্তৰ

বিটিচি নিৰ্বাচনৰ পূৰ্বে সংঘটিত হ’বলৈ ধৰিছে বিক্ষিপ্ত ঘটনা ৷ এইবাৰ কুমাৰীকাটাত বিজেপি সমৰ্থকক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ ৷ আৰক্ষী থানাত এজাহাৰ দাখিল ৷

পাহৰণিৰ গৰ্ভত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ নৰহৰি বুঢ়াভকত সংগীত বিদ্যালয়

ভোৰতাল নৃত্যৰে জগত জিনা সত্ৰীয়া সংস্কৃতিৰ এগৰাকী উজ্বল নক্ষত্ৰ নৰহৰি বুঢ়াভকত ৷ তেওঁৱেই নৱ প্ৰজন্মক সত্ৰীয়া সংস্কৃতিত দিক্ষীত কৰাৰ লক্ষ্যৰে বৰপেটা সত্ৰৰ নিচেই সমীপতে স্থাপন কৰিছিল নৰহৰি বুঢ়াভকত সংগীত বিদ্যালয় ৷ সত্ৰীয়া সংস্কৃতিৰ মধ্যমণি নৰহৰি বুঢ়াভকতৰ স্থাপিত সেই বিদ্যালয় এতিয়া জৰাজীৰ্ণ অৱস্থাত ৷ পাহৰণিৰ গৰ্ভত পুৰোধা ব্যক্তিগৰাকীও ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.