ETV Bharat / state

চাকৰিৰ খবৰ : ৩২৮৭ খালী পদত নিযুক্তি দিব পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগে - এম জি‌এন ৰেগা

পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব ৰাজ্যৰ ৩২৮৭ গৰাকী যুৱক-যুৱতীয়ে ।‌‌ এই কথা সংবাদমেল যোগে সদৰি কৰিছে পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

৩২৮৭ খালী পদৰ বিপৰীতে নিযুক্তি দিব ৰণজিৎ কুমাৰ দাসৰ গ্ৰামোন্নয়নয়ে

author img

By

Published : May 31, 2021, 2:03 PM IST

গুৱাহাটী,31 মে’: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এক লাখ নিবনুৱা নিযুক্তি অভিযানৰ অংশ হিচাপে পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব ৩২৮৭ গৰাকী যুৱক-যুৱতীয়ে ।‌‌ সোমবাৰে এক সংবাদ মেলত এই কথা সদৰি কৰে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে যে, বিভাগটোত ২৩০৪ টা পদ চতুৰ্থ বৰ্গৰ, ১০০৪ টা পদ তৃতীয় বৰ্গৰ খালী হৈ থকাৰ উপৰিও ১৩০০ টা ঠিকা ভিত্তিক পদ খালী হৈ আছে ।‌‌ ঠিকা ভিত্তিক পদ সমূহৰ অধিক সংখ্যক খালী হৈ আছে ৰাজ্যিক জীৱিকা অভিযানৰ অধীনত ।

উল্লেখ্য যে, পঞ্চায়ত‌ আৰু গ্ৰামোন্নয়ন বিভাগটোৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিচত প্ৰথম বাৰৰ‌ বাবে সংবাদ মাধ্যমক সম্বোধন কৰি ৰণজিৎ কুমাৰ দাসে কয় যে, চৰকাৰৰ নিযুক্তি অভিযানৰ অংশ হিচাপে উল্লিখিত খালী পদ পূৰণ কৰা হ'ব ।

মনকৰিবলগীয়া যে, ক’ভিড মহামাৰীৰ ফলত কেন্দ্ৰিক অচলাৱস্থাৰ হৈ থকা এই সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কিদৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব, সেই তথা ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে মন্ত্ৰী গৰাকীয়ে আহ্বান কৰিছিল এই সংবাদমেলৰ ।‌‌

তেওঁ জনোৱা‌ মতে, ক’ভিড কেন্দ্ৰিক যুঁজ খনত জয় লাভ কৰাৰ‌ বাবে বিভাগে এম জি‌এন ৰেগাৰ অধীনত অতি কম দিনৰ ভিতৰতে আৰু কিছু পদ সৃষ্টি কৰি শ্ৰমিক সকলক সকাহ দিবলৈ চেষ্টা কৰা হৈছে । আনহাতে, অসমৰ ৩০৪ পঞ্চায়ত আৰু ভি চি ডি চি ইতিমধ্যে ক’ভিড মুক্ত পঞ্চায়ত আৰু বি চি ডি চি হিচাবে ঘোষণা কৰা হৈছে বুলি ৰণজিৎ দাসে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কিয় মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.