ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jul 18, 2020, 3:17 PM IST

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ নাই সম্ভাৱনাঃ বিশেষজ্ঞ

ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিৰ দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া অনাগত দিনতো বিশেষ ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা নাই বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞই ৷

ৰাষ্ট্ৰসংঘৰ ‘বহুপক্ষীয় সংস্কাৰ’ত জোৰ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

ৰাষ্ট্ৰসংঘ স্থাপনৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ECOSOCৰ বাৰ্ষিক উচ্চ-স্তৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত ৰাষ্ট্ৰৰ এক সদস্যৰূপে সম্বোধন কৰিছে ৷

বঙাইগাঁৱত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে

বঙাইগাঁও জিলাত অব‍্যাহত আছে বানপানীৰ বিভীষিকা । আজিও পানীৰ তলত আছে জিলাখনৰ বহুকেইখন গাঁও । বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইত আই নদীয়ে যিদৰে গৰাখহনীয়া আৰু বানপানীত ক্ষতি কৰিছে একেদৰেই বৰলুইতৰ বানেও ব‍্যাপক ক্ষতি কৰা পৰিলক্ষিত হৈছে । বি

জম্মু-কাশ্মীৰত ক’ভিড-19 ত মৃত্যু গহপুৰৰ চিআৰপিএফ জোৱান

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ অবন্তীপুৰত ক’ভিড-19 ত আক্ৰান্ত হৈ মৃত্যুবৰণ গহপুৰ চিআৰপিএফ জোৱান পদ্মেশ্বৰ দেউৰীৰ ৷

অসমত হ্ৰাস পাইছে জাপানী এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা

পূৰ্বৰ তুলনাত ৰাজ্যত হ্ৰাস পাইছে জাপানীছ এনকেফেলাইটিছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । চলিত বছৰত ১১২ গৰাকী লোক জাপানী এনকেফেলাইটিছ আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১৪ গৰাকী লোকৰ । ৰাজ্যৰ ভিতৰত বৰপেটা জিলাত এইবাৰ জাপানী এনকেফেলাইটিছত আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক দেখিবলৈ পোৱা গৈছে ।

কীট নাশক খাই আত্মহত্যাৰ চেষ্টা বাঘজানৰ ক্ষতিগ্ৰস্তৰ

বাঘজানৰ তৈলখাদ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ আত্মহত্যাৰ অপচেষ্টা । কীট নাশক দ্ৰব্য সেৱন বাঘজান গাঁৱৰ শুক্লেশ্বৰ নেওগ নামৰ ৪৫ বছৰীয়া লোকজনৰ ।

খাদ্য সামগ্ৰী কঢ়িওৱা সহস্ৰাধিক ট্ৰাক চালকৰ খাদ্য সংকট

বহিঃৰাজ্যৰ পৰা খাদ্যসামগ্ৰী কঢ়িয়াই অনা প্ৰায় এহেজাৰ ট্ৰাক অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাৰীত ৰৈ থাকিব লগীয়া হৈছে ৷ এইদৰে ৰৈ থাকিব লগীয়া হোৱাত সমস্যাৰ সন্মুখীন হৈছে চালক-হেণ্ডিমেনসকল ৷ হাবিময় এলেকা, তাতে মহামাৰীৰ ত্ৰাস, খাদ্য আৰু পানীৰ সংকট ৷ তাৰ মাজত এতিয়া এই সকল ট্ৰাক চালকৰ চিন্তা বাঢ়িছে , কেতিয়া উদ্ধাৰ হ'ব এই সংকটৰ পৰা, কেতিয়া পাবগৈ আগৰতলা ৷

জালুকবাৰীত অগ্নিকাণ্ড: নিমিষতে ছাৰখাৰ 4 টা বাসগৃহ

শ্বৰ্ট চাৰ্কিটৰ ফলত শনিবাৰে পুৱাৰ ভাগত জালুকবাৰীৰ ফুলপাহী নগৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় 4 টা বাসগৃহ ৷

কৰ'ণা ত্ৰাসৰ মাজতে ৬০০ লোকক নিযুক্তি দিলে ভাৰতীয় সেনাৰ পৰ্টাৰ কোম্পানীয়ে

আৰ্থিক দীনতাই কোঙা কৰি পেলোৱা অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ ফুৰপা ৱাংচুৰ সহিতে মুঠ ৬০০ জন ব্যক্তিক নিযুক্তি দিছে ভাৰতীয় সেনাৰ পৰ্টাৰ কোম্পানীয়ে ৷

বকো আৰক্ষী চকীৰ তিনিগৰাকী লোক আক্ৰান্ত COVID-19ত

বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি মুঠ তিনি গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ আক্ৰান্ত লোক কেইগৰাকীক প্ৰেৰণ কৰা হৈছে মিৰ্জাস্থিত পতঞ্জলি চিকিৎসালয়লৈ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.