ETV Bharat / state

হিন্দু মহিলাৰ সৈতে মুছলমান পুৰুষৰ দ্বিতীয় বিবাহ অবৈধ ! - 2nd marriage of Muslim man

হিন্দু(Hindu) মহিলা আৰু মুছলমান(Muslim) সম্প্ৰদায়ৰ পুৰুষৰ দ্বিতীয় বিবাহ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়(Gauhati High Court)ৰ গুৰুত্বপূৰ্ণ ৰায়দান । ন্যায়ালয়ে ৰায় দিয়ে যে, এগৰাকী হিন্দু মহিলাৰ সৈতে মুছলমান পুৰুষৰ দ্বিতীয় বিবাহ আইনীভাৱে অবৈধ । বিশেষ বিবাহ আইন, ১৯৫৪(Special Marriage Act, 1954)ৰ অধীনত এনে বিবাহক আইনে স্বীকৃতি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে আদালতে ।

Gauhati HC
হিন্দু মহিলাৰ সৈতে মুছলমান পুৰুষৰ দ্বিতীয় বিবাহক অবৈধ আখ্যা আদালতৰ
author img

By

Published : Sep 15, 2021, 11:11 AM IST

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ : এগৰাকী হিন্দু(Hindu) মহিলাৰ সৈতে মুছলমান(Muslim) পুৰুষৰ দ্বিতীয় বিবাহ আইনীভাৱে অবৈধ । শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati High Court) এই ৰায়দান কৰিছে । আদালতে কয় যে, বিশেষ বিবাহ আইন ১৯৫৪(Special Marriage Act, 1954) ৰ অধীনত এনে বিবাহক আইনে স্বীকৃতি নিদিয়ে আৰু সেয়ে এনে বিবাহ অবৈধ । দৰাচলতে, চাহাবুদ্দিন আহমেদ নামৰ এজন মুছলমান পুৰুষৰে দ্বিতীয় বিবাহ সম্পন্ন হোৱা দীপামণি কলিতা নামৰ এগৰাকী হিন্দু মহিলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই ৰায় দিয়ে ।

২০১৭ চনৰ জুলাই মাহত পথ দুৰ্ঘটনাত চাহাবুদ্দিন আহমেদ নামৰ লোকজনৰ মৃত্যু হৈছিল । চাহাবুদ্দিনে কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত 'লাট মণ্ডল' হিচাপে কাম কৰিছিল । চাহাবুদ্দিনৰ মৃত্যুৰ পাছতে তেওঁৰ দ্বিতীয়া পত্নী তথা এটি ১২ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ দীপামণি কলিতাই পেঞ্চন আৰু অন্যান্য সা-সুবিধা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হয় ।

সেয়ে দীপামণি কলিতাই ন্যায় বিচাৰি ২০১৯ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে । এই আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা(Justice Kalyan Rai Surana)ই কয় যে, চাহাবুদ্দিন আহমেদে প্ৰথম বিবাহ বাতিল কৰা কোনো তথ্য আদালতে লাভ কৰা নাই ।

লগতে বিশেষ বিবাহ আইনৰ ৪ নং দফাত উল্লেখ থকা কথাবোৰো ব্যাখ্যা কৰে । ন্যায়াধীশে কয় যে, এই গোচৰটোৰ ক্ষেত্ৰত আবেদনকাৰী মুছলমান সম্প্ৰদায়ৰ নহয় আৰু আবেদনকাৰীয়ে সম্প্ৰদায়টোৰ নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হোৱা নাছিল । তেওঁ বিশেষ বিবাহ আইন ১৯৫৪ ৰ অধীনত বিবাহপাশত আৱদ্ধ হৈছিল ।

এতিয়া এই আইনৰ ৪ নং ধাৰাৰ অধীনত তেওঁলোকৰ বিবাহক বৈধ বুলি মান্যতা দিব নোৱাৰি বুলি আদালতে স্পষ্ট কৰি দিয়ে । ইয়াৰ উপৰিও আবেদনকাৰীয়ে এতিয়াও তেওঁৰ হিন্দু নাম ব্যৱহাৰ কৰি আছে আৰু আবেদনকাৰীয়ে ইছলাম ধৰ্মৰ ৰীতি-নীতি মানি চলে বুলি প্ৰমাণ কৰিবলৈ কোনো নথি নাই । ন্যায়ালয়ৰ ১৫ পৃষ্ঠাৰ নিৰ্দেশাৱলীত এই সকলোবোৰ কথা উল্লেখ কৰা হৈছে ।

এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে লেখ আবেদনখন খাৰিজ কৰে যদিও দীপামণি কলিতাৰ কিশোৰ পুত্ৰই পিতৃৰ মৃত্যুৰ পিছত পাবলগীয়া পেঞ্চন আৰু অন্যান্য সুবিধা লাভ কৰিব বুলি ৰায় দিয়ে । সেই অনুসৰি, দীপামণি কলিতাই তেওঁৰ কিশোৰ পুত্ৰৰ নামত বেংক একাউণ্ট খুলিব লাগিব আৰু মাতৃ তথা অভিভাৱক হিচাপে নিজৰ নাম লিখিব পাৰিব । আদালতে কামৰূপ(গ্ৰাম্য) জিলাৰ উপায়ুক্তক আবেদনকাৰী দীপামণি কলিতা আৰু চাহাবুদ্দিন আহমেদৰ পুত্ৰ প্ৰিয়াংকু পৰশক চাহাবুদ্দিনৰ মৃত্যুৰ পিছত লাভ কৰিবলগীয়া পেঞ্চনৰ অংশ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: গোৱালপাৰাত য়াবা টেবলেটসহ ৩ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.