ETV Bharat / state

21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত পাঠকৰ ভিৰ

author img

By

Published : Nov 5, 2019, 11:57 PM IST

উত্তৰ-পূব গ্ৰন্থমেলাত পাঠকৰ মাজত চাহিদা বৃদ্ধি পাইছে অনুৰাধা শৰ্মা পূজাৰীৰ ’’নয়ন তৰা’’, সংগীতা ৰাণী কলিতাৰ ‘‘হিনাইনি লামা’’ ’’সাংবাদিকতাৰ লক্ষণৰেখা’’ আৰু গৌতম বৰুৱাৰ ’’ৰাম মন্দিৰ নে বাবৰী মছজিদ’’ গ্ৰন্থ কেইখনৰ ৷ ছ’চিয়েল মিডিয়াৰ ব্যাপক প্ৰচলনৰ পাচতো পাঠকৰ মাজত কিতাপ ক্ৰয় কৰাটো শুভলক্ষণ বুলি কয় সংগীতা ৰাণী কলিতাই ৷

21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত পাঠকৰ ভিৰ

গুৱাহাটী, 5 অক্টোবৰ: গুৱহাটীৰ চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত যোৱা 1 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে 21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলা ৷ 12 নৱেম্বৰলৈ চলিব লগীয়া এই গ্ৰন্থমেলাত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ পাঠকৰ ভিৰ । ছ’চিয়েল মিডিয়া তথা ডিজিটেল মিডিয়াৰ ব্যাপক প্ৰচাৰৰ মাজতো পাঠকৰ মাজত দেখা গৈছে কিতাপৰ প্ৰতি আগ্ৰহ ৷ এই ক্ষেত্ৰত ’’হিনাইনি লামা’’ আৰু ‘‘সাংবাদিকতাৰ লক্ষণৰেখা’’ গ্ৰন্থৰ লেখিকা সংগীতা ৰাণী কলিতাৰ মন্তব্য..

সংগীতা ৰাণী কলিতাৰ মতামত

ইপিনে উত্তৰ-পূব গ্ৰন্থমেলাৰ পঞ্চম দিনা অৰ্থাৎ মঙলবাৰেও কিতাপ ক্ৰয় কৰবিলৈ হাজাৰ-হাজাৰ পাঠকৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত উত্তৰ পূব গ্ৰন্থ মেলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক সমাদৰ লাভ কৰে এই গ্ৰন্থ মেলাখনে ৷ য’ত লেখক আৰু পাঠকৰো বিশেষ আগ্ৰহ দেখা পোৱা যায় ।

হাজাৰ-হাজাৰ পাঠকৰ মাজত ব্যাপক উচাহ

2019 বৰ্ষৰ 21 সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত এইবাৰ অনুৰাধা শৰ্মা পূজাৰীৰ নয়ন তৰা, সংগীতা ৰাণী কলিতাৰ হিনাইনি লামা, সাংবাদিকতাৰ লক্ষণৰেখা আৰু গৌতম বৰুৱাৰ ৰাম মন্দিৰ নে বাবৰী মছজিদ গ্ৰন্থ যথেষ্ট চাহিদা লাভ কৰিছে ৷

Intro:২১ সংখ্যাক উত্তৰ-পূব গ্ৰন্থমেলাত হাজাৰ হাজাৰ পাঠকৰ ভিৰ । ফেচবুক , টুইটাৰ , ইস্তাগ্ৰাম তথা এই ডিজিটেল যুগটোও পাঠকৰ আগ্ৰহ কামনাই কাগজত চপা কিতাপৰ প্ৰতি । আজি উত্তৰ-পূব গ্ৰন্থমেলাৰ পঞ্চম দিন । পঞ্চম দিনাও নিজৰ পছন্দৰ কিতাপ কিনিবলৈ ওলাই অহা পৰিলক্ষিত হল হাজাৰ হাজাৰ পাঠকক ।

Body:উল্লেখযোগ্য যে কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত উত্তৰ পূব গ্ৰন্থ মেলাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বেছি সমাদৰ এই গ্ৰন্থ মেলাখনৰ প্ৰতি লেখক আৰু পাঠকৰো সদায় বিশেষ আগৰ দেখা যায় ।

Conclusion:২০১৯ ৰ এই গ্ৰন্থ মেলাত অনুৰাধা শৰ্মা পূজাৰীৰ নয়ন তৰা , সংগীতা ৰাণী কলিতাৰ হিনাইনি লামা আৰু সাংবাদিকতাৰ লক্ষণৰেখা আৰু গৌতম বৰুৱাৰ ৰাম মন্দিৰ নে বাবৰী মছজিদ গ্ৰন্থ কেইখনে অধিক ক্ৰয় কৰিছে গ্ৰাহক সকলে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.