ETV Bharat / state

অসম আৰক্ষীৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক বদলি

author img

By

Published : Jun 26, 2021, 10:49 PM IST

অসম আৰক্ষী(Assam Police) ত বছৰৰ সৰ্ববৃহৎ ৰদবদল ৷ ৰাজ্যৰ প্ৰায় সকলো থানাৰে ভাৰপ্ৰাপ্ত বিষয়া সকলক সাল-সলনি কৰাৰ লগতে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, চিআইডি(CID) আদিৰো বহু বিষয়াক ৰদবদল কৰা হৈছে ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৷

193 Assam Police officers transferred
অসম আৰক্ষীৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক বদলি

গুৱাহাটী, ২৬ জুন : মুখ্যমন্ত্ৰীৰ লগতে গৃহ বিভাগৰো দায়িত্ব নিজৰ হাতত ৰখা ড৹ হিমন্ত বিশ্ব শৰ্মা দিছপুৰৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছত শনিবাৰে অসম আৰক্ষী(Assam Police)ত ঘটোৱা হয় বৃহৎ ৰদবদল । ৰাজ্যৰ প্ৰায় সকলো থানাৰে ভাৰপ্ৰাপ্ত বিষয়াসকলক সাল-সলনি কৰাৰ লগতে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, চি আই ডি আদিৰো বহু বিষয়াক ৰদবদল কৰা হয় । দিছপুৰ থানাৰ পৰা দলগাঁও থানালৈকে, ডুমডুমা থানাৰ পৰা আজাৰা থানালৈকে অসমৰ প্ৰায় সকলো থানাৰে ভাৰপ্ৰাপ্ত বিষয়াক (OC) বদলি কৰা হয় । সৰ্বমুঠ ১৯৩ গৰাকী আৰক্ষী বিষয়াক একেটা নিৰ্দেশৰ জৰিয়তে বদলি কৰা হৈছে ।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত আৰক্ষী বিভাগত এইটো হৈছে সৰ্ববৃহৎ ৰদবদল ৷ ইয়াৰ পূৰ্বে শাসনৰ ভাৰ লৈয়েই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে বদলি কৰা হৈছিল জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলক ৷ প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষকক বদলি কৰা হৈছিল কৰ্মৰত জিলাৰ পৰা আন জিলালৈ ৷

কেৱল আৰক্ষী বিভাগতে নহয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ব্যাপক ৰূপত ৰদবদল কৰা হৈছে জিলাসমূহৰ উপায়ুক্ত সকলকো ৷

যোৱা 14 মে’ত ৰাজ্যৰ প্ৰায় ডেৰকুৰি আৰক্ষী শীৰ্ষ বিষয়াক বদলি কৰা হৈছিল ৷ তাৰ পাচতে 18 মে’ত পুনৰ এক নিৰ্দেশযোগে বদলি কৰা হৈছিল কেইবাগৰাকীও আৰক্ষী বিষয়াক ৷ শনিবাৰে পুনৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক দিয়া হ’ল বদলিৰ নিৰ্দেশ ৷

ইতিমধ্যে অসম আৰক্ষীক ড্ৰাগছ, ছিণ্ডিকেট, অবৈধ সৰবৰাহ আদিৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশত ৰাজ্যৰ প্ৰতিখন জিলাতে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে বহুক্ষেত্ৰত আৰক্ষী সফল হোৱা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ কাৰ ৰেচন কাৰ্ড ঘূৰাই লোৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.