ETV Bharat / state

Erosion at Panikhaiti: খহনীয়া ৰোধিব পাৰিবনে জিঅ’ বেগে! ব্ৰহ্মপুত্ৰত জাহ গ’ল কোটি টকীয়া জিঅ’ বেগ

author img

By

Published : Jun 21, 2023, 7:02 PM IST

গৰখহনীয়াৰ ভয়ংকৰ ৰূপ পানীখাইটিত ৷ খহনীয়া ৰোধৰ বাবে স্থাপনৰ কৰা প্ৰায় ১৫ কোটি টকাৰ জিঅ‘ বেগ জাহ গ’ল ব্ৰহ্মপুত্ৰৰ বুকুত ৷

15 crore geo bags submerged in Brahmaputra
ব্ৰহ্মপুত্ৰত জাহ গ’ল কোটি টকীয়া জিঅ’ বেগ

গুৱাহাটী, ২১ জুন: ৰাজ্যজুৰি বানৰ সংহাৰ ৷ ৰাজ্যখনত বিগত দিনকেইটাত নেৰা নেপেৰাকৈ বৰষুণ দি থকাৰ ফলত নৈ, উপনৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহিছে ৷ ইয়াৰ সমান্তাৰলকৈ গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চল পানীখাইতিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ৷ ফলত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ।

ঐতিহাসিক হাতিশীলা গণেশ মন্দিৰৰ পৰা পানীখাইতিৰ তামোলবাৰীলৈ বৃহৎ এলেকা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰিছে ৷ শেহতীয়াকৈ খহনীয়া ৰোধৰ বাবে চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে প্ৰায় ১৫ কোটি টকাৰ ব্যয় কৰি জিঅ‘ বেগ বহুৱাইছিল ৷ কিন্তু ইতিমধ্যে কোটি টকীয়া জিঅ’ বেগ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ।

ইফালে প্ৰতিদিনেই ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ লগে লগে অঞ্চলটোত খহনীয়াই ভায়ানক ৰূপ ধাৰণ কৰি কৃষি ভূমিৰ লগতে অঞ্চলবাসীয়ে বসবাস কৰা ভূমি চপৰা চপৰকৈ খহাইছে ৷ বহু পৰিয়ালে এতিয়া নিজৰ মাটি-ভেটি মাটি হেৰুৱাৰ আশংকাত আতংকিত হৈছে ৷ ইতিমধ্যে অঞ্চলকেইটাৰ লোকসকলে সুৰক্ষাৰ বাবে নিৰাপদ স্থানলৈ গতি কৰিছে। ইফালে খহনীয়াই নাৰেংগী- চন্দ্ৰপুৰ ৩ নং ৰাজ্যিক ঘাইপথলৈ অশনি
সংকেত কঢ়িয়াই আনিছে।

উল্লেখ্য যে, SOPDG আঁচনিৰ অধীনত ১৪ কোটি ৭২ লাখ ৮০ হাজাৰ টকা ব্যয়ৰে জল সম্পদ বিভাগে কিছুদিন পূর্বে পানীখাইতিত জি'অ বেগ আৰু পাৰকুপাইন স্থাপনৰ কাম কৰিছিল। কিন্তু এই জিঅ’ বেগসমূহ সম্প্ৰতি ব্ৰহ্মপুত্ৰ নৈৰ বুকুত জাহ যোৱাত অঞ্চলটোত পুনৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বিজ্ঞান সন্মতভাৱে খহনীয়া ৰোধৰ কাম নকৰাৰ ফলতে খহনীয়া ৰোধৰ প্ৰচেষ্টা কৰা কোটি কোটি টকা ব্ৰহ্মপুত্ৰ নৈৰ বুকুত জাহ গৈছে ।

লগতে পঢ়ক: Heavy erosion in Nalbari:পাগলাদিয়াত জাহ যোৱাৰ উপক্ৰম হানাপাৰা গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.