ETV Bharat / state

Road Accident Data : কামৰূপ জিলাত ১৪.২৪ শতাংশ পথ দুৰ্ঘটনা হ্ৰাস

author img

By

Published : Jul 28, 2022, 8:23 PM IST

কামৰূপ জিলাত ২০১১ বৰ্ষৰ জানুৱাৰীৰ পৰা ২০২১ জুনলৈকে হোৱা পথ দুৰ্ঘটনাৰ বিপৰীতে ২০২২ বৰ্ষৰ উক্ত সময়ছোৱাত ১৪.২৪ শতাংশ পথ দুৰ্ঘটনা হ্ৰাস পাইছে । লগতে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৮.৭৫ শতাংশ হ্ৰাস পাইছে (Road accidents in Kamrup district declined) ।

Road Accident Data
Road Accident Data

গুৱাহাটী, ২৮ জুলাই : কামৰূপ জিলাত যোৱা ১০ বছৰৰ পিছত (Road accident decrease in Kamrup District) পথ দুৰ্ঘটনা হ্ৰাস পোৱাৰ উপৰি পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে (Death related to road accident decrease in Kamrup) । কামৰূপ জিলাত ২০১১ বৰ্ষৰ জানুৱাৰীৰ পৰা ২০২১ জুনলৈকে হোৱা পথ দুৰ্ঘটনাৰ বিপৰীতে ২০২২ বৰ্ষৰ উক্ত সময়ছোৱাত ১৪.২৪ শতাংশ পথ দুৰ্ঘটনা হ্ৰাস পাইছে ।

কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক
কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক

লগতে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৮.৭৫ শতাংশ হ্ৰাস পাইছে । এই তথ্য সদৰী কৰিছে কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই (Kamrup District Transport Officer) । বৃহস্পতিবাৰে অনুষ্ঠিত কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠকত এই তথ্য সদৰী কৰি কামৰূপ জিলা পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতাই কয় যে দুৰ্ঘটনা হ্ৰাসৰ দিশত জিলাখনে কিছু পৰিমাণে সফল হৈছে ।

উল্লেখ্য যে কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকখন জিলা উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লীৰ অধ্যক্ষতাত (District Road Safety Committee chairman Kirti Jalli) সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । জিলা উপায়ুক্ত তথা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ কীৰ্তি জল্লীয়ে নিজৰ আদৰণী ভাষণত পথ সুৰক্ষাৰ দিশত সজাগতা তথা যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিশত সংশ্লিষ্ট সকলোৰে পৰা সহযোগিতা কামনা কৰাৰ লগতে কামৰূপ জিলাক এই দিশত এক আদৰ্শ জিলালৈ ৰূপান্তৰিত কৰাৰ আহ্বান জনায় ।

নতুন নিৰ্দেশনা অনুসৰি নতুনকৈ গঠন কৰা পথ সুৰক্ষা সমিতিখনৰ সদস্য-সচিব উত্তৰ কামৰূপ কেন্দ্ৰীয় পূব সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ বৈশ্যই সভাৰ উদ্দেশ্য ব্যখ্যাত কামৰূপ জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাটোৱে আজিৰ সভাৰ মূল উদ্দেশ্য বুলি কয় । বৈঠকত ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ উপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হয় । উপায়ুক্তই এই দিশত সংশ্লিষ্ট সকলো পক্ষক সমৰি এক বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে (Kamrup DC Kirti Jalli)।

উপায়ুক্তগৰাকীয়ে লগতে আৰক্ষী বিভাগক দুৰ্ঘটনাৰ তথ্য প্ৰদানৰ লগতে দুৰ্ঘটনাৰ স্থান উল্লেখ কৰাৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে যাতে দুৰ্ঘটনা সংঘটিত হোৱা সেই স্থানত দুৰ্ঘটনা ৰোধৰ পদক্ষেপ ল'ব পৰা যায় । বৈঠকত বিদ্যালয়ৰ বাছসমূহৰ উপযুক্ত সুৰক্ষা ব্যৱস্থাৰ বিষয়টো পৰীক্ষণ কৰাৰ বিষয়েও আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বাকী থকা বিদ্যালয়ৰ বাছসমূহৰ সুৰক্ষাৰ পৰীক্ষণ কাৰ্য শীঘ্ৰে সমাপনৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । বৈঠকত মদনপুৰস্থিত টোল গে'টখনক এখন আদৰ্শ টোল গে'টলৈ ৰূপান্তৰকৰণৰ বিষয়েও আলোচনা কৰা হয় ।

টোল গে'টখনক পূৰ্ণাঙ্গ টোল গে'টলৈ (Full Fledged) ৰূপান্তৰকৰণৰ অগ্ৰগতিৰ দিশসমূহ বৈঠকত উপস্থিত থকা এন এইচ এ আইৰ বিষয়াগৰাকীয়ে অৱগত কৰায় । বৈঠকত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, এন এইচ এ আই, লোকনিৰ্মাণ ইত্যাদি বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :Eminent Poet Hiren Bhattacharya Birthday : হীৰুদাৰ ৯০ সংখ্যক ওপজা দিন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.