আজাৰা, 5 আগষ্ট : দক্ষিণ কামৰূপৰ ৰামপুৰস্থিত ব্ৰিটেনিয়া ফেক্টৰী বৰ্তমান কৰ‘ণা ভাইৰাছৰ সংক্ৰমণৰ হটস্পট হিচাপে পৰিগণিত হৈছে । মাত্ৰ সাত দিনতে উদ্যোগটোৰ ১২৩ জন বিষয়া-কৰ্মচাৰীৰ দেহত ধৰা পৰিছে ক'ভিড ১৯ পজিটিভ । কিন্তু ইমানৰ পিছতো বন্ধ কৰা নাই উদ্যোগটোৰ কাম-কাজ ।
অভিযোগ মতে কিছুদিন পূৰ্বে উদ্যোগটোৰ অভিজিৎ সাহা নামৰ এজনৰ দেহত ধৰা পৰিছিল কৰ‘ণাৰ অৱস্থিতি ৷ কিন্তু উদ্যোগটোৱে কোনো গুৰুত্ব প্ৰদান নকৰি চলাই গৈছিল কাম-কাজ । ফলত এতিয়া তীব্ৰ গণসংক্ৰমণ সৃষ্টি হৈছে দক্ষিণ কামৰূপত । পলাশবাৰী সমষ্টিৰ ৩১১ জন ক'ভিড-১৯ পজিটিভ ৰোগীৰ ১২৩ জনেই ব্ৰিটানিয়া উদ্যোগৰ । কিন্তু ইমানৰ পিছতো অঞ্চলবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে উদ্যোগটোৱে । শুকুৰবাৰৰ দিনটোত ৩৪ জন কৰ্মচাৰীৰ দেহত ক'ভিড ১৯ ধৰা পৰাৰ পিছতো শনিবাৰে নিশাৰ পৰাই উদ্যোগটোয়ে আৰম্ভ কৰিলে কাম-কাজ । এই ক্ষেত্ৰত প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ক'ভিড ১৯ পজিটিভ চিনাক্ত হোৱাৰ ২৪ ঘণ্টাৰ পিছতেই সম্পূৰ্ণ তিনিটা শ্বিফ্টৰে কাম আৰম্ভ কৰিছে উদ্যোগটোয়ে । ফলত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় বাসিন্দাসকল । কিয়নো উদ্যোগটোত কৰ্মৰত প্ৰায় সকলো লোকে নিকটৱৰ্তী গাঁও সমূহত ভাড়াতীয়া হিচাবে আছে অথবা উক্ত অঞ্চলৰ বাসিন্দা ৷
অৱশেষত বুধবাৰে একাংশ ৰাইজৰ সৈতে মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আলোচনাত মিলিত হয় কামৰূপ জিলাৰ জিলা উপায়ুক্ত । উপায়ুক্ত গৰাকীয়ে ৰাইজৰ অভিযোগসমুহ গুৰুত্বসহকাৰে শুনে যদিও পূৰ্বৰ দৰেই নীতি নিয়ম মানি চলি উদ্যোগটোৰ কতৃপক্ষক কাম কাজ চলাই যাবলৈ কয় । ইয়াৰ লগতে চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰটকল মানি চলি প্ৰতিদিনে চেনিটাইজাৰ কৰাৰ লগতে নিশাৰ সান্ধ্য আইন মানি চলি নিগেটিভ পোৱা লোকৰেহে কাম কাজ চলাই নিয়াৰ বাবে আদেশ দিয়ে ৷
আনহাতে প্ৰশাসনৰ নিৰ্দেশ সম্পূৰ্ণ ৰূপে পালন কৰি উদ্যোগটোৰ কাম কাজ পুনৰ নিয়াৰিকৈ পালন কৰা হ'ব বুলি জানিবলৈ দিলে উদ্যোগ কৰ্তৃপক্ষই ।
লগতে পঢ়ক : বানৰ পাচত উৎকট গৰমে দহিছে ৰাজ্যবাসীক