ETV Bharat / state

এম.এম.চি.এইছত আছে 112 গৰাকী কোভিড পজিটিভ ৰোগী - মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত বৰ্তমান আছে 112 গৰাকী কোভিড-19 পজিটিভ ৰোগী । লগতে বৰ্তমান 6 গৰাকী মহিলা আৰু 3 গৰাকী পুৰুষ কোভিড ৰোগীৰ বাবে আছে বিচনা । প্ৰয়োজন হ’লে চিকিৎসালয়খনত বৃদ্ধি কৰা হ'ব ৰোগীৰ বাবে বিচনাৰ সংখ্যা । চিকিৎসালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাই সদৰী কৰে এই কথা ৷

এম.এম.চি.এইছত থকা কোভিড পজিটিভ ৰোগী সন্দৰ্ভত মন্তব্য

author img

By

Published : May 23, 2020, 4:06 PM IST

গুৱাহাটী, 23 মে’: প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে কোভিড-19ত আক্রান্তৰ সংখ্যা । মহানগৰী গুৱাহাটীত বৰ্তমান কোভিড ৰোগীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চৰকাৰীভাৱে চিকিৎসা প্ৰদান কৰা হৈছে । ইয়াৰ মাজতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আছে 112 গৰাকী কোভিড ৰোগী ।

এম.এম.চি.এইছত থকা কোভিড পজিটিভ ৰোগী সন্দৰ্ভত মন্তব্য

চিকিৎসালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মা জনোৱা মতে, চিকিৎসালয়খনত এতিয়া কেৱল মাত্ৰ 6 গৰাকী মহিলা আৰু 3 গৰাকী পুৰুষ কোভিড ৰোগীৰ বাবেহে খালী আছে বিচনা । এনে ক্ষেত্ৰত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পালে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত বৃদ্ধি কৰা হ'ব বিচনা সংখ্যা । ইয়াৰ উপৰিও চৰকাৰে সোণাপুৰ চিকিৎসালয় আৰু কলপাহাৰ চিকিৎসালয়ত কোভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.