ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ

11 বজাৰ শীৰ্ষ দহটা খবৰ

11 TOP TEN BULLETIN
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 10, 2020, 11:30 AM IST

বিলাসীপাৰাত তিনি যুৱকে ওৰে নিশা ধৰ্ষণ কৰিলে দুই ছাত্ৰীক

বিলাসীপাৰাৰ হাৰকাটা মুছলিমপাৰা গাঁৱত সংঘটিত হৈছে এক পাশৱিক ধৰ্ষণ কাণ্ড ৷ অভিযোগ অনুসৰি,তিনি যুৱকে ওৰেটো নিশাই ধৰ্ষণ কৰে দুই নাবালিকা ছাত্ৰীক ৷ ইতিমধ্যে, স্থানীয় ৰাইজে তিনি অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

মঙলবাৰে তিৱা ছাত্ৰ সন্থাই আহ্বান জনোৱা মধ্য অসম বন্ধত স্তব্ধ হৈ পৰিল নগাওঁ জিলাৰ কঠীয়াতলী । বন্ধৰ সময়ছোৱাত যানবাহনৰ চলাচল বন্ধ থকাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো বন্ধ থকা পৰিলক্ষিত হয় ৷

নগাঁও আৰক্ষীক আক্ৰমণ কৰা আন এক অভিযুক্ত আৰক্ষীৰ জালত

নগাঁৱৰ মৰিকলং আৰক্ষী চকীত আক্ৰমণৰ ঘটনাত জড়িত আন এক অভিযুক্ত আৰক্ষীৰ জালত । গোপন সূত্ৰৰ ভিত্তিত নগাঁৱৰ পৰাই আটক কৰিবলৈ সক্ষম হয় আৰক্ষীক আক্ৰমণৰ অন্যতম অভিযুক্ত শ্বাহাৰুল হকক।

এটা ৰাস্তাই জলাক'লা খোৱাইছে সাধাৰণ পথচাৰীক

মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়ৰ বন কছাৰী গাঁৱৰ এটা ৰাস্তাই জলাক'লা খোৱাইছে সাধাৰণ পথচাৰীক ৷ উন্নয়নকামী জনপ্ৰতিনিধিৰ চকুত নপৰা এই ৰাস্তাটোত কলগছৰ দাং পাৰি যাতায়ত কৰিবলগীয়া হৈছে গাঁওখনৰ লোকসকল ৷

মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা

মৰিগাঁৱত ৰাইজৰ দলৰ ৰাজনৈতিক তৎপৰতা,পবিতৰাহাট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৰ্মীসভাত গঠন কৰা হয় এখন 55 জনীয়া সমন্বয়ক সমিতি ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাকে প্ৰমুখ্য কৰি উপস্থিত থাকে বহু কেইজন কৃষক নেতা ৷

মালিগাঁৱত সুৰাপায়ী যুৱকৰ তাণ্ডৱ,ভাঙিলে পদপথৰ দোকান

মহানগৰীত সুৰাপায়ী যুৱকৰ গুণ্ডাগিৰি ৷ আদাবাৰীত পদপথৰ দোকান ভাঙিলে যুৱকৰ দলে ৷ ঘটনাস্থলীৰ পৰা জালুকবাৰী আৰক্ষীয়ে আটক কৰে এজনক ৷

পৰ্যটকৰ আগমণত প্ৰাণ পাই উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ আগমণে আনন্দিত কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ল'জ,ৰেষ্টোৰা কৰ্তৃপক্ষক ৷ সম্পূৰ্ণ 8 মাহৰ বিৰতিৰ পিচত প্ৰাণ পাই উঠিছে ৰাষ্ট্ৰীয় উদ্যানখন ৷

মৰিগাঁৱত ভগা জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধাই

মৰিগাঁৱত জৰাজীৰ্ণ জুপুৰীত দিন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধা মহিলাই ৷ জিলাখনৰ ভূৰবন্ধা খণ্ড উন্নয়নৰ অন্তৰ্গত বঘৰা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মৈধালি-কলংপাৰ গাঁৱৰ খৰ্গেশ্বৰী হীৰা নামৰ বৃদ্ধা মহিলা গৰাকীয়ে আশ্ৰয় বুলিবলৈ এখন মাত্ৰ টিনৰ চালিকে লৈ দিন অতিবাহিত কৰিব লগা হৈছে ৷

দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন "অসম ছাত্ৰ পৰিষদ"

দৰঙত গঠন হ'ল অসম গণ পৰিষদৰ ভাতৃ ছাত্ৰ সংগঠন " অসম ছাত্ৰ পৰিষদ"| এক বিশাল সমদলেৰে সোমবাৰে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱাক আদৰণি জনায় মঙ্গলদৈৰ অগপই ৷ দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় দেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত অজয় শৰ্মাক সভাপতি আৰু কুলদ্বীপ ডেকাক সম্পাদক হিচাপে লৈ গঠন কৰা হয় 41 জনীয়া সমিতি ৷

পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLCৰ প্ৰতিবাদ

কাৰ্বি আংলঙত কাৰ্বি আংলংৰ বিৰোধী ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ প্ৰতিবাদ ৷ কাৰ্বি আংলঙৰ জনজাতীয় লোকসকলক এন্ধাৰত ৰাখি অতি সংগোপনে জিলাখনত পঞ্চায়তী ৰাজ ব্যৱস্থা চলাই যোৱাৰ অভিযোগ এপিএইছএলচিৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.