ETV Bharat / state

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN NEWS

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 20, 2021, 12:57 PM IST

আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ

আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰা ভাৰতীয় মূলৰ কমলা হেৰিছে বুধবাৰে শপত গ্ৰহণ কৰিব ।

ভাত খোৱাৰ পূৰ্বে হিমন্ত বিশ্বই তিনিবাৰ আজমলৰ নাম জপ কৰে !

বাঘবৰত কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদ,সৰুক্ষেত্ৰী জাকিৰ হুছেইন শিকদাৰ আৰু চেঙা সমষ্টি আছে শুকুৰ আলী আহমেদ দখলত ৷ তাৰ পিচতো কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ দখলত থকা চেঙাত আজমলে ঘোষণা কৰিলে এআইইউডিএফৰ প্ৰাৰ্থী ৷ '২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদৰ বিৰুদ্ধে যুঁজত নামিব এআইইউডিএফৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলাম ৷

অসমত বসবাস কৰা বড়ো,আদিবাসী,নেপালী সকলোৱে খিলঞ্জীয়া : মন্ত্রী ৰঞ্জিত দত্ত

আধাৰশিলা স্থাপনৰ উদ্দেশ্যে বিশ্বনাথত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দত্ত ৷ কেইবাটাও আঁচনিৰ আধাৰশিলা স্থাপনৰ পাচতে ৰাজহুৱা সভাত অংশ গ্রহণ কৰি কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক তীব্র সমালোচনা কৰে ৷

আমগুৰিত 6 বছৰে সম্পূৰ্ণ ন'হল মডেল চিকিৎসালয়

চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্যৰ দুৰ্নীতিৰ তদন্ত বিচাৰি আৰু শীঘ্ৰে মুকলি কৰাৰ দাবীত ২৩ জানুৱাৰীত জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সভাত প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছে টাই আহোম যুৱ পৰিষদে ৷

ছয়গাঁৱত আৰক্ষীৰ জুৱাৰ বিৰুদ্ধে অভিযান

আৰক্ষীয়ে অভিযান কালত তীৰ খেলৰ লগত জড়িত দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা ব্যক্তি দুজন হৈছে মঙ্গল চন্দ্ৰ বাৰৈ আৰু সুম্ভচৰণ চৰকাৰ ।

উত্তৰ প্ৰদেশৰ 6 লাখ হিতাধিকাৰীলৈ PMAY-G আঁচনিৰ আৰ্থিক সাহাৰ্য প্ৰধানমন্ত্ৰীৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ প্ৰদেশৰ 6.1 লাখ হিতাধিকাৰী,উপকৃত হোৱকৈ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত (গ্ৰামীণ) 2,691 কোটি টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰিব ৷

ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা

ৰাষ্ট্ৰীয় কৃষি গ্ৰ‍াম‍্য উন্নয়ন বেংকৰ 'ই-শক্তি' প্ৰকল্পৰ আঁচনিক সফলভাৱে ৰূপায়ণ কৰি ৰাজ্যৰ পাঁচখন জিলাৰ ভিতৰত ভলাগুৰি সত্ৰ সমবায় সমিতিয়ে লাভ কৰিলে নাবাৰ্ডৰ 'গুড-পাৰ্ফমেঞ্চ' বঁটা ৷ ১৯২০ চনতে স্থাপন হোৱা সমবায় সমিতি খনে কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে ৷

বৰদোৱাত ভোগালী উৎসৱৰ সমাৰণি

ভোগালী উৎসৱ কাৰ্যসূচী অনুসৰি সোমবাৰৰ পুৱাৰে পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পাছতে বটদ্ৰৱা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বয়োজেষ্ঠ্য আৰু বিশিষ্ট ব্যক্তিসকলৰ সম্বৰ্ধনা জনায় উদযাপন সমিতিয়ে ।

পুনৰ সীমান্তত যুদ্ধ বিৰতি উলংঘন কৰিলে পাকিস্তানী সেনাই

2021 চনৰ প্ৰথমটো আক্ৰমণৰ ঘটনাৰে পুনৰ ভাৰত পাকিস্তান সীমান্তত যুদ্ধ বিৰতি উলংঘন কৰিলে পাকিস্তানী সেনাই ৷ জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলালে পাকিস্তানী সেনাই ৷

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনা

পশ্চিমবংগৰ জলপাইগুৰিত ভয়ানক পথ দুৰ্ঘটনাত নিহত ১৩ । আহত কেবাজনো ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.