ETV Bharat / state

টীয়কত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ কৰ্তৃপক্ষ - Kaliapani development block

যোৰহাট জিলাত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কামত বিগত সময়ত বহু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এই পৰিপ্ৰেক্ষিতত যোৰহাট জিলা পৰিষদ(Jorhat Zila Parishad )ৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাই বুধবাৰে জিলাখনৰ টীয়কৰ কেইবাখনো পঞ্চায়তত উপস্থিত হৈ দায়বদ্ধ কৰ্মচাৰী সকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অৰ্ধ নিৰ্মিত ঘৰ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে ৷

zila-parishad-authority-of-jorhat-goes-strict-on-implementation-of-prdhan-mantri-awash-yojna
টীয়কত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ কৰ্তৃপক্ষ
author img

By

Published : Jun 30, 2021, 9:16 PM IST

টীয়ক, 30 জুন : বুধবাৰে যোৰহাট জিলা পৰিষদ(Jorhat Zila Parishad )ৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰাই টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ড(Kaliapani development block)ৰ অধীনস্থ পূৱ টীয়ক, বলমা পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহ(Pradhan mantri awash Yojna)ৰ কামৰ অগ্ৰগতিৰ বুজ লয় । পঞ্চায়ত সমূহৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলৰ বাবে আৱন্টন হোৱা আৱাস যোজনাৰ ঘৰ সমূহ নিৰ্মাণৰ ক্ষেত্ৰত বিগত সময়ত বহু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেয়ে কাৰ্যবাহী বিষয়াগৰাকীয়ে নিজে গৈ ঘৰ সমূহৰ চৰজমিন তদন্ত কৰি অসম্পূৰ্ণ ঘৰ সমূহ অনতি পলমে সম্পূৰ্ণ কৰিবলৈ হিতাধিকাৰী সকলক আহ্বান জনায় ।

টীয়কত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত তৎপৰ কৰ্তৃপক্ষ

আনহাতে, বৰ্তমানে যি সমূহ গৃহৰ বাবে ২০১১ চনৰ জৰীপ অনুসৰি নতুনকৈ তালিকা আহিছে সেই গৃহ সমূহ নিৰীক্ষণ কৰিবলৈ গাঁও পঞ্চায়ত সমন্বয়কক নিৰ্দেশ দিয়ে । বিশেষকৈ, বলমা পঞ্চায়তৰ টীয়ক চাহবাগিচা অঞ্চলৰ শ্ৰমিক সকলৰ গৃহ সমূহৰ ক্ষেত্ৰত অনুমোদিত ধনৰ যাতে সদব্যৱহাৰ হয় তাৰ প্ৰতি লক্ষ্য কৰিবলৈ পঞ্চায়ত সভাপতি প্ৰমুখ্যে কাৰ্যালয়ৰ অন্য কৰ্মচাৰী সকলৰ সৈতে আলোচনা কৰে ৷ ইয়াৰ লগতে অসুবিধা সমূহৰ সমাধান কৰা লগতে হিতাধিকাৰী জনে যাতে সুন্দৰ গৃহ লাভ কৰে তাৰ প্ৰতি লক্ষ্য কৰিবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, এই তদন্তৰ মাজতে বিষয়াগৰাকীয়ে পূৱ টীয়ক গাঁও পঞ্চায়তত অৱস্থিত টাই আহোম উন্নয়ন পৰিষদ (Tai ahom unnyan pariashad)ৰ দ্বাৰা নিৰ্মিত হস্ত তাঁত বস্ত্ৰ শিল্পৰ কোটি টকীয়া প্ৰকল্পটো পৰিদৰ্শন কৰি কাৰ্যক্ষম কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক : মন্থৰ গতিত টীকাকৰণৰ চৰকাৰী বিশাল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.