ETV Bharat / state

Youth arrested for extorting money: আলফাৰ নামত ধন দাবী কৰি টিয়কত গ্ৰেপ্তাৰ যুৱক - আলফাৰ নামত ধন দাবী কৰি টিয়কত গ্ৰেপ্তাৰ

আলফাৰ নামত ধন দাবী কৰি টিয়কত গ্ৰেপ্তাৰ যুৱক ৷ উকিলক টকা দিবলৈ ধন উপাৰ্জন কৰিব নোৱাৰি কাকজানৰ দুজন ব্যক্তিক আলফাৰ নামত ধন দাবী কৰিছিল ৷ তাৰ পিছতেই আৰক্ষীৰ জালত পৰে যুৱকজন ৷

Youth arrested for demanding money in name of ULFA
আলফাৰ নামত ধন দাবী
author img

By

Published : Jan 19, 2023, 3:56 PM IST

আলফাৰ নামত ধন দাবী

টীয়ক, 19 জানুৱাৰী: "গোচৰ ৰুজু হৈ আছে আদালতত ৷ NRC ৰ নামত ৰুজু হৈ আছে গোচৰ ৷ আজি আদালতত শুনানি আছিল ৷ কাম কৰি 30 হাজাৰ টকা উপাৰ্জন কৰি আদালতত দিলো ৷ কিন্তু বাকী পইচা গোটাব নোৱাৰিলো ৷ সেইকাৰণে আলফাৰ নামত ধন দাবী কৰিবলগীয়া হ’ল ৷ চিঠিৰ জৰিয়তে ধন দাবী কৰিছিলো ৷" এয়া আলফা স্বাধীনৰ নামত ধন দাবী কৰা এজন যুৱকৰ ভাষ্য ৷

নিষিদ্ধ ঘোষিত আলফাৰ নামত ধন দাবী কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হৈছে টীয়কৰ কাকজানৰ চিৰাজুল হুছেইন নামৰ এজন যুৱক (Youth arrested for demanding money in name of ULFA) । চিৰাজুলে কাকজান অঞ্চলৰ দুজন ব্যক্তিক আলফাৰ নথিত এখন চিঠি লিখি ধন দাবী কৰিছিল ৷ এজনক একলাখ আৰু আন এজনক সত্তৰ হাজাৰ টকা দাবী কৰিছিল ৷ লগতে ভাবুকিও প্ৰদান কৰিছিল ৷ ধন দাবী পূৰণ নকৰিলে চৰম শাস্তিৰো ভাবুকি দিছিল চিৰাজুলে ।

বুধবাৰে নিশা টীয়ক আৰক্ষীৰ থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষী চকীৰ উপ-পৰিদৰ্শক অজয় ​​ৰেগন আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাঙৰ নেতৃত্বত এটা দলে কৌশলেৰে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে চিৰাজুল আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন(NRC)ত নাম সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত বিদেশী ন্যায়ধীশ আদালত গোচৰ চলি আছে ৷ এই গোচৰৰ শুনানি আছিল 19 জানুৱাৰী তাৰিখ অৰ্থাৎ আজি ৷ যাৰ বাবে উকিলক দিব লাগিছিল ধন ৷ কিন্তু সময়মতে যোগাৰ নহ’ল ধন ৷ তাতেই লাগিল কেনা ৷ উকিলক ধন দিবৰ বাবে টকা যোগাৰ নোহোৱাত অতি কৌশলৰে ধন সৰকোৱাৰ পৰিকল্পনা কৰিছিল ৷ পৰিকল্পনাটো আছিল আলফা স্বাধীনৰ নামত ধন দাবী কৰা ৷

যুৱকজনে সাংবাদিকৰ আগত স্বীকাৰ কৰি কয় যে এই পৰিকল্পনা সফল কৰিবলৈ দুটা পৰিয়ালক চিঠিযোগে দাবী কৰিছিল ধন ৷ ধন নিদিলে ইয়াৰ পৰিণাম বেয়া হ’ব বুলিও সকীয়নি প্ৰদান কৰিছিল দুটাকৈ পৰিয়ালক ৷ কিন্তু এই চিঠি পোৱাৰ পিছতেই আৰক্ষীক গোপনে খবৰ দিছিল দুঘৰে ৷

তাৰ পিছতেই আৰক্ষীয়ে অতি কৌশল অৱলম্বন কৰি গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ সম্প্ৰতি আলফাৰ নামত ধন দাবী কৰি ৰঙা ঘৰৰ আৰক্ষী হ’ল চিৰাজুল ৷

লগতে পঢ়ক: Poor family of Moran : দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত চকু পৰিবনে জনপ্ৰতিনিধিৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.