ETV Bharat / state

সন্দেহযুক্ত ড্ৰাগছসহ আটক তিনি যুৱক - drugs supplier arrested

যুৱ প্ৰজন্মৰ মাজত দ্ৰুত গতিত বৃদ্ধি পাইছে ড্ৰাগছৰ আসক্তি । ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ মুক্ত মনেৰে অধিকাৰ দিয়া সময়তে এইবাৰ ৰাইজো জপিয়াই পৰিছে ড্ৰাগছ বিক্ৰেতা আৰু আসক্ত লোকৰ বিৰুদ্ধে ।

Assam Police
ৰাইজৰ হাতত আটক ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : Jul 6, 2021, 5:14 PM IST

যোৰহাট, 6 জুলাই : সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ-গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ আৰক্ষীৰ লগতে তৎপৰ হৈছে ৰাজ্যৰ জনতা ৷

যোৰহাটৰ ডিগম্বৰ চুকত সোমবাৰে নিশা ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে ৰাইজে ৰাজ চাহু নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ৷ স্থানীয় লোকে ৰাজু চাহু লগতে আন দুজন যুৱককো আটক কৰে ৷ আটক কৰা আন দুজন যুৱক ক্ৰমে বিকী চৌধুৰী (ৰাইবাহাদুৰ লেন) আৰু অৰিন্দম দাস (বংগাল পুখুৰী) ৷ ৰাজু চাহুৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ বাবে আহিছিল বিকী চৌধুৰী আৰু অৰিন্দম দাস ৷

কিন্তু ৰাইজে প্ৰত্যক্ষ কৰি যুৱক তিনিজনক আটক কৰি আৰক্ষীক গটাই দিয়ে ।

Assam Police
ৰাইজৰ হাতত আটক ড্ৰাগছ ব্যৱসায়ী

উল্লেখ্য যে, যোৰহাট নগৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে যদিও ড্ৰাগছ ব্যৱসায়ীয়ে বিভিন্ন কৌশল ব্যৱহাৰ কৰি ড্ৰাগছৰ বেহা চলাই আহিছে । বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত দ্ৰুত গতিত বৃদ্ধি পাইছে ড্ৰাগছৰ আসক্ত । ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিবলৈ মুক্ত মনেৰে অধিকাৰ দিয়া সময়তে এইবাৰ ৰাইজো জপিয়াই পৰিছে ড্ৰাগছ বিক্ৰী আৰু আসক্ত লোকৰ বিৰুদ্ধে ।

দৈনিক ড্ৰাগছৰ সেৱনৰ ফলত এতিয়া একাংশ নৱপ্ৰজন্মৰ জীৱন বিপন্ন হৈ পৰিছে । যাৰ ফলত ড্ৰাগছ সেৱন কৰিবৰ বাবে নিশাও ক্ৰয় কৰিবলৈ আহি ৰাইজৰ হাতত হাতে লোটে ধৰা পৰিল তিনি যুৱক । যদি আৰক্ষীক এইদৰে ৰাইজে এই ড্ৰাগছ বিৰোধী যুজঁখনত সহায় কৰে, তেতিয়া হ’লে সম্পূৰ্ণ নহ’লেও কিছু পৰিমাণে সফল হোৱাটো নিশ্চিত ।

লগতে পঢ়ক : নতুন SOP: 7 জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.