টীয়ক, ৫ জুন : দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱসৰ (World Environment Day) বিভিন্ন কাৰ্যসূচী । অসমৰো বিভিন্ন জিলাত চৰকাৰ তথা সংগঠন আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে আয়োজন কৰিছে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী ।
যোৰহাট জিলাৰ টীয়কতো বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উদযাপন কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান যোৰহাটস্থিত 'বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰ' (Rainforest Research Centre) ৰ সহযোগত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়,ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়,আৰক্ষী থানাকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীত মেচ কছাৰী যুৱ পৰিষদৰ লগতে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষকগোট তথা বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে সহযোগিতা আগবঢ়ায় ।
উল্লেখ্য যে, বিশেষকৈ পাৰকিয়া প্ৰজাতিৰ এক গছপুলি ৰোপনৰ ব্যৱস্থা কৰিছে গৱেষণা কেন্দ্ৰটোৱে । লগতে এই পাৰকিয়া গছে প্ৰকৃতিৰ সুৰক্ষাৰ সমান্তৰালকৈ অৰ্থনৈতিকভাৱেও সকলোকে স্বাৱলম্বী কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে । সেয়ে এই বিশেষ দিনটোত সকলোকে এই পাৰকিয়া গছপুলি ৰোপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে প্ৰতিস্থানটোৱে ।
লগতে পঢ়ক:জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন