ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন, তৃতীয় মহলাৰ পৰা জাপ দিলে প্ৰসূতিয়ে

author img

By

Published : Oct 16, 2019, 7:11 AM IST

Updated : Oct 16, 2019, 1:48 PM IST

স্বামীয়ে জনোৱা মতে, মানসিক ভাৱে দূৰ্বল হোৱাৰ বাবেই এই ঘটনা সংঘটিত কৰিলে পম্পীয়ে ।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হল যে ইমান সুৰক্ষা কৰ্মী থকাৰ লগতে বিভাগটোত চিকিৎসক,নাৰ্ছ থকাৰ পাছতো কিদৰে এগৰাকী প্ৰসূতি মহিলা তৃতীয় মহলৰ ওপৰৰ পৰা জপিয়াবলৈ সক্ষম হ'ল।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন

যোৰহাট, 16 অক্টোবৰঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিশা অঘটন।।তিনিমহলীয়া বিল্ডিঙৰ পৰা জপিয়ালে এগৰাকী প্ৰসূতিয়ে। এৰি থৈ গৈছে এটি ছয়দিনীয়া শিশু।।সমগ্র চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্য।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অঘটন
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি মাতৃ আৰু শিশু বিভাগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এগৰাকী প্ৰসূতি মাতৃয়ে চিকিৎসালয়ৰ তিনি নম্বৰ মহলৰ পৰা জপিয়াই আঁকোৱালি ললে মৃত্যুক।মাত্ৰ ছয়দিনীয়া শিশুটিক এৰি থৈ যোৱা প্ৰসূতি মাতৃ গৰাকীৰ নাম পম্পী তাঁতী। বোকাখাতৰ বিহৰাৰ পম্পী তাঁতীৰ স্বামীয়ে জনোৱা মতে, যোৱা নিশা প্ৰায় ২:৩০ বজাত স্বামী টোপনি যোৱাৰ সময়তে শিশুটিক বিচনাতে এৰি তিনি মহলাৰ পৰা জাপ দিয়ে পম্পীয়ে।

স্বামীয়ে জনোৱা মতে, মানসিক ভাৱে দূৰ্বল হোৱাৰ বাবেই এই ঘটনা সংঘটিত কৰিলে পম্পীয়ে ।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হল যে ইমান সুৰক্ষা কৰ্মী থকাৰ লগতে বিভাগটোত চিকিৎসক,নাৰ্ছ থকাৰ পাছতো কিদৰে এগৰাকী প্ৰসূতি মহিলা তিনি মহলৰ ওপৰৰ পৰা জপিয়াবলৈ সক্ষম হ'ল। নিশাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰখনৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰতো এতিয়া এই ঘটনাই প্ৰশ্ন উত্থাপন কৰিছে ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয় নিশা অঘটন।।তিনিমহলীয়া বিল্ডীংৰ পৰা জপিয়াই দিলে এগৰাকী প্ৰসুতিয়ে।এৰি থৈ গৈছে ছয় দিনীয়া কেচুৱা।।সমগ্র চিকিৎসা মহাবিদ্যালয় খনত চাঞ্চল্য।।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসুতিমাতৃ আৰু শিশু বিভাগ ভয়ংকৰ ঘটনা।এগৰাকী প্ৰসুতি মাতৃ য়ে তিনি মহলিয়া মহলৰ পৰা জপিয়াই আকোৱালি ললে মৃত্যুক।মাত্ৰ ছয় দিনীয়া শিশু এৰি মৃত্যু ক আকোৱালি লোৱা প্ৰসুতি মাতৃ গৰাকী পম্পী তাতী।বোকাখাতৰ বিহৰা মম্পী তাতীৰ স্বামীয়ে জনোৱা মতে যোৱা নিশা প্ৰায় ২:৩০ বজাত স্বামী টোপনি যোৱাৰ সময়তে শিশুটিক বিচনাতে এৰি তিনি মহলাৰ পৰা জপিয়াই দিয়ে।এই ঘটনাই সমগ্র বিভাগৰ লোক সকলৰ মাজত চাঞল্য সৃষ্টি কৰিছে।স্বামী জনোৱা মতে মানসিক ভাৱে দূৰ্বল হোৱাৰ বাবেই এই ঘটনা সংঘটিত কৰিল বুলি উল্লেখ কৰিছে।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হল যে ইমান সুৰক্ষা কৰ্মী থকাৰ লগতে বিভাগ টোত চিকিৎসক,নাৰ্ছ থকাৰ পাছতো কিদৰে এগৰাকী প্ৰসুতি মহিলা তিনি মহলৰ উপৰলৈ যাবলৈ পালে।নিশাৰ ভাগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰ চৰাত প্ৰকৃততে কিদৰে সুৰক্ষা লগতে চিকিৎসক,নাৰ্ছে কৰ্তব্য পালন কৰে সেয়া স্পষ্ট হৈ পৰিছে।
Last Updated : Oct 16, 2019, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.