ETV Bharat / state

টীয়কৰ বৈদহা চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ - যোৰহাট জিলা

যোৰহাট জিলাৰ টীয়কৰ মৰিয়নী সমষ্টিৰ বৈদহা চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ ৷ 20 জনীয়া এটি হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে বাগিচা অধ্যুষিত অঞ্চলটোত ৷ শংকিত বাগিচাবাসী ৷

wild-elephant-terror-at-teok
বৈদহা চাহ বাগিচাত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : May 9, 2021, 12:42 PM IST

টীয়ক,9 মে’: কৰ’ণাতংকৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ মৰিয়নী সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলৰ বৈদহা চাহ বাগিচাত শনিবাৰে বিয়লি ভাগত আতংকৰ সৃষ্টি কৰে এটি বন্যহস্তীৰ জাকে ৷ জানিব পৰা মতে, প্ৰায় 20 জনীয়া এটি হাতীৰ জাকে বিগত কেইদিনমানৰ পৰা অঞ্চলটোত তাণ্ডৱ চলাই আহিছে ৷

শনিবাৰে দুপৰীয়া বাগিচাত চাহপাত তুলি থকা শ্ৰমিকলৈ চোঁচা মাৰি আহে হাতীৰ জাকটোৱে । অৱশ্যে অঞ্চলটোৰ ৰাইজে হাতীৰ জাকটো খেদি গিবন অভয়াৰণ্যলৈ পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

বৈদহা চাহ বাগিচাত বন্যহস্তীৰ সন্ত্ৰাস

উল্লেখ্য যে, যোৰহাট বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাচতো এই মুহুৰ্তলৈকে বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ উজাগৰী নিশা কটাবলগীয়া হৈছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.