যোৰহাট, আগষ্ট 10 : যোৰহাটত ভোগদৈৰ ছিগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ৷ উল্লেখ্য যে, ভোগদৈ নৈৰ বাঢ়নী পানীয়ে মালৌখাতত মথাউৰি ছিগাৰ ফলত বানৰ কবলত পৰে উত্তৰ-পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চল ৷ মে' মাহৰ পৰা জুলাই মাহলৈকে প্ৰায় আঢ়ৈ মাহ পানীৰ বানৰ ফলত দুৰ্ভোগ ভুগিব লগীয়া হয় ৰাইজে ৷ বৰ্তমান ডি ডি এম আঁচনিৰ জৰিয়তে 80 লাখ টকা ব্যয়েৰে জিঅ' বেগৰ বান্ধ দি মেৰামতি কৰা হৈছে মালৌখাতৰ মথাউৰিৰ ছিগা অংশ ৷ শনিবাৰে পুৱা দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ ভৰালী আৰু জিলা উপায়ুক্তক লগত লৈ মথাউৰিৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ উল্লেখ্য যে, 2016 চনতে অঞ্চলটোৰ 1 কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰিৰ সৱলীকৰণৰ বাবে 4 কোটি টকা আৱণ্টন দিয়াৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে, বৰ্তমান জিঅ' বেগেৰে বান্ধ দিয়াৰ ফলত শনিবাৰে ভোগদৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে যদিও পানী সোমাব পৰা নাই উত্তৰ-পশ্চিম যোৰহাটত সোমাব পৰা নাই পানী ৷