যোৰহাট, ২৪ জুন: যোৰহাট জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত জল জীৱন মিছন আঁচনিখনৰ সঠিক ৰূপায়নৰ বাবে বৃহস্পতিবাৰে যোৰহাট প্ৰিঞ্চ অৱ ৱেলছ অভিযান্ত্ৰীক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয় ( Discussion on Jal Jiban Mission at Jorhat)। বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলক লৈ জিলাখনৰ শিক্ষানুষ্ঠানসমূহত খোৱাপানী যোগান সন্দৰ্ভত সজাগতা সভাখন অনুষ্ঠিত হোৱা বুলি জানিব পৰা গৈছে ৷
এই সভাখনত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে,চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি কৰাৰ দায়িত্ব আমাৰ (Dc of Jorhat on Jal Jiban Mission) ৷ ইয়াৰ বাবে আমি কষ্ট স্বীকাৰ কৰিবই লাগিব ৷ লগতে উপায়ুক্তগৰাকীয়ে কৰ'ণাৰ পিছত ৰাজ্যত অৰ্থনৈতিক সংকটে দেখা দিছে বুলিও উল্লেখ কৰে ।আনহাতে, ৰাজ্য়ত ৰাগীয়াল দ্ৰব্য ব্যৱহাৰকাৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে নৱ প্ৰজন্মক ৰাগীয়াল দ্ৰব্য ব্যৱহাৰৰ পৰা বিৰত ৰখাৰ উদ্যোগ শিক্ষক সমাজে ল'ব লাগিব বুলি কয়।

সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যৱাহী অভিযন্তা ভাস্কৰ শৰ্মাই আঁচনিখনৰ বিষয়ে বাখ্যা কৰে ৷ জল জীৱন মিছনৰ অধীনত জিলাখনৰ প্ৰতিখন শিক্ষানুষ্ঠানতে পানী যোগান ধৰিবলৈ "ভেচেল ফিল্টাৰ" প্ৰতিস্থা কৰাৰ পৰিকল্পনা কৰি জুলাই মাহৰ ভিতৰত সম্পন্ন কৰাৰ সংকল্প লোৱা হৈছে বুলিও বিষয়াকৰাকীয়ে জানিবলৈ দিয়ে ৷
জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ শুভলক্ষ্মী ৰাজকুমাৰীয়ে শিক্ষানুষ্ঠানসমূহত পানীৰ অপব্যৱহাৰ নহ'বৰ বাবে আৰু বিদ্যালয়সমূহৰ অন্যান্য সমস্যা সমাধান সম্পৰ্কে চোৱাচিতা কৰিবলৈ শিক্ষক -শিক্ষয়িত্ৰী আৰু শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ মাজত একোটাকৈ দল গঠন কৰা হ'ব বুলি কয় ৷ সমাজকৰ্মী জগন্নাথ অগ্নিবৰাই আঁতধৰা সভাখনত জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়াৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক:Flood in Assam 2022: কপিলীত জাহ গ’ল লংকাৰ এখন গাঁও