ETV Bharat / state

বিদ্যুতৰ মাচুল সন্দৰ্ভত যোৰহাট বিদ্যুৎ সংমণ্ডলৰ গুৰুত্বপূৰ্ণ তথ্য - ব্ৰহ্মপুত্ৰ নিৰ্মল ৱাটাৰ চাপ্লাই

চৰকাৰী কাৰ্যালয়ে সময়মতে পৰিশোধ নকৰে বিদ্যুতৰ মাচুল (ELECTRICITY BILL) । যোৰহাট, মাজুলী, দেৰগাঁৱৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰিবলৈ বাকী আছে প্ৰায় ৫ কোটি ৩৫ লাখ টকা । যোৰহাট বিদ্যুৎ সংমণ্ডলে পাবলগীয়া মুঠ বিদ্যুতৰ মাচুল হৈছে ১৪ কোটি টকা ।

ELECTRICITY BILL DEFICIT
বিদ্যুৎ মাচুল সন্দৰ্ভত যোৰহাট বিদ্যুৎ সংমণ্ডলৰ গুৰুত্বপূৰ্ণ তথ্য
author img

By

Published : Jun 15, 2021, 7:49 PM IST

যোৰহাট, ১৫ জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বিদ্যুৎ মাচুল আদায়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতেই যোৰহাট বিদ্যুৎ সংমণ্ডলে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে । এই তথ্য অনুসৰি, যোৰহাট সংমণ্ডলে এতিয়াও পাবলৈ বাকী আছে ১১৪ কোটি টকা বিদ্যুৎ মাচুল (ELECTRICITY BILL) ।

এই ১১৪ কোটি টকাৰ ভিতৰত ১২ কোটি ৪৩ লাখ টকা আদায় দিবলৈ বাকী আছে যোৰহাট সংমণ্ডলৰ অন্তৰ্ভুক্ত এ টি চিৰ চাহ বাগিচাসমূহে । আনহাতে, যোৰহাট, মাজুলী, দেৰগাঁৱৰ বিভিন্ন বিভাগৰ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰিবলৈ বাকী আছে প্ৰায় ৫ কোটি ৩৫ লাখ টকা ।

ELECTRICITY BILL DEFICIT
বিদ্যুৎ মাচুল সন্দৰ্ভত যোৰহাট বিদ্যুৎ সংমণ্ডলৰ গুৰুত্বপূৰ্ণ তথ্য

যোৰহাট, তিতাবৰ, মৰিয়নী, দেৰগাঁও পৌৰসভা আদিয়ে মুঠ আদায় দিবলগীয়া ধনৰ পৰিমাণ ৯৫,৬৯,০০০ টকা । বন বিভাগে বিদ্যুৎ মাচুল দিবলৈ বাকী আছে ৪,৩০,৯৬০ টকা । আৰক্ষীয়ে বিদ্যুৎ মাচুল দিবলৈ আছে ৭৯,২৫,৭৭৩ টকা । জনস্বাস্থ্য কাৰিকৰী বিভাগে (PUBLIC HEALTH ENGINRRING) বিদ্যুৎ মাচুল দিবলৈ আছে ২ কোটি ৫০ লাখ, ৩৭ হাজাৰ টকা ।

জলসিঞ্চন (Irrigation) বিভাগে পৰিশোধ কৰিবলগীয়া বিদ্যুৎ মাচুল হৈছে ৭৩,৩৫,৭০১ টকা । লোক নিৰ্মাণ বিভাগে (PWD) পৰিশোধ কৰিবলৈ আছে ৪,১৩,০০০ টকা । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ে দিবলৈ বাকী আছে ৯,৬০,৪৫৪ টকা ।

ব্ৰহ্মপুত্ৰ নিৰ্মল ৱাটাৰ চাপ্লায়ে আদায় দিবলগীয়া ধনৰ পৰিমাণ ৩১ লাখ টকা । আনহাতে, বিভাগটোৱে পাবলগীয়া ঘৰুৱা মাচুল (১-৫ কিলোৱাটৰ ভিতৰৰ) ৬০ কোটি টকা । ২০১৯-২০ বৰ্ষত প্ৰায় ২১ কোটি টকাৰ লোকচান হোৱাৰ বিপৰীতে ২০২০-২১ত এপ্ৰিল মাহলৈকে ১৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক:ৰঙিয়াত এম্বুলেঞ্চ প্ৰদান কৰিলে বিধায়ক ভৱেশ কলিতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.