ETV Bharat / state

Ula Fazbi in Jorhat : ধান খেতি আৰু গৱেষণা সম্পৰ্কে একেলগে কাম কৰিবলৈ পৰিকল্পনা কৰিছে ইৰিয়ে : ইৰিৰ উপ সঞ্চালক - আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান

শনিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হয় ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ উপ সঞ্চালক প্ৰধান উলা ফাজবি (Ula Fazbi in Jorhat) । ধান খেতিৰ শিক্ষা আৰু গৱেষণাৰ দিশত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে একেলগে কাম কৰাৰ পৰিকল্পনা কৰে ।

Ula Fazbi in Jorhat
অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হয় ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ উপ সঞ্চালক প্ৰধান উলা ফাজবি
author img

By

Published : Mar 26, 2023, 10:46 PM IST

যোৰহাট, 26 মাৰ্চ : ‘‘অসম ধান খেতিৰ বাবে অতিকে সম্ভাৱনাপূৰ্ণ এক ক্ষেত্ৰ ৷ এই ক্ষেত্ৰখনত সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ধানৰ দিশত অতি উন্নতি লাভ কৰিব পৰা যাব ৷ সেয়ে আমাৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে অনাগত দিনত অসমত ধান খেতি আৰু ধান গৱেষণাৰ দিশত সহযোগিতাৰে অধিক কাম কৰিবলৈ আগবাঢ়ি অহাৰ পৰিকল্পনা আছে । শনিবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰি এই মন্তব্য কৰে ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান(ইৰি)ৰ প্ৰতিষ্ঠানিক সেৱা আৰু ব্যৱস্থাপনা বিভাগৰ উপ সঞ্চালক প্ৰধান উলা ফাজবিয়ে (Ula Fazbi in Jorhat) ৷

তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটোৰ পাঁচজনীয়া প্ৰতিনিধি দলৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়লৈ অহা উপ সঞ্চালকজনে বিশ্ববিদ্যালয়ত এক উচ্চস্তৰীয় আলোচনাত মিলিত হয় । এই সভাতে অসমত ধানখেতিৰ সম্ভাৱনা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দৃষ্টিভংগীৰ তথা অসমত সাম্প্ৰতিক সময়ত কৰণীয় সম্পৰ্কে আলোচনা কৰে ।

বিশেষকৈ কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত অসম কৃষি বিশ্ববিদ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে সহযোগিতাৰে অধিক কাম কৰাৰ বিষয়ত সহমত পোষণ কৰে । অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (এপাৰ্ট)ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নডেল অফিচাৰ ড৹ ৰূপম বৰগোহাঁইয়ে আঁতধৰা সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই বক্তব্যত বিশ্ববিদ্যালয়ে অসমৰ জলবায়ু লগত খাপ খোৱাকৈ বিভিন্ন ধানৰ জাত উদ্ভাৱন কৰাৰ বিষয়ে প্ৰকাশ কৰে ৷

লগতে এই জাতসমূহে অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰৰ মান উন্নত কৰি অসমৰ কৃষকৰ জীৱন জীৱিকাৰ মান উন্নয়নত কেনেদৰে সহায় কৰিছে সেই সম্পৰ্কেও বাখ্যা আগবঢ়ায় । অসমৰ সামগ্ৰিক জীৱন চৰ্যাক নিয়ন্ত্ৰণ কৰা অসমৰ প্ৰধান খাদ্য-শস্য ধানক লৈ বিশ্ববিদ্যালয়ে কৰা সময়োচিত পৰিকল্পনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ইৰিৰ সহায় সহযোগ কামনা কৰে ।

ইৰিৰ দক্ষিণ এছিয়া গৱেষণা কেন্দ্ৰ, বাৰাণসীৰ সঞ্চালক ড৹ সুধাংশু সিঙে কৃষি ষ্টাৰ্ট আপ, কৃষি শিক্ষা আৰু প্ৰতিষ্ঠানিক উন্নয়নৰ জৰিয়তে নতুন ধাৰণাৰে অসমৰ কৃষিক্ষেত্ৰত পৰিৱৰ্তন অনাৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰে । বিশেষকৈ সামৰ্থ বৃদ্ধিৰ জৰিয়তে সামগ্ৰিক চিন্তাৰে আগবাঢ়িব যাবলৈ ইৰিয়ে সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্যই বিশ্ববিদ্যালয়ৰ কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ বিষয়ে আৰু এপাৰ্টৰ বিষয়ে ড৹ ৰূপম বৰগোহাঁইয়ে দৃশ্য শ্ৰাব্য মাধ্যমেৰে উপস্থাপন কৰা সভাখনত ইৰিৰ মানৱ সম্পদ(প্ৰতিভা ব্যৱস্থাপনা) বিষয়া প্ৰিয়ংকা মাথুৰ, শিক্ষা আৰু উন্নয়ন শাখাৰ মানৱ সম্পদ বিষয়া এঞ্জেলিকা ভেলাৰী ডি জিছুছেও বক্তব্য আগবঢ়ায় ।

বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞানগুৰু ড৹ জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠক, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড৹ অনুপ কুমাৰ দাস আৰু সহযোগী কৃষি গৱেষণা সঞ্চালক ড৹ মৃণাল কুমাৰ শইকীয়ায়ো বক্তব্য আগবঢ়ায় ।

উল্লেখ্য যে, এই আলোচনাত সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ, ইৰি আৰু এপাৰ্টৰ অসমৰ আৱাসিক সমন্বয়ক ড৹ বীৰেন্দ্ৰ কুমাৰ, এপাৰ্টৰ অল্টাৰনেটিভ নডেল অফিচাৰ ড৹ দেবানন্দ দাস প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ এপাৰ্টৰ গৱেষক, বিজ্ঞানী আৰু বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.