ETV Bharat / state

2019 বৰ্ষৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ তুষাৰ পালৰ - নিচামুক্ত সমাজ গঢ়া

প্ৰকৃততে কোন হয় তুষাৰ পাল ? ২০০৬ চনতে টীয়কৰ চেলেংহাটৰ দৰে গ্ৰাম্যাঞ্চলত অতি কষ্টেৰে আৰ্জিত নিজ পুঁজিৰে চেলেংহাট হেল্থ ক্লাৱ নামেৰে এটি শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি গ্ৰাম্যাঞ্চলত শৰীৰ চৰ্চাৰ পাতনি মেলিছিল বৰ্তমান ৫৬ বছৰীয়া বিৰল ব্যক্তিত্বৰ এই গৰাকী ব্যক্তিয়ে ৷ অৰ্থনীতি বিজ্ঞানত যোৰহাট কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি চাহ খেতিৰ লগত জড়িত হৈ এজন সফল ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে নিজৰ পৰিচয় দাঙি ধৰাৰ সমান্তৰালকৈ সমাজত কিবা এটা ইতিবাচক কাম কৰাৰ দুৰ্বাৰ হেপাহ ব্যক্তিজনৰ ৷

তুষাৰ পাললৈ 2019 বৰ্ষৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বটাঁ
author img

By

Published : Sep 19, 2019, 7:34 PM IST

টিয়ক,19 চেপ্টেম্বৰ: টিয়ক বাসীলৈ সু-খবৰ ৷ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অকলেই অভিযান চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা যোৰহাট জিলাৰ টিয়কস্থিত চেলেংহাটৰ আৱাসী তুষাৰ পাললৈ ২০১৯ চনৰ ড0 বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ৷ উল্লেখ্য যে ২০০৬ চনতে টীয়কৰ চেলেংহাটৰ দৰে গ্ৰাম্যাঞ্চলত অতি কষ্টেৰে আৰ্জিত নিজ পুঁজিৰে চেলেংহাট হেল্থ ক্লাৱ নামেৰে এটা শৰীৰ চৰ্চা কেন্দ্ৰ স্থাপন কৰি গ্ৰাম্যাঞ্চলত শৰীৰ চৰ্চাৰ পাতনি মেলিছিল বৰ্তমান ৫৬ বছৰীয়া বিৰল ব্যক্তিত্বৰ এই গৰাকী ব্যক্তিয়ে ৷ অৰ্থনীতি বিজ্ঞানত যোৰহাট মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি চাহ খেতিৰ লগত জড়িত হৈ এজন সফল ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে নিজৰ পৰিচয় দাঙি ধৰে তুষাৰ পালে ৷ ইয়াৰ সমান্তৰালকৈ সমাজত কিবা এটা ইতিবাচক কাম কৰাৰ দুৰ্বাৰ হেঁপাহ ব্যক্তিজনৰ ৷ তেখেতৰ মতে শৰীৰ তথা মন সুস্থ থাকিলেহে এখন সুন্দৰ সমাজ গঢ়িব পাৰি ৷

তুষাৰ পাললৈ 2019 বৰ্ষৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বটাঁ

উল্লেখযোগ্য যে ২০১০ চনত আগ্ৰাত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় ব'ডি বিল্ডিং প্ৰতিযোগিতাত মাষ্টাৰ শাখাত ব্ৰঞ্জৰ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় এইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে ৷ তাৰ পাচত তেওঁ ২০১২ চনত নিচা মুক্তি অভিযান শীৰ্ষক এক অভিযান হাতত লয় ৷ এই অভিযানৰ অংশ হিচাপে প্ৰথমে ৫০ কিলোমিটাৰ মাৰথন দৌৰাৰ উপৰিও চাইকেল চলাই টীয়কৰ পৰা ধুবুৰীলৈ মুঠ ৬২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ মাজত মাদকদ্ৰব্যৰ অপকাৰীতা সম্পৰ্কে সজাগতা আনিবলৈ চেষ্টা কৰে ৷

ইয়াৰোপৰি উজনি অসমৰ কলেজ বাছ আস্থান ব্যৱসায় প্ৰতিষ্ঠানকে ধৰি বিভিন্ন জিলাত অসম প্ৰেছ কৰেছপন্দেন্ট ইউনিয়নৰ যোৰহাট জিলা সমিতিৰ সহযোগত মাদকদ্ৰব্য সেৱন আৰু ইয়াৰ অপকাৰীতাক মূল বিষয় হিচাপে লৈ এই ক্ষেত্ৰত এক সজাগতা কাৰ্যসূচী হিচাপে প্ৰায় বিশ হাজাৰ গণ স্বাক্ষৰ কাৰ্যসূচী গ্ৰহণ কৰে তুষাৰ পালে ৷ এই গণ স্বাক্ষৰ কাৰ্যসূচী চৰকাৰক দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে ৷ আনহাতে বাবা ৰামদেৱৰ হৰিদ্বাৰস্থিত পতঞ্জলি যোগ কেন্দ্ৰত যোগাসনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত যোগ শিক্ষাৰ প্ৰশিক্ষক হিচাপেও নিয়োগ হৈ আছিল পাল ৷ ইয়াৰ পাচতে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে সমাজত সজাগতা আনিবলৈ বহুতো সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ উপৰিও বৰ্তমান তেখেতে তিনিখনকৈ ছুটি ছবি নিজা খৰচত নিৰ্মাণ কৰি ৰাইজৰ মাজত প্ৰদৰ্শন কৰি সজাগতা আনিবলৈ চেষ্টা কৰিছে ৷ শেহতীয়াকৈ তেখেতে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ নিচা মুক্তি অভিযান সম্পৰ্কে এক পত্ৰ প্ৰেৰণ কৰিছে আৰু প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰৰ সঁহাৰি লাভ কৰিছে বুলি জানিবলৈ দিছে তুষাৰ পালে ৷ নিচামুক্ত সমাজ গঢ়াৰ বাবে ব্যক্তি জনে কৰি অহা কৰ্মৰাজিৰ বাবে লাভ কৰে 2019 বৰ্ষৰ ড৹ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ৷

Intro:Body:নিচাযুক্ত সামগ্ৰীৰ বিৰোদ্ধে অকলেই অভিযান চলোৱা টীয়কৰ তুষাৰ পাললৈ ড° বি আৰ আম্বেডকাৰ বটাঁ
TEOK :২০০৬ চনতে টীয়কৰ চেলেংহাটৰ দৰে গ্ৰাম্যাঞ্চলত অতি কষ্টেৰে আৰ্জিত নিজ পুঁজিৰে চেলেংহাট হেল্থ ক্লাৱ নামেৰে এক শৰীৰ চৰ্চা কেন্দ্ৰ স্হাপন কৰি গ্ৰাম্যাঞ্চলত শৰীৰ চৰ্চাৰ পাতনি মেলে বৰ্তমান ৫৬ বছৰীয়া বিৰল ব্যক্তিত্বৰ ব্যক্তি গৰাকীয়ে। নাম তুষাৰ পাল।অৰ্থনীতি বিজ্ঞানত যোৰহাট কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি চাহ খেতিৰ লগত জড়িত হৈ এজন সফল ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে নিজৰ পৰিচয় দাঙি ধৰাৰ সমান্তৰালকে সমাজত কিবা এটা ইতিবাচক কৰ্ম কৰাৰ দুৰ্বাৰ হেপাঁহেৰে তেওঁ এই কেন্দ্ৰ স্হাপন কৰে যাতে গ্ৰাম্যাঞ্চলৰ যুৱপ্ৰজন্মৰ শৰীৰ মন সুস্থ হৈ থাকে।তেওঁৰ মতে শৰীৰ তথা মন সুস্থ থাকিলেহে এখন সুন্দৰ সমাজ গঢ়িব পাৰি। উল্লেখযোগ্য যে ২০১০ চনত আগ্ৰাত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় বডি বিল্ডিং প্ৰতিযোগিতাত মাষ্টাৰ শাখাত তাম্ৰ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় এইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে। তাৰ পাছত তেওঁ ২০১২ চনত নিচা মুক্তি অভিযান শীৰ্ষক এক অভিযান হাতত লয়। এই অভিযানৰ অংশ হিচাপে প্ৰথমে ৫০ কিলোমিটাৰ মাৰথান দৌৰ মৰাৰ উপৰিও চাইকেল চলাই টীয়কৰ পৰা ধুবুৰীলৈ মুঠ ৬২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ৰাইজৰ মাজত মাদকদ্ৰব্যৰ অপকাৰীতা সম্পৰ্কে সজাগতা আনিবলৈ চেষ্টা কৰে। লগতে উজনি অসমৰ কলেজ বাছ আস্থান ব্যৱসায় প্ৰতিস্থানকে ধৰি বিভিন্ন জিলাত অসম প্ৰেছ কৰ'ছপণ্ডেট ইউনিয়নৰ যোৰহাট জিলা সমাতিৰ সহযোগত মাদকদ্ৰব্য সেৱন আৰু ইয়াৰ অপকাৰীতাক মূল বিষয় হিচাপে লৈ এই ক্ষেত্ৰত এক সজাগতা কাৰ্যসূচী হিচাপে প্ৰায় বিশ হাজাৰ গন স্বাক্ষৰ কাৰ্যসূচী গ্ৰহণ কৰে আৰু এই গন স্বাক্ষৰ কাৰ্যসূচী চৰকাৰক দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে অসম বিধান সভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰে। বাবা ৰামদেৱৰ হৰিদুৱাৰৰ পতঞ্জলি যোগ কেন্দ্ৰত যোগাসনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত যোগ শিক্ষাৰ প্ৰশিক্ষক হিচাপেও পৰিচিত পালে নিচাযুক্ত সামগ্ৰীৰ বিৰোদ্ধে সমাজত সজাগতা আনিবলৈ বহুতো সজাগতামূলক সভা পতাৰ উপৰিও বৰ্তমান তেওঁ তিনিখনকৈ ছুটি ছবি নিজ খৰচত নিৰ্মাণ কৰি ৰাইজৰ মাজত প্ৰদৰ্শন কৰি সজাগতা আনিবলৈ চেষ্টা কৰিছে।শেহতীয়াকৈ তেওঁ ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ নিচা মুক্তি অভিযানৰ সম্পৰ্কে এক পত্ৰ প্ৰেৰণ কৰিছে আৰু প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰৰ সহাৰি লাভ কৰিছে বুলি জানিবলৈ দিছে। বৰ্তমান যুৱপ্ৰজন্ম ৮০ শতাংশই বিভিন্ন নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ কৰে যাৰ ফলত অতি কম দিনৰ ভিতৰতে ভৱিষ্যত প্ৰজন্ম শেষ হোৱাৰ উপক্ৰম ঘটিব বুলি আশংকা কৰিছে আৰু বৰ্তমান যুৱসমাজৰ অন্যতম ভয়ংকৰ ব্যাধি এই নিচাযুক্ত সামগ্ৰীসমূহৰ পৰা সকলোকে আতৰি থাকিবলৈ সকলোকে আহ্বান জনাইছে। লগতে তেওঁ জীয়াই থকা পৰ্যন্ত নিচা মুক্তি অভিযান চলাই যোৱাৰ দৃঢ় সংকল্প লৈছে।উল্লেখযোগ্য এই যে সুদীৰ্ঘ দিন কষ্ট আৰু ত্যাগৰ বিনিময়ত ২০১৯ চনৰ ৰাষ্ট্ৰীয় বটাঁ ড° বি আৰ আম্বেডকাৰ বটাঁ লাভ কৰি অসম তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পালে। তুষাৰ পালৰ এই কৃতকাৰ্যতাত টীয়কৰ বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠানে আদৰণি জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.