ETV Bharat / state

শিক্ষাবিদ ৰবীন্দ্ৰ নাথ দুৱৰাক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - last tribute to rabindra nath duwarah in teok

কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰবীন্দ্ৰ নাথ দুৱৰাক টীয়কত জ্ঞাপন কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ 17 ফেব্ৰুৱাৰীৰ নিশা যোৰহাটৰ মিছন হাস্পতালত স্বাস্থ্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰিছিল দুৱৰাই ৷

tribute to educationist rabin duwarah in teok

author img

By

Published : Feb 27, 2021, 7:08 AM IST

টীয়ক,27 ফেব্ৰুৱাৰী: যোৰহাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কাকজান আৰোহণ একাডেমী জুনিয়ৰ কলেজৰ ৰেক্টৰ আৰু টীয়কৰ পৰা প্ৰকাশিত 'গণবন্ধু' কাকতৰ সম্পাদক ৰবীন্দ্ৰ নাথ দুৱৰাক শুকুৰবাৰে টীয়কত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ টীয়ক অৰ্নিবাণ সাংস্কৃতিক গোষ্ঠীৰ প্ৰাক্তন সভাপতি তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত বলমা দুৱৰা গাঁৱৰ নিৱাসী ৰবীন দুৱৰাই 17 ফেব্ৰুৱাৰীৰ নিশা যোৰহাটস্থিত মিছন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ স্বাস্থ্যজনিত কাৰণৰ ফলতেই দুৱৰাৰ মৃত্যু ঘটে ৷

tribute to educationist rabin duwarah in teok
অন্যান্য সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও জ্ঞাপন কৰিলে শেষ শ্ৰদ্ধাঞ্জলি

প্ৰয়াত শিক্ষাবিদগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনটোতে কাকজান মহাবিদ্যালয়ৰ উদ্যোগত তথা আৰোহণ একাডেমী, কাকজান ফুটবল কোচিং চেন্টাৰ, কাকজান ক্ৰীড়া সন্থা, আলোক সন্ধানী মঞ্চ, পূৱ যোৰহাট প্ৰেছ ক্লাবৰ সহযোগত কাকজান মহাবিদ্যলয়ৰ খেলপথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

শুকুৰবাৰে অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টীয়কৰ লগতে কাকজানৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰয়াত শিক্ষাবিদ গৰাকীৰ অমৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

লগতে পঢ়ক: টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.