ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত আয়ুস মন্ত্ৰালয়ৰ ঔষধি গছৰ খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী

author img

By

Published : Feb 26, 2022, 8:07 AM IST

২৩ খন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীৰ অংশগ্ৰহণেৰে অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ঔষধি গছৰ খেতিৰ প্ৰশিক্ষণ দুদিনীয়া কাৰ্যসূচী(training program of medicinal plants) ৷

training-program-of-medicinal-plants-at-assam-agricultural-university
অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ঔষধি গছৰ প্ৰশিক্ষণ কাৰ্যসূচী

যোৰহাট, ২6 ফেব্ৰুৱাৰী: ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আৰু অসম কৃষি বিশ্ববিদ্যালয়(Assam Agricultural University)ৰ দ্বাৰা ৰূপায়িত প্ৰকল্পৰ অধীনত ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈ যায় 'অসমত ঔষধি গছৰ খেতিৰ সম্ভাৱনীয়তা' শীৰ্ষক দুদিনীয়া প্ৰশিক্ষণ(Possibility of medicinal plant cultivation in Assam) ৷ এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে ২৩ খন জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ৪৬ গৰাকী কৃষি বিজ্ঞানীয়ে । প্ৰশিক্ষণত ঔষধি গছৰ(Medicinal plants in Assam) সংসাধন আৰু বিপণন শীৰ্ষক বিষয়ত প্ৰশিক্ষাৰ্থীসকলক অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰমাকান্ত শৰ্মাই অৱগত কৰে ।

ড৹ ৰূপজ্যোতি বৰা আৰু ড৹ ভৃগু কুমাৰ নেওগৰ সঞ্চালনাত অনুষ্ঠিত প্ৰশিক্ষণত ব্ৰহ্মপুত্ৰ এৰ'মেটিক অইল ইণ্ড্ৰাষ্টীজৰ প্ৰবন্ধক ৰঞ্জিত বৰাই ঔষধি গছৰ খেতিৰ প্ৰায়োগিক দিশৰ ওপৰত আলোকপাত কৰে । এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড৹ ঈশ্বৰ চন্দ্ৰ বৰুৱা ,ড৹ সঞ্জীৱ শৰ্মা ,ড৹ বিকাশ হাজৰিকা,ড৹ মনোৰঞ্জন নেওগ,ড৹ ৰূপজ্যোতি বৰা আৰু ড৹ মনোজ কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰি প্ৰশিক্ষণ আগবঢ়ায় ।

লগতে পঢ়ক : থলগিৰিৰ কথাৰে মনোৰম গগৈৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.