তিতাবৰ, 21 ডিচেম্বৰ : তিতাবৰ ৰেলৰ খুন্দাত মৃত্যু হৈছে এটা নাহৰফুটুকীৰ । তিতাবৰ মেলামাটিৰ সমীপৰ টেকেলা গাঁৱত উদ্ধাৰ হৈছে নাহৰফুটুকীটোৰ মৃতদেহ । পুৱতি নিশা ৰেল আলি পাৰ হওতে ৰে‘লৰ খুন্দাত নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

লক্ষণীয় যে, দীৰ্ঘদিন ধৰি অঞ্চলটোৰ কেইবাটাও স্থানত ত্ৰাস চলাই আহিছিল নাহৰফুটুকীয়ে । বৰ্তমান অঞ্চলটোত কেইবাটাও বাঘে আশ্ৰয় লৈ থকাৰ ফলত আতংকিত হৈ আছে স্থানীয় ৰাইজ । ইফালে কোনো দুস্কৃতিকাৰীয়ে মৃত নাহৰফুটুকীটোৰ অংগ কাটি লৈ যোৱাৰো অভিযোগ উঠিছে ।
লগতে পঢ়ক: বিকল চাচনীৰ চেলেং গাঁৱৰ পানী যোগান আঁচনি